• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৩০০০ৰো অধিক বোমা পেলাইছিল পাকিস্তানে! এটাও নুফুটিল, ভাৰতীয় সেনাৰ প্ৰাণ ৰক্ষা কৰিছিল এগৰাকী দেৱীয়ে?

৩০০০ৰো অধিক বোমা পেলাইছিল পাকিস্তানে! এটাও নুফুটিল, ভাৰতীয় সেনাৰ প্ৰাণ ৰক্ষা কৰিছিল এগৰাকী দেৱীয়ে?

2 years ago
উথালিয়া(লিম্বুছা) জুবিনগাৰ্গি’,  প্ৰকৃতি ভালপোৱা জুবিনৰ নামেৰে এক নতুন প্ৰজাতিৰ পখিলাৰ নামকৰণ

উথালিয়া(লিম্বুছা) জুবিনগাৰ্গি’, প্ৰকৃতি ভালপোৱা জুবিনৰ নামেৰে এক নতুন প্ৰজাতিৰ পখিলাৰ নামকৰণ

1 hour ago
SBIৰ পৰা ৪০ লাখ টকাৰ গৃহঋণ পাবলৈ দৰমহা কিমান হ’ব লাগিব? কিমান EMI দিব লাগিব?

SBIৰ পৰা ৪০ লাখ টকাৰ গৃহঋণ পাবলৈ দৰমহা কিমান হ’ব লাগিব? কিমান EMI দিব লাগিব?

2 hours ago
ATMৰ পৰা জালনোট ওলালে কি কৰিব? সলনি কৰাৰ উপায় জানেনে?

ATMৰ পৰা জালনোট ওলালে কি কৰিব? সলনি কৰাৰ উপায় জানেনে?

2 hours ago
২২০০ টকাৰ মাহিলী বিনিয়োগত অতিৰিক্ত ২৫০০০ টকা সুদ, কেনেকৈ বিনিয়োগ কৰিব? জানি থওক এই চৰকাৰী প্ৰকল্পৰ সবিশেষ

২২০০ টকাৰ মাহিলী বিনিয়োগত অতিৰিক্ত ২৫০০০ টকা সুদ, কেনেকৈ বিনিয়োগ কৰিব? জানি থওক এই চৰকাৰী প্ৰকল্পৰ সবিশেষ

3 hours ago
এই বিষয়ক লৈ মানুহৰ কৌতুহল বেছি! লজ্জাবোধৰ বাবেই গুগলক সোধে এই ১০ টা প্ৰশ্ন

এই বিষয়ক লৈ মানুহৰ কৌতুহল বেছি! লজ্জাবোধৰ বাবেই গুগলক সোধে এই ১০ টা প্ৰশ্ন

3 hours ago
পুৱাই উঠি চাহ-কফি, ফলৰ ৰস খায়? পুৱাতেই এইকেইবিধ পানীয় সেৱন নকৰিবই অন্যথা…

পুৱাই উঠি চাহ-কফি, ফলৰ ৰস খায়? পুৱাতেই এইকেইবিধ পানীয় সেৱন নকৰিবই অন্যথা…

4 hours ago
বিহাৰৰ এক প্ৰাইভেট মেডিকেলৰ নাৰ্চৰ ইউনিফৰ্ম দেখি হতবাক দেশবাসী, সঁচাকৈয়ে এয়া নাৰ্চৰ ইউনিফৰ্ম নে?

বিহাৰৰ এক প্ৰাইভেট মেডিকেলৰ নাৰ্চৰ ইউনিফৰ্ম দেখি হতবাক দেশবাসী, সঁচাকৈয়ে এয়া নাৰ্চৰ ইউনিফৰ্ম নে?

4 hours ago
‘হট বেডিং’, বিছনাৰ এটা কাষ ভাড়া দিয়েই লাখপতি এগৰাকী যুৱতী, ক’ত কেনেকৈ কোনে আৰম্ভ কৰিছে ‘হট বেডিং’?

‘হট বেডিং’, বিছনাৰ এটা কাষ ভাড়া দিয়েই লাখপতি এগৰাকী যুৱতী, ক’ত কেনেকৈ কোনে আৰম্ভ কৰিছে ‘হট বেডিং’?

4 hours ago
পেট্ৰলত ১৩ টকাৰ পৰা কমি ৩ টকা, ডিজেলত এক্সাইজ ডিউটি শূন্য, কেন্দ্ৰই কৰিলে ডাঙৰ ঘোষণা

পেট্ৰলত ১৩ টকাৰ পৰা কমি ৩ টকা, ডিজেলত এক্সাইজ ডিউটি শূন্য, কেন্দ্ৰই কৰিলে ডাঙৰ ঘোষণা

5 hours ago
বেংকৰ লকাৰত আপুনি কিমান সোণ ৰাখিব পাৰে? ১০ গ্ৰাম, ১০০ গ্ৰাম, ৫০০ গ্ৰাম?

বেংকৰ লকাৰত আপুনি কিমান সোণ ৰাখিব পাৰে? ১০ গ্ৰাম, ১০০ গ্ৰাম, ৫০০ গ্ৰাম?

6 hours ago
শিশু জন্ম হ’লেই লগে লগে DNA টেষ্ট বাধ্যতামূলক, ক’ত আৰম্ভ হৈছে এই নিয়ম? কিয় ইমান জৰুৰী জিনৰ পৰীক্ষা?

শিশু জন্ম হ’লেই লগে লগে DNA টেষ্ট বাধ্যতামূলক, ক’ত আৰম্ভ হৈছে এই নিয়ম? কিয় ইমান জৰুৰী জিনৰ পৰীক্ষা?

7 hours ago
বিমান দুৰ্ঘটনাতো মৃত্যু নহ’ল, ৭বাৰকৈ যমৰ দুৱাৰৰ পৰা ওভতি অহা বিশ্বৰ আটাইতকৈ লাকী ব্যক্তিয়ে জয় কৰিছিল ৫ কোটি লটাৰীও, কোন এই ব্যক্তি?

বিমান দুৰ্ঘটনাতো মৃত্যু নহ’ল, ৭বাৰকৈ যমৰ দুৱাৰৰ পৰা ওভতি অহা বিশ্বৰ আটাইতকৈ লাকী ব্যক্তিয়ে জয় কৰিছিল ৫ কোটি লটাৰীও, কোন এই ব্যক্তি?

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, March 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

৩০০০ৰো অধিক বোমা পেলাইছিল পাকিস্তানে! এটাও নুফুটিল, ভাৰতীয় সেনাৰ প্ৰাণ ৰক্ষা কৰিছিল এগৰাকী দেৱীয়ে?

editor by editor
October 31, 2023
in বিবিধ, ভাৰত, লেখা
0
৩০০০ৰো অধিক বোমা পেলাইছিল পাকিস্তানে! এটাও নুফুটিল, ভাৰতীয় সেনাৰ প্ৰাণ ৰক্ষা কৰিছিল এগৰাকী দেৱীয়ে?
0
SHARES
958
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ প্ৰতিকূল অৱস্থাত পৰিলে প্ৰায়সংখ্যকেই উপাস্য দেৱতাক স্মৰণ কৰে, প্ৰাৰ্থনা কৰে। ঈশ্বৰৰ প্ৰতি বিশ্বাসেই প্ৰায়সংখ্যক লোকক প্ৰতিকূলতাৰ পৰা উদ্ধাৰ হোৱাত সাহস যোগায়। মুখে মুখে বাগৰি অহা তেনে এক সত্য আছে ভাৰতীয় সেনাবাহিনীৰ সকলৰো। ভাৰতীয় সেনাই ঈশ্বৰক কৰা স্মৰণেই সলাই দিছিল কাহিনী। এই কাহিনী ৰাজস্থানৰ লোঙ্গেবালা সীমান্তৰ তনোট মন্দিৰৰ। কথিত কাহিনী অনুসৰি দেৱী তনোটৰ কৃপাতেই পাকিস্তানী বোমাই সেই মন্দিৰ সংলগ্ন এলেকাৰ ক্ষতি কৰিব নোৱাৰিলে। মন্দিৰ চত্বৰ আৰু আশে পাশে থকা এলেকাত পাকিস্তানে পেলোৱা এটা বোমাও বিস্ফোৰণ নহ’ল। স্থানীয় লোকসকলে এয়া দেৱী তনোটৰেই কৃপা বুলি মানি আহিছে। ১৯৬৫ আৰু ১৯৭১ চনৰ যুদ্ধত পাক সেনাৰ সৈতে হোৱা যুদ্ধত ৰাজস্থানৰ জয়ছলমেৰ চহৰত ১৫০ কিঃমিঃ দূৰত তনোট দেৱীৰ মন্দিৰ আছে। বহু বছৰ ধৰি সেই মন্দিৰ পৰ্যটকসকলৰ আকৰ্ষণৰ অন্যতম কেন্দ্ৰ।

তনোট হ’ল ৰাজস্থানৰ ভাৰত-পাক সীমান্তবৰ্তী এখন গাওঁ। দেৱী তনোটৰ এই নামেৰেই এই গাওঁৰ নামকৰণ কৰা হৈছে। কথিত অনুসৰি দেৱী হিংলাজৰ এটা ৰূপ হৈছে দেৱী তনোট। তাৰপাছতেই তেওঁ কৰ্নী মাতাৰ ৰূপ ধাৰণ কৰিছে। অষ্টম শতাব্দীৰ প্ৰথমভাগতেই ৰাজস্থানৰ তনোট দেৱীৰ মন্দিৰ নিৰ্মাণ হৈছিল। ১৯৬৫ চনত ভাৰত-পাক যুদ্ধৰ সময়ত ৰাজস্থান সীমান্তত পাকিস্তানী আক্ৰমণৰ সময়ত পিছুৱাই আহিছিল ভাৰতীয় সেনা। পাকিস্তানৰ গোলা বাৰুদৰ জৱাব দিবৰ বাবে ভাৰতীয় সেনাৰ হাতত পৰ্যাপ্ত পৰিমানৰ অস্ত্ৰ-শস্ত্ৰও নাছিল। যাৰবাবে পিছুৱাই আহিবলগা হৈছিল ভাৰতীয় সেনা। পাকিস্তানী সেনাই সেই সুযোগ গ্ৰহণ কৰিয়েই কিষাণগড়সহ বিস্তীৰ্ণ এলেকা নিজৰ দখললৈ নিছিল।

সেই এলেকাত থকা ভাৰতীয় সেনাসকলৰ মাজত একপ্ৰকাৰ হাৰি যোৱাৰ ক্ষোভেও ঠাই পাইছিল। সেই সময়ত ভাৰতৰ ১৩ গ্ৰেনেডিয়াৰ বাহিনীয়ে নিজৰ সেনাঘাঁটি ৰক্ষা কৰাৰ বাবে যুদ্ধ চলাই আছিল। ১৯৬৫ চনত ১৭ নৱেম্বৰত তনোট দেৱীৰ মন্দিৰৰ নিচেই কাষতে থকা সেনা ঘাঁটিত পাক সেনাই আক্ৰমণ কৰে। আক্ৰমণৰ সময়ত বোমাসমূহ মন্দিৰ প্ৰাংগনৰ কাষতেই ওফৰি পৰিছিল। কিন্তু এইদৰে অহা সকলোবোমাই পৰাৰ লগে লগেই নিষ্ক্ৰিয় হৈ পৰিছিল। অৰ্থাৎ এটাও বোমা বিস্ফোৰণ হোৱা নাছিল। আক্ৰমণৰ সময়ত আশ্চৰ্যজনকভাৱে দলিয়াই দিয়া এটা বোমাৰো বিস্ফোৰণ ঘটা নাছিল।

১৭ৰ পৰা ১৯ নৱেম্বৰ পৰ্যন্ত তনোট মন্দিৰৰ আশেপাশে কেইবাশ বোমা দলিয়াইছিল পাক সেনাই। কথিত কাহিনী অনুসৰি দেৱীে নিজেই ভাৰতীয় সেনা জোৱানৰ সপোনত আহি প্ৰতিশ্ৰুতি দিছিল যে এই মন্দিৰৰ আশেপাশে থাকিলে সকলোৰে প্ৰাণ ৰক্ষাৰ দায়িত্ব তেওঁ নিজে ল’ব। ১৯৬৫ চনৰ যুদ্ধত পাছলৈ ভাৰতৰ হাতত পাক সেনা পৰাস্ত হয়। এই যুদ্ধত পাকিস্তানক পৰাভূত কৰাৰ পাছতেই মন্দিৰৰ দায়িত্ব লয় বিএছএফ জোৱানে। বিএছএফ মন্দিৰৰ চত্বৰতেই এটা সেনাঘাটিও নিৰ্মাণ কৰে বিএছএফে। বৰ্তমান পৰ্যন্ত এই তনোট মন্দিৰ বিএছএফেই পৰিচালিত কৰি আছে।

১৯৭১ চনত আকৌ এবাৰ চমৎকাৰ দেখুৱালে তনোট দেৱীয়ে। ‘৭১ৰ যুদ্ধত পাক সেনাই ছাদেওৱালাৰ পৰিবৰ্তে লোঙ্গেবালা ঘাটিত আক্ৰমণ কৰে। এই ঘাঁটিটোও মন্দিৰৰ নিচেই কাষত আছে। মেজৰ কুলদীপ সিং চান্দপুৰীৰ নেতৃত্বত ১২০ জন সেনাই লোঙ্গেবালা ঘাঁটিত পহৰা দি আছিল। বিভিন্ন প্ৰতিকূলতা থকা সত্ত্বেও সেই ঘাঁটিত থকা সেনাসকলে একমাত্ৰ তনোট দেৱীৰ ওপৰত ভৰষা ৰাখিয়েই সেই স্থানত আছিল। ৭১ৰ ৪ ডিচেম্বৰত পাকিস্তানৰ এটা সেনা দলে সেই ঘাঁটিত আক্ৰমণ চলায়। কিন্তু সেইবাৰো পাক সেনাৰ এটা বোমাও নুফুটিল। এই আক্ৰমণত ভাৰতীয় মুষ্টিমেয় সেনাৰ হাতত বৃহৎ পাক আক্ৰমণকাৰী দলে পৰাজয় স্বীকাৰ কৰে। ৭১ৰ যুদ্ধৰ পাছতেই তনোট দেৱীৰ মন্দিৰৰ খ্যাতি সমগ্ৰ দেশতে বিয়পি পৰিল। এই মন্দিৰৰ ভিতৰত এটা জাদুঘৰ নিৰ্মাণ কৰি উলিয়াইছে বিএছএফ জোৱানে।

সেই অঞ্চলৰ স্থানীয় লোকৰ ভাষ্য অনুসৰি ১৯৬৫ আৰু ১৯৭১ ৰ যুদ্ধত মন্দিৰৰ চৌপাশে প্ৰায় ৩ হাজাৰৰো অধিক বোমা পেলোৱা হৈছিল। কিন্তু এই বোমাসমূহৰ এটাও বোমা নুফুটিল। মন্দিৰ চৌহদৰ ভিতৰতেই বিএছএফে জাদুঘৰ নিৰ্মাণ কৰি সেই বোমাসমূহ সংৰক্ষণ কৰি ৰাখিছে। লোঙ্গেবালাৰ জয়ক চিৰস্মৰণীয় কৰি ৰাখিবৰ বাবেই মন্দিৰ প্ৰাঙ্গলত এটা বিজয়স্তম্ভও নিৰ্মাণ কৰিছে ভাৰতীয় সেনাই। ১৯৭১ চনত লোঙ্গেবালা সীমান্তত ভাৰত পাক সেনাৰ সংঘাতৰ ওপৰত ভিত্তি কৰি নিৰ্মিত হৈছিল বিখ্যাত বলীউড ছবি ‘বৰ্ডাৰ’। কেনেকৈ সেই সীমান্তত ১২০ জন সেনাই দুই হাজাৰৰো অধিক পাকিস্তানী সেনাক পৰাস্ত কৰিছিল সেই কাহিনীকেই ছবিখনত দেখুওৱা হৈছে। সেই ছবিতেই তনোট দেৱীৰ ওপৰত সেনাৰ ভৰষাৰ দৃশ্যও দেখুওৱা হৈছিল।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assam live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

SBIৰ পৰা ৪০ লাখ টকাৰ গৃহঋণ পাবলৈ দৰমহা কিমান হ’ব লাগিব? কিমান EMI দিব লাগিব?
জীৱনশৈলী

SBIৰ পৰা ৪০ লাখ টকাৰ গৃহঋণ পাবলৈ দৰমহা কিমান হ’ব লাগিব? কিমান EMI দিব লাগিব?

March 27, 2026
ATMৰ পৰা জালনোট ওলালে কি কৰিব? সলনি কৰাৰ উপায় জানেনে?
জীৱনশৈলী

ATMৰ পৰা জালনোট ওলালে কি কৰিব? সলনি কৰাৰ উপায় জানেনে?

March 27, 2026
২২০০ টকাৰ মাহিলী বিনিয়োগত অতিৰিক্ত ২৫০০০ টকা সুদ, কেনেকৈ বিনিয়োগ কৰিব? জানি থওক এই চৰকাৰী প্ৰকল্পৰ সবিশেষ
জীৱনশৈলী

২২০০ টকাৰ মাহিলী বিনিয়োগত অতিৰিক্ত ২৫০০০ টকা সুদ, কেনেকৈ বিনিয়োগ কৰিব? জানি থওক এই চৰকাৰী প্ৰকল্পৰ সবিশেষ

March 27, 2026
এই বিষয়ক লৈ মানুহৰ কৌতুহল বেছি! লজ্জাবোধৰ বাবেই গুগলক সোধে এই ১০ টা প্ৰশ্ন
জীৱনশৈলী

এই বিষয়ক লৈ মানুহৰ কৌতুহল বেছি! লজ্জাবোধৰ বাবেই গুগলক সোধে এই ১০ টা প্ৰশ্ন

March 27, 2026
Next Post
‘মোদীৰ আত্মা আদানীৰ শৰীৰত সোমাই আছে!’ মহুৱা মৈত্ৰৰ ফোন হেকিঙক লৈ আদানীৰ প্ৰসংগ টানি কি ক’লে ৰাহুল গান্ধীয়ে?

'মোদীৰ আত্মা আদানীৰ শৰীৰত সোমাই আছে!’ মহুৱা মৈত্ৰৰ ফোন হেকিঙক লৈ আদানীৰ প্ৰসংগ টানি কি ক’লে ৰাহুল গান্ধীয়ে?

‘অচিৰেই গ্ৰেপ্তাৰ হ’ব কেজৰিৱাল!’ EDয়ে অচিৰেই গ্ৰেপ্তাৰ কৰিব পাৰে হেমন্ত তেজস্বী, বিজয়ন, ষ্টেলিনকো

'অচিৰেই গ্ৰেপ্তাৰ হ’ব কেজৰিৱাল!’ EDয়ে অচিৰেই গ্ৰেপ্তাৰ কৰিব পাৰে হেমন্ত তেজস্বী, বিজয়ন, ষ্টেলিনকো

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.