অসম লাইভ ২৪ঃ এই ভয়াৱহ ক’ৰোনা কালত দেশৰ বহু দৃশ্যই সকলোৰে অন্তৰ-আত্মা কঁপাই গৈছে। মানৱতাক ভূলুণ্ঠিত কৰা বহু দৃশ্যই বিভিন্ন মহলত জোঁকাৰণিৰ সৃষ্টি কৰিলে। কিন্তু শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা এটা দৃশ্যই চকু কপালত তুলিছে সকলোৰে। ঘটনাটো পঞ্জাবৰ জলন্ধৰৰ। এজন দুর্ভগীয়া শ্ৰমিকৰ ১১ বছৰীয়া কন্যাৰ মৃত্যু হ’ল। ১১ বছৰীয়া কিশোৰীগৰাকীৰ মৃত্যুৰ সময়ত শৰীৰত দেখিবলৈ পোৱা গৈছিল ক’ৰনাৰ লক্ষণ। ক’ৰোনাৰ লক্ষণ থকা বাবে মৃত্যুৰ পাছতো সেই অঞ্চলৰ কোনো লোক আগবাঢ়ি নাহিল কিশোৰীগৰাকীক সৎকাৰৰ বাবে। উপায়ান্তৰ পিতৃয়ে কন্যাৰ মৃতদেহটো তুলি ল’লে কান্ধত। আৰু কান্দি কান্দি বুকুত শিল থৈ কন্যাৰ মৃতদেহ লৈ গ’ল শ্মশানলৈ। মাত্ৰ ৩৪ ছেকেণ্ডৰ এই হৃদয়বিদাৰক দৃশ্যটো প্ৰশাসনিক ব্যৱস্থাৰ ফোপোলা স্বৰূপ পুনৰবাৰ উদঙাই দিলে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ