অসম লাইভ ২৪ঃ ক’ৰোনাত আক্ৰান্ত হৈ মৃত্যু হয় কংগ্ৰেছৰ সাংসদ ৰাজীৱ সাতৱৰ। ইয়াৰ পাছতে টুইটাৰত প্ৰধানমন্ত্ৰী মোদীক উভতি ধৰে কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীয়ে। ভাৰতৰ ভেকচিন বিদেশলৈ ৰপ্তানি কৰাক লৈ ক্ষুণ্ণ হৈ পৰিছে কংগ্ৰেছ। প্ৰিয়ংকা গান্ধীয়ে নিজৰ টুইটাৰ হেণ্ডেলৰ প্ৰফাইল পিকচাৰ সলনি কৰি তাত লিখিছে- ‘মোদীজী, আমাৰ দেশৰ শিশুৰ ভেকচিন কিয় বিদেশলৈ পঠাইছে?’ একেখন ফটোকে নিজৰ টুইটাৰ হেণ্ডেলত প্ৰধানমন্ত্ৰী মোদীক টেগ কৰি আপলোড কৰিছে কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীয়েও। ফটোখনৰ কেপচনত তেওঁ লিখিছে- ‘মোকো গ্ৰেপ্তাৰ কৰক’। উল্লেখযোগ্য যে এইখন ফটোৰে পোষ্ট দিয়াৰ বাবে দিল্লীত ইতিমধ্যে ২৫ জন লোকক গ্ৰেপ্তাৰ কৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















