অসম লাইভ২৪ঃ দেশজুৰি অব্যাহত আছে ভাৰত জোড়ো যাত্ৰা। ২০২২ বৰ্ষৰ ছেপ্টেম্বৰত আৰম্ভ হোৱা ভাৰত জোড়ো যাত্ৰাৰ নেতৃত্ব দিছে ৰাহুল গান্ধীয়ে। এই যাত্ৰাকালত ৰাহুলে দেশৰ বিভিন্ন স্থানৰ ব্যক্তিৰে সৈতে পোনপটীয়াকৈ মত বিনিময় কৰিবলৈ সুবিধা পোৱাৰ বিপৰীতে জনতাইয়ো ৰাহুলৰ ব্যক্তিত্বক কাষৰে পৰাই প্ৰত্যক্ষ কৰাৰ সুযোগ লাভ কৰিছে। সাংবাদিকেৰে সৈতে মিলিত হৈ ৰাহুলে বিভিন্নস্থানৰ পৰা মনোভাৱো ব্যক্ত কৰিছে। ৰাহুলে দিয়া এটি সাক্ষাৎকাৰে দেশজুৰি লাভ কৰিছে চৰ্চা।
সাক্ষাৎকাৰটোত ৰাহুলে বাইকৰ প্ৰতি থকা দুৰ্বলতাৰ কথা উল্লেখ কৰিছে। ৰাহুলে কৈছে, ‘মটৰ চাইকেল চলাই ভালপাওঁ। মটৰ চাইকেলত মোৰ বিশেষ পছন্দ আছে। ৰয়েল এনফিল্ড মোৰ বিশেষ পছন্দৰ বাইক নহয়।’
ইয়াৰোপৰি ৰাহুলে কয় যে, ৰাহুলৰ নিজাকৈ কোনো গাড়ী নাই। প্ৰয়োজনত মাতৃৰ গাড়ীকেই চলায়। বাইকৰ পছন্দক লৈ ৰাহুলে পুনৰ কয়, ‘মোক মটৰচাইকেল নিজাকৈ লাগেই বুলি কোনো কথা নাই। কিন্তু চলাই ভালপাওঁ। পুৰণা লেমব্ৰেখন নতুন R1 ৰ দৰেই। সেয়ে পুৰণাখনেই মোৰ বেছি ভাললাগে। ৰয়েল এনফ্লিডৰ ব্ৰেক আৰু বেলেন্স মোৰ ভাল নালাগে। মোৰ পছন্দৰ বিশেষ বাইক হৈছে RD 350, Yamaha ৰ বাইকো মোৰ বেয়া নালাগে। লণ্ডনত যেতিয়া আছিলো তেতিয়াই মটৰ চাইকেলৰ অভ্যাস গঢ় লৈ উঠিলে। তাত মোৰ এখন Aprilia RS 250 আছিল। সেইখনেই মোৰ প্ৰথম প্ৰেয়সীৰ স্থান লৈ আছিল। বৰ্তমান এই মডেলৰ গাড়ী ইটালীৰ Piaggio কোম্পানীয়ে নিৰ্মাণ কৰিছে। ভাৰততো সেই মডেল উপলব্ধ হয়। দাম প্ৰায় ৩ লাখ মান হয়তো হ’ব।’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ