কেতিয়াবা সীমা, কেতিয়াবা ছুইটী, কেতিয়াবা আকৌ সৰস্বতী! ভোটাৰ তালিকাত ভিন্ন ভিন্ন নাম৷ সকলো নামৰ বিপৰীতে কিন্তু এগৰাকী নাৰীৰেই ছবি? কোন সেই ৰহস্যময়ী নাৰী? কংগ্ৰেছ নেতা তথা লোকসভাৰ বিৰোধী দলনেতা ৰাহুল গান্ধীৰ দাবী, সেই ছবি ব্ৰাজিলৰ এগৰাকী মডেলৰ৷ দিল্লীত সাংবাদিক সন্মিলনত হাৰিয়ানা বিধানসভা নিৰ্বাচনত ভোটচুৰিৰ অভিযোগ তুলিছে ৰাহুল গান্ধীয়ে৷
২০২৪ চনত হাৰিয়ানাৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছক হৰুৱাই ক্ষমতালৈ আহিছে বিজেপি৷ ৰাহুলৰ অভিযোগ ভোটচুৰি কৰি সেই নিৰ্বাচনত জয়ী হৈছে পদ্মশিৱিৰ৷ কেৱল অভিযোগ তোলাই নহয় উদাহৰণো দাঙি ধৰিছে ৰাহুলে৷ ৰাহুল গান্ধীৰ দাবী হাৰিয়ানাৰ ভোটাৰ তালিকাত এগৰাকী ব্ৰাজিলিয়ান মডেলৰ ছবি ভিন্ন ভিন্ন নামৰ সৈতে ব্যৱহাৰ কৰা হৈছে৷ অন্তত ২২খন ভুৱা ভোটাৰ কাৰ্ডত সেই মডেলৰ ছবি ব্যৱহাৰ কৰি জালিয়াতি কৰিছে বিজেপিয়ে৷
কংগ্ৰেছ নেতাৰ এই দাবী যে হাৰিয়ানাত মুঠ দুই কোটি ভোটাৰ আছে৷ তাৰ মাজত ২৫ লাখেই ভুৱা৷ এই পৰিসংখ্যা তুলি ধৰি ৰাহুলৰ দাবী, হাৰিয়ানাৰ মুঠ ভোটাৰৰ প্ৰায় ১২ শতাংশই জালভোটাৰ৷ বিজেপিয়ে সেই ভুৱা ভোটাৰক কামত লগাই হাৰিয়ানাত জয়লাভ কৰিছে৷ তেওঁ কয়, হাৰিয়ানাৰ বিধানসভা নিৰ্বাচনত ডাঙৰ জালিয়াতি হৈছে৷ ৰাহুলৰ অভিযোগ, গণতান্ত্ৰিক প্ৰক্ৰিয়া নষ্ট কৰিবলৈ বিজেপিয়ে পৰিকল্পিত কৌশল ব্যৱহাৰ কৰিছে হাৰিয়ানাত৷ আৰু সকলো জানে নিৰ্বাচন কমিছনে৷ ৰাহুলৰ দাবী, ‘কংগ্ৰেছক হৰুৱাবলৈ হাৰিয়ানাত বিজেপি কমিছনৰ সৈতে বুজাপৰা হৈছে৷’ কংগ্ৰেছ নেতাগৰাকীয়ে কয়, ‘হাৰিয়ানাৰ বিধানসভা নিৰ্বাচনৰ প্ৰায় সকলো বুথফেৰত সমীক্ষাত নিশ্চিতভাৱে কোৱা হৈছিল কংগ্ৰেছ জিকিছে৷ কিন্তু ফলপ্ৰকাসৰ পাছত দেখা গৈছে ওলোটা ছবি৷ এয়া কেনেকৈ সম্ভৱ? ৰাহুলৰ দাবী, ‘হাৰিয়ানাৰ ইতিহাসত প্ৰথমবাৰ পোষ্টেল বেলটসমূহ প্ৰকৃত ভোটৰ সৈতে মিলা নাই৷’
ৰাহুল গান্ধীয়ে বিগত কেইবাদিনো ধৰি দাবী কৰিছে, তেওঁ বোমা বিস্ফোৰণ কৰাব৷ কি সেই বোমা এই লৈ নানান মহলত কৌতূহল চলিছিল৷ বুধবাৰে সাংবাদিক সন্মিলনত সেই বোমা ফুটুৱালে ৰাহুলে৷ অৰ্থাৎ হাৰিয়ানা বিধানসভা নিৰ্বাচনত ভোটচুৰিৰ অভিযোগ কৰিছে ৰাহুলে৷ অতীতত বাৰে বাৰে বিভিন্ন ৰাজ্যক লৈ একেই অভিযোগ কৰিছে ৰাহুলে৷ এইবাৰ হাৰিয়ানা৷ ৰাহুলে যিগৰাকী ব্ৰাজিলিয়ান মডেলৰ কথা কৈছে তেওঁৰ নাম মেথুজ ফেৰেৰো৷
ৰাহুলৰ দাবী, সেই ‘ব্ৰাজিলিয়ান মডেল’ য়ে হাৰিয়ানাত অন্তত ১০টা ভিন্ন বুথত ভোট দিছে৷ কিন্তু নাম ভিন্ন ভিন্ন৷ কেৱল এসই মডেলৰ ছবিয়েই নহয়, ৰাহুলে আৰু এগৰাকী মহিলাৰ কথা কৈছে৷ তেওঁৰ দাবী, হাৰিয়ানাৰ এক বিধানসভা কেন্দ্ৰত একেই মহিলাৰ ছবি সম্বলিত ১০০খন ভোটাৰ কাৰ্ড পোৱা গৈছে৷ তেওঁ উদাহৰণ হিচাপে এগৰাকী মহিলাৰ ছবি দেখুৱাইছে৷ ৰাহুলৰ দাবী, দুটা ভোটকেন্দ্ৰৰ ভোটাৰ তালিকাত অন্তত ২২৩বাৰ আছে৷ তেওঁৰ অভিযোগ, এই সকলো কথা লুকুৱাবলৈ কমিছন বুথৰ চিচিটিভি ফুটেজো নষ্ট কৰা হৈছে৷ যদিও নিৰ্বাচন কমিছনে ৰাহুলৰ দাবী খাৰিজ কৰিছে৷ তেওঁ জনায়, হাৰিয়ানাৰ ভোটাৰ তালিকাৰ বিৰুদ্ধে কোনো অভিযোগ জমা হোৱা নাই৷ কোনো গোচৰো তৰা হোৱা নাই৷ পঞ্জাৱ আৰু হাৰিয়ানা হাইকৰ্টত মাত্ৰ ২২ খন নিৰ্বাচনী আবেদন বিচাৰাধীন হৈ আছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















