অসম লাইভ২৪ঃ প্ৰতিকূল অৱস্থাত পৰিলে প্ৰায়সংখ্যকেই উপাস্য দেৱতাক স্মৰণ কৰে, প্ৰাৰ্থনা কৰে। ঈশ্বৰৰ প্ৰতি বিশ্বাসেই প্ৰায়সংখ্যক লোকক প্ৰতিকূলতাৰ পৰা উদ্ধাৰ হোৱাত সাহস যোগায়। মুখে মুখে বাগৰি অহা তেনে এক সত্য আছে ভাৰতীয় সেনাবাহিনীৰ সকলৰো। ভাৰতীয় সেনাই ঈশ্বৰক কৰা স্মৰণেই সলাই দিছিল কাহিনী। এই কাহিনী ৰাজস্থানৰ লোঙ্গেবালা সীমান্তৰ তনোট মন্দিৰৰ। কথিত কাহিনী অনুসৰি দেৱী তনোটৰ কৃপাতেই পাকিস্তানী বোমাই সেই মন্দিৰ সংলগ্ন এলেকাৰ ক্ষতি কৰিব নোৱাৰিলে। মন্দিৰ চত্বৰ আৰু আশে পাশে থকা এলেকাত পাকিস্তানে পেলোৱা এটা বোমাও বিস্ফোৰণ নহ’ল। স্থানীয় লোকসকলে এয়া দেৱী তনোটৰেই কৃপা বুলি মানি আহিছে। ১৯৬৫ আৰু ১৯৭১ চনৰ যুদ্ধত পাক সেনাৰ সৈতে হোৱা যুদ্ধত ৰাজস্থানৰ জয়ছলমেৰ চহৰত ১৫০ কিঃমিঃ দূৰত তনোট দেৱীৰ মন্দিৰ আছে। বহু বছৰ ধৰি সেই মন্দিৰ পৰ্যটকসকলৰ আকৰ্ষণৰ অন্যতম কেন্দ্ৰ।
তনোট হ’ল ৰাজস্থানৰ ভাৰত-পাক সীমান্তবৰ্তী এখন গাওঁ। দেৱী তনোটৰ এই নামেৰেই এই গাওঁৰ নামকৰণ কৰা হৈছে। কথিত অনুসৰি দেৱী হিংলাজৰ এটা ৰূপ হৈছে দেৱী তনোট। তাৰপাছতেই তেওঁ কৰ্নী মাতাৰ ৰূপ ধাৰণ কৰিছে। অষ্টম শতাব্দীৰ প্ৰথমভাগতেই ৰাজস্থানৰ তনোট দেৱীৰ মন্দিৰ নিৰ্মাণ হৈছিল। ১৯৬৫ চনত ভাৰত-পাক যুদ্ধৰ সময়ত ৰাজস্থান সীমান্তত পাকিস্তানী আক্ৰমণৰ সময়ত পিছুৱাই আহিছিল ভাৰতীয় সেনা। পাকিস্তানৰ গোলা বাৰুদৰ জৱাব দিবৰ বাবে ভাৰতীয় সেনাৰ হাতত পৰ্যাপ্ত পৰিমানৰ অস্ত্ৰ-শস্ত্ৰও নাছিল। যাৰবাবে পিছুৱাই আহিবলগা হৈছিল ভাৰতীয় সেনা। পাকিস্তানী সেনাই সেই সুযোগ গ্ৰহণ কৰিয়েই কিষাণগড়সহ বিস্তীৰ্ণ এলেকা নিজৰ দখললৈ নিছিল।
সেই এলেকাত থকা ভাৰতীয় সেনাসকলৰ মাজত একপ্ৰকাৰ হাৰি যোৱাৰ ক্ষোভেও ঠাই পাইছিল। সেই সময়ত ভাৰতৰ ১৩ গ্ৰেনেডিয়াৰ বাহিনীয়ে নিজৰ সেনাঘাঁটি ৰক্ষা কৰাৰ বাবে যুদ্ধ চলাই আছিল। ১৯৬৫ চনত ১৭ নৱেম্বৰত তনোট দেৱীৰ মন্দিৰৰ নিচেই কাষতে থকা সেনা ঘাঁটিত পাক সেনাই আক্ৰমণ কৰে। আক্ৰমণৰ সময়ত বোমাসমূহ মন্দিৰ প্ৰাংগনৰ কাষতেই ওফৰি পৰিছিল। কিন্তু এইদৰে অহা সকলোবোমাই পৰাৰ লগে লগেই নিষ্ক্ৰিয় হৈ পৰিছিল। অৰ্থাৎ এটাও বোমা বিস্ফোৰণ হোৱা নাছিল। আক্ৰমণৰ সময়ত আশ্চৰ্যজনকভাৱে দলিয়াই দিয়া এটা বোমাৰো বিস্ফোৰণ ঘটা নাছিল।
১৭ৰ পৰা ১৯ নৱেম্বৰ পৰ্যন্ত তনোট মন্দিৰৰ আশেপাশে কেইবাশ বোমা দলিয়াইছিল পাক সেনাই। কথিত কাহিনী অনুসৰি দেৱীে নিজেই ভাৰতীয় সেনা জোৱানৰ সপোনত আহি প্ৰতিশ্ৰুতি দিছিল যে এই মন্দিৰৰ আশেপাশে থাকিলে সকলোৰে প্ৰাণ ৰক্ষাৰ দায়িত্ব তেওঁ নিজে ল’ব। ১৯৬৫ চনৰ যুদ্ধত পাছলৈ ভাৰতৰ হাতত পাক সেনা পৰাস্ত হয়। এই যুদ্ধত পাকিস্তানক পৰাভূত কৰাৰ পাছতেই মন্দিৰৰ দায়িত্ব লয় বিএছএফ জোৱানে। বিএছএফ মন্দিৰৰ চত্বৰতেই এটা সেনাঘাটিও নিৰ্মাণ কৰে বিএছএফে। বৰ্তমান পৰ্যন্ত এই তনোট মন্দিৰ বিএছএফেই পৰিচালিত কৰি আছে।
১৯৭১ চনত আকৌ এবাৰ চমৎকাৰ দেখুৱালে তনোট দেৱীয়ে। ‘৭১ৰ যুদ্ধত পাক সেনাই ছাদেওৱালাৰ পৰিবৰ্তে লোঙ্গেবালা ঘাটিত আক্ৰমণ কৰে। এই ঘাঁটিটোও মন্দিৰৰ নিচেই কাষত আছে। মেজৰ কুলদীপ সিং চান্দপুৰীৰ নেতৃত্বত ১২০ জন সেনাই লোঙ্গেবালা ঘাঁটিত পহৰা দি আছিল। বিভিন্ন প্ৰতিকূলতা থকা সত্ত্বেও সেই ঘাঁটিত থকা সেনাসকলে একমাত্ৰ তনোট দেৱীৰ ওপৰত ভৰষা ৰাখিয়েই সেই স্থানত আছিল। ৭১ৰ ৪ ডিচেম্বৰত পাকিস্তানৰ এটা সেনা দলে সেই ঘাঁটিত আক্ৰমণ চলায়। কিন্তু সেইবাৰো পাক সেনাৰ এটা বোমাও নুফুটিল। এই আক্ৰমণত ভাৰতীয় মুষ্টিমেয় সেনাৰ হাতত বৃহৎ পাক আক্ৰমণকাৰী দলে পৰাজয় স্বীকাৰ কৰে। ৭১ৰ যুদ্ধৰ পাছতেই তনোট দেৱীৰ মন্দিৰৰ খ্যাতি সমগ্ৰ দেশতে বিয়পি পৰিল। এই মন্দিৰৰ ভিতৰত এটা জাদুঘৰ নিৰ্মাণ কৰি উলিয়াইছে বিএছএফ জোৱানে।
সেই অঞ্চলৰ স্থানীয় লোকৰ ভাষ্য অনুসৰি ১৯৬৫ আৰু ১৯৭১ ৰ যুদ্ধত মন্দিৰৰ চৌপাশে প্ৰায় ৩ হাজাৰৰো অধিক বোমা পেলোৱা হৈছিল। কিন্তু এই বোমাসমূহৰ এটাও বোমা নুফুটিল। মন্দিৰ চৌহদৰ ভিতৰতেই বিএছএফে জাদুঘৰ নিৰ্মাণ কৰি সেই বোমাসমূহ সংৰক্ষণ কৰি ৰাখিছে। লোঙ্গেবালাৰ জয়ক চিৰস্মৰণীয় কৰি ৰাখিবৰ বাবেই মন্দিৰ প্ৰাঙ্গলত এটা বিজয়স্তম্ভও নিৰ্মাণ কৰিছে ভাৰতীয় সেনাই। ১৯৭১ চনত লোঙ্গেবালা সীমান্তত ভাৰত পাক সেনাৰ সংঘাতৰ ওপৰত ভিত্তি কৰি নিৰ্মিত হৈছিল বিখ্যাত বলীউড ছবি ‘বৰ্ডাৰ’। কেনেকৈ সেই সীমান্তত ১২০ জন সেনাই দুই হাজাৰৰো অধিক পাকিস্তানী সেনাক পৰাস্ত কৰিছিল সেই কাহিনীকেই ছবিখনত দেখুওৱা হৈছে। সেই ছবিতেই তনোট দেৱীৰ ওপৰত সেনাৰ ভৰষাৰ দৃশ্যও দেখুওৱা হৈছিল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ