অসমসহ দেশৰ ২০ খন ৰাজ্যত হাই এলাৰ্ট, ৯৯ খন ট্ৰেইন বাতিল
মুষলধাৰ বৰষুণ সন্দৰ্ভত বতৰ বিজ্ঞান বিভাগে আজি ২০খন ৰাজ্য সন্দৰ্ভত সতৰ্কবাণী জাৰি কৰিছে। এই ৰাজ্যসমূহৰ ভিতৰত অসমৰ লগতে উত্তৰ-পূবৰ ৰাজ্য মেঘালয়, মণিপুৰ, নাগালেণ্ড, ত্ৰিপুৰা, অৰুণাচল প্ৰদেশ আৰু ৰাজস্থান, হাৰিয়ানা, চণ্ডীগড়, পঞ্জাৱ, উত্তৰাখণ্ড, হিমাচল প্ৰদেশ, জম্মু-কাশ্মীৰ, কৰ্ণাটক, কেৰালা, মহাৰাষ্ট্ৰ, গুজৰাট, মধ্যপ্ৰদেশ, ছিকিম, পশ্চিম বংগ অন্যতম।
ইয়াৰ পূৰ্বে যোৱা দুদিন ধৰি অন্ধ্ৰ প্ৰদেশ, ওড়িশা আৰু তেলেংগানাত হোৱা প্ৰচণ্ড বৰষুণে বিধ্বংসী ৰূপ ধাৰণ কৰিছে। তেলেংগানাত ইতিমধ্যে ৯ জন লোকৰ মৃত্যু। সমুদ্ৰম আৰু মহাবুবাবাদৰ মাজৰ ৰেলপথটো খহি গৈছে। ইয়াৰ বাবে দিল্লী-বিজয়াৱাড়া পথত সকলো ৰে’ল বন্ধ কৰি দিয়া হৈছে। চাউথ চেণ্ট্ৰেল ৰেলৱেই ৯৯খন ৰে’ল বাতিল কৰি ৫৪খন ৰে’ল ডাইভাৰ্ট কৰে। আজিও বন্ধ থাকিব ৰাজ্যৰ সকলো প্ৰাথমিক বিদ্যালয়।
আনহাতে সম্ভাৱ্য বানপানীৰ পৰিপ্ৰেক্ষিতত অন্ধ্ৰ প্ৰদেশৰ ৫খন জিলাৰ ২৯৪খন গাঁৱৰ পৰা ১৭ হাজাৰ লোকক নিৰাপদ স্থানলৈ স্থানান্তৰ কৰা হৈছে। লগতে বানাক্ৰান্ত অঞ্চলত আবদ্ধ হৈ থকা ৬০০ লোকক উদ্ধাৰ কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডু আৰু তেলেংগানাৰ মুখ্যমন্ত্ৰী এ ৰেৱন্ত ৰেড্ডীৰ সৈতে কথা পাতি তেওঁলোকৰ ৰাজ্যত বৰষুণ আৰু বানপানীৰ ফলত উদ্ভৱ হোৱা পৰিস্থিতিৰ বিষয়ে সোধা-পোছা কৰে।
গুজৰাটৰ বাবে গঠন কৰা আন্তঃমন্ত্ৰালয়ৰ দলে গুজৰাটত হোৱা বৰষুণ আৰু বানপানীৰ ফলত হোৱা ক্ষতিৰ মূল্যায়ন কৰিবলৈ আন্তঃমন্ত্ৰালয়ৰ দল গঠন কৰিছে। ইয়াৰ নেতৃত্বত আছে নেশ্যনেল ইনষ্টিটিউট অৱ ডিজাষ্টাৰ মেনেজমেণ্টৰ কাৰ্যবাহী সঞ্চালক। শীঘ্ৰে এই দলটোৱে ৰাজ্যৰ বানাক্ৰান্ত জিলাসমূহ পৰিদৰ্শন কৰিব। বৰষুণ আৰু বানাক্ৰান্ত দেৱভূমি দ্বাৰকাৰ মাজত সাহায্য আৰু উদ্ধাৰৰ কামত নিয়োজিত এনডিআৰএফৰ ষষ্ঠ বেটেলিয়নৰ পৰিদৰ্শক ৰাজেশ কুমাৰ মাহলাৱাটে বদোদৰাত প্ৰবল বৰষুণ দি থকা বুলি জানিবলৈ দিয়ে।
দেওবাৰে দক্ষিণ চেণ্ট্ৰেল ৰে’লৱে বাতিল কৰিলে মুঠ ৯৯খন ৰে’ল আৰু ৫৪খন ডাইভাৰ্ট। যিবোৰ ৰে’লৰ পথ সলনি কৰা হৈছে সেইবোৰৰ ভিতৰত আছে দনাপুৰ-বাংগালুৰু, নিজামুদ্দিন-কন্যাকুমাৰী, চি এছ টি মুম্বাই-ভুৱনেশ্বৰ আৰু তাম্বাৰম-হায়দৰাবাদ এক্সপ্ৰেছ।
হিমাচল প্ৰদেশতো বৰষুণে বিধ্বংসী ৰূপ ধাৰণ কৰিছে। ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ প্ৰতিবেদন অনুসৰি এই বাৰিষাত ভূমিস্খলন, বানপানী আৰু ডাৱৰ বিস্ফোৰণৰ ফলত ৬৪ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ৩০ জন লোক এতিয়াও সন্ধানহীন হৈ আছে। বৰষুণৰ ফলত হোৱা আন আন ঘটনাত মুঠ ২৭১ জন লোকে প্ৰাণ হেৰুৱাইছে যদিও ৪২৩ জন লোক আহত হৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ