অসম লাইভ২৪ঃ মোদী উপাধিক লৈ বিতৰ্কিত মন্তব্য কৰি সাংসদ পদ হেৰুৱাইছিল ৰাহুল গান্ধীয়ে। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত সাংসদ পদ পুনৰ লাভ কৰাৰ পাছতেই আকৌ বিতৰ্কত সোমাই পৰিল নেকি কংগ্ৰেছ সাংসদ ৰাহুল গান্ধী। বুধবাৰে প্রধানমন্ত্ৰীৰ বিৰুদ্ধে অধিৱেশনত অনাস্থা প্ৰস্তাৱ অনাৰ সময়তেই মন্ত্ৰী স্মৃতি ইৰাণীয়ে ৰাহুলৰ বিৰুদ্ধে আনিছে আন এটা অভিযোগ। ৰাহুল গান্ধীৰ বিৰুদ্ধে অভিযোগ যে, তেওঁ মহিলা সাংসদক উদ্দেশ্যি ‘ফ্লায়িং কিছ’ দিছিল। বুধবাৰে অনাস্থা প্ৰস্তাৱক লৈ সদন উত্তাল হৈ থকাৰ সময়তেই এই অভিযোগ আনিছে ৰাহুল গান্ধীয়ে। নিজৰ বক্তব্যত মোদীক তীব্ৰ আক্ৰমণৰ লক্ষ্য কৰি লৈছে ৰাহুল গান্ধীয়ে। তেওঁক অহংকাৰী ৰাৱণৰ সৈতেও তুলনা কৰিছে ৰাহুলে। ৰাহুলে তেওঁৰ ভাষণত কয়, ‘বিজেপিয়ে মণিপুৰক খণ্ডিত কৰি মণিপুৰক খণ্ডিত কৰিছে। ভাৰতমাতাক তেঁঁও হত্যা কৰিছে।’
ৰাহুলৰ বক্তব্য দেশ হোৱাৰ পাছতেই মন্ত্ৰী স্মৃতি ইৰাণীয়ে ভাষণ আৰম্ভ কৰে। ৰাহুলে কিন্তু সেই ভাষণ শুনিবলৈ সংসদত ৰাহুল উপস্থিত নাথাকিল। নিজৰ ভাষণ শেষ কৰিয়েই ৰাহুল সংসদ এৰি যায়গৈ। ৰাহুল নাথাকিলেও তেওঁ বিৰুদ্ধে অভিযোগ আনে স্মৃতি ইৰাণীয়ে। স্মৃতি ইৰাণীয়ে ফ্লায়িং কিছৰ অভিযোগ অনাৰ পাছতেই বিজেপিৰ কেইবাগৰাকীও মহিলা সাংসদে লোকসভাৰ অধ্যক্ষ ওম বিৰালাৰ ঘৰলৈ গৈ ৰাহুলৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছে। বিজেপিৰ মহিলা সাংসদসকলক লৈ অধ্যক্ষ ওম বিৰালাৰ ঘৰলৈ গৈছিল কৃষি ৰাজ্যিক মন্ত্ৰী শোভা কৰণদাজ। সংসদৰ ভিতৰত সেই বিষয়টোক লৈ স্মৃতি ইৰাণীয়ে ৰখা বক্তব্যত কয়, ‘ৰাহুল নাৰীবিদ্বেষী। কংগ্ৰেছে নাৰী সৱলীকৰণৰ কথা ক’লে নুশুৱাই। তেওঁলোকে কেৱল এইবোৰ ভাষণহে দিয়ে। কংগ্ৰেছ দলৰ সাংসদৰ আচৰণেই প্ৰমাণ কৰে যে তেওঁলোকে প্ৰকৃততে নাৰীক কেনে দৃষ্টিৰে চায়। ৰাহুল গান্ধীয়েও মহিলা সাংসদক চকু টিপ মাৰি অশালীন ইংগিত দি আহিছে। এইবাৰ ফ্লায়িং কিছো কৰিছে। সংসদৰ ভিতৰত এইধৰণৰ অভৱ্য আচৰণ অতীতত কাহানিও হোৱা নাছিল। আমি অধ্যক্ষৰ ওচৰত এই বিষয়ে আৰ্জি দিছো।’
ৰাহুল গান্ধীৰ বিৰুদ্ধে এই অভিযোগ অনাৰ পাছত বৰ্তমানলৈ বিষয়টোক লৈ কংগ্ৰেছ দলো কোনো প্ৰতিক্ৰিয়া ব্যক্ত কৰা নাই। মন্ত্ৰী স্মৃতি ইৰাণীয়ে এই অভিযোগ আনিলেও কোনো তথ্য প্ৰমাণ বা ছবি এতিয়াও দাখিল কৰা নাই বিজেপিৰ কোনো এগৰাকী মন্ত্ৰীয়েই। স্মৃতি ইৰাণীয়ে কিন্তু এই বক্তব্য ৰখাৰ সময়ত ক’তোৱেই ৰাহুল গান্ধীৰ নাম উল্লেখ কৰা নাই। নাম নোলোৱাকৈয়ে ৰাহুলকেই যে টাৰ্গেট কৰিছে সেই কথা তেওঁৰ ভাষণতেই স্পষ্ট হৈ পৰিছে। উল্লেখ্য যে ২০১৯ চনত ৰাহুলে আমেঠিত স্মৃতি ইৰাণীৰ হাততেই পৰাস্ত হৈছিল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















