আছে ৮ সন্তান৷ সন্তানসকলৰ বয়সো ৫০ পাৰ হৈছে৷ নাতি-নাতিনীসকলৰো বিবাহ প্ৰায়সংখ্যকৰেই সম্পন্ন হৈছে৷ কিন্তু তেতিয়ালৈকে লিভ ইন ৰিলেশ্ব্যনচিপতেই আছে ককাক-আইতাক৷ অৰ্থাৎ ৭০ বছৰ ধৰি লিভ ইন ৰিলেশ্ব্যনচিপত থকাৰ পাছত অৱশেষত বিয়াত বহিল নব্বৈৰ ঘৰ গৰকা ককা-আইতাই৷
বিবাহ মানে ধুমধামেৰেই বিবাহ৷ আহিল ডি জে, মাইক সকলো৷ সমগ্ৰ গাওঁবাসীক মাতি বৰভোজ পাতি বিবাহ সম্পন্ন কৰিলে ৰামাভাই খাৰাৰি আৰু জিওৱালী দেৱীয়ে৷ ৰাজস্থানৰ ডুঙাৰপুৰ জিলাৰ বাসিন্দা দুয়ো৷ এগৰাকীৰ বয়স ৯৫ বছৰ আৰু আনগৰাকীৰ বয়স ৯০ বছৰ৷ দীৰ্ঘ ৭০ বছৰ একেলগে আছে তেওঁলোক৷ অথচ ইমান দিনে একেলগে থাকিও দুয়োৱে বিবাহ কৰোৱা নাছিল৷ শেষ জীৱনতহে তেওঁলোকে বিবাহৰ সিদ্ধান্ত লয়৷ এই বিবাহত আপত্তি নাই কৰা ৪ সন্তান আৰু নাতি-নাতিনীয়েও৷
বৃদ্ধ-বৃদ্ধাৰ ইচ্ছা জনাৰ পাছতেই দেৰী নকৰিলে পুত্ৰ কন্যাই৷ বিবাহৰ সমস্ত আচাৰ অনুষ্ঠান পালন কৰা হয়৷ সমগ্ৰ গাওঁবাসীকেই বিবাহৰ বাবে আমন্ত্ৰণো জনোৱা হয়৷ বৃদ্ধ-বৃদ্ধাৰ এগৰাকী পুত্ৰ কান্তিলাল খাৰাৰিয়ে কয়, তেওঁলোকে বিবাহৰ ইচ্ছা প্ৰকাশ কৰিছে৷ পৰিয়ালৰ কাৰোৱে বাধা নাই৷ আমি সমূহ নিয়ম পালন কৰিছো৷ সমগ্ৰ গাওঁবাসী বিবাহৰ অনুষ্ঠানত উপস্থিত আছিল৷ সকলোৱেই খুব সুখী৷’ তেওঁলোকৰ বিবাহৰ ভিডিঅ ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ


















