অসম লাইভ২৪ঃ এইবাৰ কুলিৰ ভেশত থকা ৰাহুল গান্ধীৰ এখন ফটো খুবেই ভাইৰেল হৈ পৰিছে৷ বৃহস্পতিবাৰে পুৱা দিল্লীৰ আনন্দ বিহাৰ ৰেল ষ্টেচনত হঠাৎ কুলিৰ পোছাকত দেখা গৈছে ৱাইনাডৰ সাংসদ তথা কংগ্ৰেছ নেতা ৰাহুল গান্ধীক৷ ভাইৰেল এটা ভিডিঅ’ত ৰাহুল গান্ধীক ৰঙা পোছাক পৰিধান কৰি মূৰত এটা নীলা ট্ৰলীবেগ লৈ থকা দেখা গৈছে৷ ষ্টেচনত কুলিৰ সুবিধা অসুবিধাৰ বুজ ল’বলৈ গৈ এই ভেশ ধৰিছে ৰাহুলে৷ কুলিসকলৰ বিভিন্ন সমস্যাৰ বুজ লৈ তেওঁলোকক আশ্বাসো প্ৰদান কৰিছে কংগ্ৰেছ নেতা ৰাহুলে৷ কংগ্ৰেছে এক্স হেণ্ডেলত থকা তেঁওলোকৰ অফিচিয়েল পেজত এই ফটো শ্বেয়াৰ কৰি লিখিছে, ‘জননেতা ৰাহুলে দিল্লীৰ আনন্দ বিহাৰ ষ্টেচনত কুলিৰ সৈতে মিলিত হৈছে৷ তাত উপস্থিত হৈ মাল কঢ়িওৱা কুলিৰ সুবিধা অসুবিধাৰ বুজ লৈছে৷ এয়াও ভাৰত জোড়োস যাত্ৰাৰেই এক অংশ৷’
বিভিন্ন পেছাৰ মানুহৰ সৈতে মিলিত হৈ পূৰ্বেও বিভিন্ন বিষয়ত বাৰ্তালাপত মিলিত হৈছে ৰাহুল৷ জুন মাহত দিল্লীৰ কৰোল বাগ এলেকাত থকা এটা গেৰেজত মিস্ত্ৰিৰ সৈতে মিলিত হৈ বাইক মেৰামতিৰ কামো কৰিছিল ৰাহুলে৷ কংগ্ৰেছৰ অফিচিয়েল পেজত ৰাহুলে গেৰেজত বহি বাইক মেৰামতি কৰি থকা দেখা গৈছিল৷ ৰাহুলে নিজৰ ফেছবুক পেজতো সেই ফটো শ্বেয়াৰ কৰিছিল৷ একাধিকবাৰ সাধাৰণ মানুহ, শ্ৰমিক, কৃষকৰ সৈতে কথা পতা দেখা গৈছে ৰাহুলক৷
চলিত বৰ্ষত ৰাহুলে কৰা আমেৰিকা ভ্ৰমণত ৰাহুলক ৱাছিংটনৰ পৰা নিউয়ৰ্ক লৈ ট্ৰাকত ট্ৰাক ড্ৰাইভাৰৰ সৈতে যোৱাৰ ভিডিঅ’ও ভাইৰেল হৈ পৰিছিল৷ ভাৰতীয় বংশোদ্ভুতৰ ট্ৰাকচালকৰ দৈনন্দিন সমস্যাৰ বুজ লৈছিল ৰাহুলে৷ আমেৰিকাৰ পৰা আহি দিল্লী আৰু চণ্ডীগড়লৈ যোৱা ট্ৰাকসমূহৰ ড্ৰাইভাৰসকলৰ জীৱনশৈলী জনাৰ চেষ্টা কৰিছিল ৰাহুলে৷ এইবাৰ কৰ্ণাটকত নিৰ্বাচনী প্ৰচাৰৰ বাবে যাওঁতে স্কুটাৰ চলোৱাও দেখা গৈছিল ৰাহুলক৷ জুলাই মাহত আকৌ হাৰিয়ানাৰ মদিনা গাওঁত কৃষকৰ সৈতে ভুঁই ৰোৱলৈ গৈছিল ৰাহুল৷ তাতেই ট্ৰেক্টৰ চলাই, কৃষকৰ সৈতে বাৰ্তালাপ কৰি আহাৰো গ্ৰহণ কৰা দেখা গৈছিল ৰাহুল গান্ধীক৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ