অসম লাইভ২৪ঃ স্বামী আদিল ডুৰানীৰ সৈতে সম্পৰ্কত ফাট মেলিছে। এজনে আনজনৰ ওপৰত আনিছে এটাৰ পাছত আনটো অভিযোগ। এইসমূহৰ মাজতেই শান্তি বিচাৰি উমৰাহ হজ কৰিবলৈ ছৌদি আৰৱলৈ ৰাখীয়ে যাত্ৰা কৰিছে। হজৰ পৰা উভটি আহিয়েই ৰাখীয়ে সংবাদমাধ্যমৰ আগত কৰিছে কেইবাটাও বিশেষ মন্তব্য। মক্কা-মদিনাৰ পৰা ওভতি আহিয়েই সলনি হৈছে ৰাখীৰ জীৱনশৈলী। নিজৰ নামো সলনি কৰি লৈছে ৰাখীয়ে। তেওঁৰ নতুন নাম ফাতেমা বুলি জনাইছে ৰাখীয়ে।
বিমান বন্দৰত বোৰ্খা পৰিহিতা ৰাখীক সংবাদকৰ্মীয়ে সোধা প্ৰশ্নৰ উত্তৰত ৰাখীয়ে কোৱা প্ৰত্যেকটো কথাই লাভ কৰিছে চৰ্চা। সাংবাদিকে সুধিছিল, ৰাখীয়ে কিয় হিন্দু ধৰ্ম এৰি ইছলাম ধৰ্ম বাচি ল’লে? হিন্দু ধৰ্মক ৰাখীয়ে কি বেয়া পালে? এই প্রশ্নৰ উত্তৰত ৰাখীয়ে কয়, ‘হিন্দু ধৰ্মত থাকি মই একো বেয়া পোৱা নাছিলো। মই যিহেতু এজন মুছলমান ব্যক্তিক বিয়া কৰাইছিলো সেয়ে ধৰ্ম সলনি কৰিলো। বিবাহৰ বাবেই মই ধৰ্ম পৰিবৰ্তন কৰিলো।’
ৰাখী আৰু আদিলৰ বিবাহৰ খবৰ ভাইৰেল হোৱাৰ পাছৰে পৰা একাধিকবাৰ বোৰ্খা পিন্ধা দেখা গৈছে ৰাখীক। তাৰপিছত অৱশ্যে নিজৰ সচৰাচৰ ৰূপতো দেখা গৈছে ৰাখীক। সম্প্ৰতি আদিলৰ সৈতে বিবাহ বিচ্ছেদৰ খবৰেহে বিশেষভাৱে প্ৰচাৰ লাভ কৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ