জেললৈ যাব লাগিব ৰাখী সাৱন্ত, ৪ সপ্তাহৰ সময় ৰাখীৰ হাতত, ন্যায়ালয়ৰ নিৰ্দেশনা
বলীউডৰ অভিনেত্ৰী ৰাখী সাৱন্তৰ ওপৰত ওলমি আছে গ্ৰেপ্তাৰৰ তৰোৱাল। অভিনেত্ৰী ৰাখী সাৱন্তক ডাঙৰ আঘাত দি ন্যায়ালয়ে অগ্ৰিম জামিনৰ আবেদন নাকচ কৰিছে।
উচ্চতম ন্যায়ালয়ে ৰাখী সাৱন্তক চাৰি সপ্তাহৰ ভিতৰত নিম্ন আদালতত আত্মসমৰ্পণ কৰিবলৈ নিৰ্দেশ দিয়ে। উল্লেখ্য যে, অভিনেত্ৰী ৰাখী সাৱন্তৰ বিৰুদ্ধে প্ৰাক্তন স্বামী আদিল দুৰানীৰ কথিত অশ্লীল ভিডিঅ’ ফাদিল কৰাৰ অভিযোগ।
বম্বে উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্ত হৈছিল ৰাখী সাৱন্ত। ইয়াৰ পূৰ্বে বম্বে উচ্চ ন্যায়ালয়ে ৰাখী সাৱন্তৰ আগতীয়া জামিন আবেদন নাকচ কৰিছিল।
অশ্লীল ভিডিঅ’ ফাদিল কৰাৰ অভিযোগত ৰাখীৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰিছে প্ৰাক্তন স্বামী আদিল দুৰানীয়ে। এই গোচৰত এতিয়া গ্ৰেপ্তাৰৰ ভাবুকিৰ সন্মুখীন হৈছে ৰাখী সাৱন্ত।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















