জুবিন এক মহান আত্মা, জুবিন এক পূণ্য আত্মা৷ এক পূণ্য আত্মা আমাৰ মাজৰ পৰা কায়িকভাৱেহে গৈছে৷ দৈহিক ভাৱে নাথাকিলেও অসম থকালৈকে, মাটি থকালৈকে, বায়ু থকালৈকে জুবিন আমাৰ মাজত জীয়াই থাকিব৷ আশা কৰিছো তেওঁৰ আত্মা সুখত থাকক, যতেই আছে তেওঁ ভালকৈ থাকক৷
আমি আকৌ কেতিয়া জুবিনক পাম নাজানো৷ অসমৰ ৰাইজে যাতে তেওঁৰ আধৰুৱা কামসমূহ আগুৱাই নিয়ে৷ তেওঁ পশু-পখী ভালপাইছিল তেওঁৰ এইসমূহ কাৰ্যকলাপক শ্ৰদ্ধাসহকাৰে অসমবাসীয়ে কৰি যাওক৷ মই জুবিন গাৰ্গক ১৬ তাৰিখে লগ পাইছিলো৷ তেতিয়াও তেওঁ সুস্থ নাছিল৷ অসুস্থই আছিল জুবিন৷ বাকীখিনি মই একো নাজানো৷ মই কেৱল জুবিনৰ সাংগীতিক ক্ষেত্ৰৰ সৈতেহে জড়িত আছিলো৷ জুবিনৰ কামবোৰ সুকলমে হৈ যাওক৷ তাৰপিছত বাকীবোৰ দিশ চাম৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















