অসম লাইভ ২৪ঃ একেটা পৰিয়ালৰে ১১ গৰাকী লোকৰ মৃত্যু। আজি উদ্ধাৰ হৈছে একেলগে ১১ টা মৃতদেহ। পথাৰৰ মাজত থকা এটা জুপুৰি ঘৰত উদ্ধাৰ হৈছে মৃতদেহকেইটা। মৃত্যুৰ কোনো কাৰণ এই পর্যন্ত উদ্ধাৰ কৰিব পৰা নাই আৰক্ষীয়ে। পৰিয়ালটোৰ মাত্ৰ এগৰাকী লোকক আৰক্ষীয়ে জীৱন্তে উদ্ধাৰ কৰিছে যদিও তেওঁ জনাব পৰা নাই কোনো কাৰণ। বিষাক্ত খাদ্য গ্ৰহণ বা বিষপানৰ ফলত পৰিয়ালটোৰ আটাইৰে একেলগে মৃত্যু হোৱা বুলি আৰক্ষীয়ে সন্দেহ কৰিছে। কাৰণ এটা মৃতদেহতো নাই কোনো আঘাতৰ চিন। ৰাজস্থানৰ যোধপুৰৰ এখন গাঁৱত আশ্ৰয় লৈ থকা এটা পাকিস্তানী হিন্দু পৰিয়ালত সংঘটিত হ’ল এই মর্মান্তিক ঘটনা। এখন খেতিপথাৰত এটা জুপুৰি সাজি বাস কৰিছিল পৰিয়ালটোৱে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ


















