৫৫ হাজাৰতকৈ বেছি ভোটত কংগ্ৰেছ নেতা ৰাহুল গান্ধীক হৰুৱাই আমেঠিক ইতিহাস ৰচিছিল স্মৃতি ইৰাণীয়ে৷ কিন্তু ৫বছৰৰ ভিতৰতেই সেই ছবি সলনি হৈ গ’ল৷ সেই আমেঠিতে এইবাৰ স্মৃতি নিজেই এক স্মৃতি হৈ গ’ল৷ প্ৰায় এক লাখ ভোটত কংগ্ৰেছৰ হাতত পৰাস্ত হ’ল স্মৃতি৷ গান্ধী পৰিয়ালৰ হাতত নহয়, গান্ধী পৰিয়ালৰ ঘনিষ্ঠ এজনৰ হাতত পৰাস্ত হ’ল স্মৃতি৷ কিশোৰীলাল শৰ্মাৰ হাতত পৰাস্ত হ’ল স্মৃতি৷
কোন এই কিশোৰীলাল? মঙলবাৰে লোকসভা নিৰ্বাচনৰ ফলাফল প্ৰকাশৰ পাছতেই কিশোৰীলাল কোন জানিবলৈ আগ্ৰহী হৈ উঠিছে বহুজন৷ গুগলত কিশোৰীলাল শৰ্মা লিখি বহুজনে চাৰ্ছো কৰিছে৷ কিয় এইবাৰ কংগ্ৰেছে তেওঁক প্ৰাৰ্থী হিচাপে নিক্ষেপ কৰিছিল সেই কথাও জানিবলৈ আগ্ৰহী হৈ উঠিছে বহুজন৷
পঞ্জাৱৰ লুধিয়ানাত জন্মগ্ৰহণ কৰিছিল কিশোৰীলালে৷ তাতেই শিক্ষাগ্ৰহণ কৰিছিল কিশোৰীয়ে৷ শিক্ষাজীৱন সামৰি কংগ্ৰেছত যোগদান কৰে কিশোৰীয়ে৷ সৰুৰে পৰাই কংগ্ৰেছৰ আদৰ্শই তেওঁক অনুপ্ৰাণিত কৰিছিল৷ সেয়ে ছাত্ৰ বয়সৰ পৰাই ৰাজনীতিৰ সৈতে জড়িতও হৈ পৰিছিল কিশোৰী৷ বিগত ৪০ বছৰতকৈ বেছি সময় ধৰি কংগ্ৰেছ দলৰ সৈতে যুক্ত হৈ আছে কিশোৰীলাল৷
কংগ্ৰেছৰ ওপৰিও গান্ধী পৰিয়ালৰ অতি আস্থাৰ পাত্ৰ কিশোৰীলাল৷ ৰাজীৱ গান্ধীৰ পৰা ছোনীয়া গান্ধী৷ ছোনীয়া গান্ধীৰ পৰা ৰাহল গান্ধী সকলোৰে সৈতেই অতি ঘনিষ্ঠ সংযোগ আছে কিশোৰীৰ৷ কেৱল আমেঠিয়েই নহয়, উত্তৰ প্ৰদেশৰ ৰায়বৰেলীৰ সৈতেও কিশোৰীলালৰ সম্পৰ্ক যথেষ্ট মজবুত৷
কিশোৰীলালক আমেঠিলৈ প্ৰথমে আনিছিল দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীয়ে৷ চন তেতিয়া ১৯৮৩৷ তেতিয়া ৰাজীৱ গান্ধী আমেঠিৰ সাংসদ৷ নিজৰ সংসদীয় এলেকাত কংগ্ৰেছৰ সাংগঠনিক কাম কাজৰ দায়িত্ব দিছিল কিশোৰীলালৰ ওপৰত৷ ৰাজীৱ গান্ধীৰ দিনৰ পৰাই আমেঠিৰ ওপৰিও ৰায়বৰেলী আৰু ছুলতানপুৰৰ কংগ্ৰেছ সংগঠনৰ চোৱাচিতা কৰি আহিছে কিশোৰীলালে৷
১৯৯১ চনত লোকসভা নিৰ্বাচনৰ মাজত এলটিটিৰ মানৱ বোমাৰুয়ে ৰাজীৱ গান্ধীক হত্যা কৰাৰ পাছত তেওঁৰ ঘনিষ্ঠ সহচৰ সতীশ শৰ্মাক আমেঠিৰ প্ৰাৰ্থী হিচাপে বাচি লৈছিল কংগ্ৰেছে৷ সেই সতীশক জিকোৱাৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল কিশোৰীলালে৷ ১৯৯১ চনৰ পৰা ১৯৯৮ চনলৈকে আমেঠিক সাংসদ হৈ থাকে সতীশ৷ ১৯৯৮ চনৰ সতীশে পৰাজয় বৰণ কৰাৰ ঠিক এবছৰ পাছত অৰ্থাৎ ১৯৯৯ চনত আমেঠিৰ পৰাই ছোনীয়া গান্ধীয়েও ৰাজনৈতিক যাত্ৰা আৰম্ভ কৰে৷ আমেঠিৰ পৰা প্ৰথমে তেওঁ লোকসভা নিৰ্বাচন খেলে৷
সেই সময়ত ছোনীয়াৰ ইলেকছন মেনেজমেণ্টৰ দায়িত্ব আছিল কিশোৰীলালৰ ওপৰত৷ নিৰ্বাচনত জয়ী হৈ সাংসদ হয় ছোনীয়া গান্ধী৷ কেৱল আমেঠিয়েই নহয় ৰায়বৰেলীতো গান্ধী পৰিয়ালৰ বিশেষ প্ৰভাৱ আছিল৷ বিগত দুই দশক ধৰি এই দুই কেন্দ্ৰৰ সৈতে গান্ধী পৰিয়ালৰ যোগসূত্ৰ ৰক্ষা কৰি আহিছে কিশোৰীলালে৷ ছোনীয়াৰ পাছতেই আমেঠিৰ পৰা নিৰ্বাচনী যুঁজ আগবঢ়াই ৰাহুল গান্ধীয়ে৷ ২০১৯ চন পৰ্যন্ত এই আসন কংগ্ৰেছৰ হাতত আছিল৷ ২০১৯ চন পৰ্যন্ত লোকসভা নিৰ্বাচনত ৰাহুলৰ বিৰুদ্ধে থিয় দিয়ে বিজেপিৰ স্মৃতি ইৰাণীয়ে৷ সেইবাৰ স্মৃতিৰ হাতত পৰাস্ত হয় ৰাহুল৷ কংগ্ৰেছ দুৰ্গত ফুলি উঠে পদুম৷
নিজৰ দুৰ্গ হেৰুওৱাৰ পাছত কেনেকৈ পুৰণি দুৰ্গ উভতাই পোৱা যায় তাকে লৈ ২০২৪ চনৰ নিৰ্বাচনৰ পূৰ্বৰে পৰাই অংক কৰি আছিল কংগ্ৰেছ দলে৷ এইবাৰ আমেঠিত প্ৰাৰ্থী কোন হ’ব বুলি বহুতেই দৃষ্টিও ৰাখি আহিছিল৷ বহুতেই ভাৱিছিল প্ৰিয়ংকা গান্ধী নতুবা তেওঁৰ স্বামী ৰবাৰ্ট ভাদ্ৰাই এই সমষ্টিৰ প্ৰাৰ্থী হ’ব বুলি বহুতে ধাৰণা কৰিছিল৷
নিৰ্বাচন আৰম্ভ হোৱাৰ একেবাৰে শেষ সময়ত আমেঠিত প্ৰাৰ্থী ঘোষণা কৰে কংগ্ৰেছে৷ এইবাৰ ৰাহুল, প্ৰিয়ংকা কোনো এই সম্ষ্টিত প্ৰাৰ্থী নহল৷ ছোনীয়াই এৰা আসন ৰায়বৰেলীত ৰাহুলে প্ৰাৰ্থীত্ব পাৰে৷ আৰু আমেঠিলৈ লৈ অনা হয় কিশোৰীলালক৷ বিজেপিয়ে এইবাৰ সেই কেন্দ্ৰৰ পৰা বিদায়ী সাংসদ স্মৃতিকেই প্ৰাৰ্থী হিচাপে ৰাখিলে৷ পদ্মশিৱিৰে আশা কৰিছিল বিগত বাৰৰ তুলনাত বেছি ব্যৱধানত জয়ী হ’ব স্মৃতি৷ সেইধৰণে প্ৰচাৰো চলাইছিল বিজেপিয়ে৷ কিন্তু শেষ পৰ্যন্ত হিচাপ খেলিমেলি হৈ যায় বিজেপিৰ৷
আমেঠিৰ মানুহে গান্ধী পৰিয়াল নাথাকিলেও গান্ধী পৰিয়ালৰ আস্থাভাজন কিশোৰীলালত বাচি লয়৷ এই কেন্দ্ৰত কিশোৰীলালৰ হৈ প্ৰচাৰ চলাইছিল প্ৰিয়ংকা গান্ধীয়ে৷ নিৰ্বাচনী প্ৰচাৰৰ বাবে বাৰে বাৰে আমেঠিলৈ গৈছিল প্ৰিয়ংকা৷ এই আমেঠি কংগ্ৰেছে দূৰ্গ বুলি ভৱাৰ কাৰণো আছে৷ ১৯৭৭ চনত পূৰ্ব উত্তৰপ্ৰদেশৰ এই আসনত প্ৰাৰ্থী হৈছিল ৰাজীৱ গান্ধীৰ ভাতৃ সঞ্জয় গান্ধী৷ দিল্লীৰ মছনদত তেতিয়া ইন্দিৰা গান্ধীৰ চৰকাৰ৷ তেতিয়া ইন্দিৰা গান্ধীৰ গাদী যাওঁ যাওঁ অৱস্থা৷ চৌদিশে বলিছিল ইন্দিৰা বিৰোধী বতাহ৷ সেই বতাহতেই সঞ্জয় গান্ধীয়ে হেৰুৱাইছিল আমেঠিও৷ সঞ্জয় গান্ধী পৰাস্ত হোৱাৰ তিনি বছৰ পাছত ১৯৮০ৰ লোকসভা নিৰ্বাচনত পুনৰ আমেঠিত নিৰ্বাচন খেলি জয়ী হয় সঞ্জয় গান্ধী৷ বিমান দুৰ্ঘটনাত সঞ্জয় গান্ধীৰ অকাল মৃত্যুৰ পাছত ১৯৮১ চনত উপনিৰ্বাচন হয় আমেঠিত৷ সেই নিৰ্বাচনত জয়ী হয় ৰাজীৱ গান্ধী৷ তাৰপাছতেই ৰাজীৱৰ উত্তৰাধিকাৰ সূত্ৰে সেই সমষ্টি কংগ্ৰেছেই দখল কৰি আহিছে৷ এইবাৰ গান্ধী পৰিয়ালৰ সলনি এই আসন গৈছে কিশোৰীলালৰ হাতলৈ৷ বহুদিনীয়া কঠোৰ পৰিশ্ৰমৰেই ফল লাভ কৰিছে কিশোৰীলালে বুলি বহুতেই প্ৰচাৰ চলাবলৈকো আৰম্ভ কৰিছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ