১০ টকা দিন হাজিৰা কৰি কঠোৰ পৰিশ্ৰমেৰে অৱশেষত UPSCত সফলতা
ইউ পি এছ চিৰ ফলাফল ঘোষণাৰ পাছতে দেশৰ বিভিন্ন প্ৰান্তৰ উত্তীৰ্ণ প্ৰাৰ্থী সকলৰ মাজত উলাহৰ ধল নামিছে। তাৰে মাজৰে বহু লোকে নিজৰ কঠোৰ পৰিশ্ৰমেৰে ভোটা তৰাৰ দৰি জিলিকি উঠিছে। তাৰেই মাজৰ এগৰাকী হৈছে ৰাম ভজন কুমাৰ। যাৰ কঠোৰ ব্ৰত অন্যতকৈ পৃথক।
৬৬৭ সংখ্যক স্থান লাভ কৰা ৰাম ভজনৰ বাবে এয়া কোনো ১ নম্বৰ স্থানতকৈ কম নহয়। এটা সময়ত ৫ টকা – ১০ টকা মজুৰি কৰি দিনটোত মাথো এসাঁজ খাই জীয়াই থকা ৰাম ভজনৰ লগতে মাতৃৰ বাবে এই সাফল্য সঁচাকৈয়ে শীৰৰ মুকুট।
ৰাজস্থানৰ বাপী নামৰ এখন সৰু গাঁৱৰ বাসিন্দা ৰাম ভজনে পঢ়াৰ লগতে শিল ভঙা কাম কৰি দিনটোত ৫ৰ পৰা ১০ টকা মজুৰি লাভ কৰিছিল। মাতৃয়েও কৰিছিল ওজন দঙা কাম। কাৰণ কাম নকৰিলে ঘৰ নচলে। পিতৃ হাপানী বেমাৰী, কোনোমতে ছাগৰী পুহি গাখীৰ বিক্ৰী কৰি পৰিয়াল চলাত সহায় কৰে।
কিন্তু কাল কভিডে পিতৃক চিৰ দিনৰ বাবে কাঢ়ি নিয়ে ৰাম ভজনৰ ওচৰৰ পৰা। কোনোমতে মাতৃৰ সৈতে সৰু সুৰা কাম কৰি এসাজ খাই এসাজ লঘোনে থাকি দিন কটাই কষ্টৰ মাজতে চলাই গৈছিল পঢ়া কাম।
ভঙা পজাতেই সপোন ৰচিছিল উই পি এছ চিৰ। তাৰে মাজতে লাভ কৰে কনিষ্টবল চাকৰি। পৰিয়ালটোলৈ আহে কিছু সকাহ। কিন্তু তথাপি এৰি দিয়া নাছিল সপোনৰ পিছ ।
৮ বাৰৰ প্ৰচেষ্টাৰ অন্তত সফলতা লাভ কৰে ৰাম ভজনে। অতি দৰিদ্ৰ পৰিয়ালৰ ৰাম ভজনে এই সাফল্যৰে দেখুৱাই দিলে, দিনটোত এসাজ খাইয়ো, ফটা কাপোৰ পৰিধান কৰিয়ো দেশৰ সৰ্বোচ্চ প্ৰশাসনিক বিষয়া হোৱাৰ সপোন দেখাৰ লগতে বাস্তৱত পৰিণত কৰিব পাৰি।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















