অসম লাইভ২৪ঃ তেওঁ জনসংখ্যা কমোৱাক লৈ বাৰে বাৰে মন্তব্য কৰে৷ দেশৰ জনসংখ্যা নিয়ন্ত্ৰণ কৰা খুবেই প্ৰয়োজন বুলি বহু সাক্ষাৎকাৰত তেওঁ উল্লেখ কৰি আহিছে৷ শেহতীয়াভাৱে জনসংখ্যা নিয়ন্ত্ৰণক লৈ সদা মন্তব্য কৰি থকা ৰামচৰণৰ ঘৰলৈ অচিৰেই আহিব নতুন আলহী৷ দক্ষিণৰ অভিনেতা ৰামচৰণ আৰু উপাসনাৰ বিবাহিত জীৱনে ১০ বছৰ অতিক্ৰম কৰিছে৷ বহুতেই ৰামচৰণক প্ৰশ্ন কৰিছিল, পৰিয়াল বঢ়োৱাৰ সিদ্ধান্ত এতিয়াও লোৱা নাই নেকি?
এই প্রশ্নৰ মুখামুখি হৈ থকা ৰামচৰণে সোমবাৰে ঘোষণা কৰিছে ভালখবৰটো৷ নিজা টুইটাৰ হেণ্ডেলত ৰামচৰণে উল্লেখ কৰিছে এই কথা৷ তেওঁ লিখিছে, ‘মই এই খবৰ দিবলৈ পায় খুবেই আনন্দিত৷ বজৰংগবলীৰ কৃপাত মই পিতৃ হ’বলৈ আগবাঢ়িছো৷ আপোনালোকৰ ভালপোৱা আৰু আশীৰ্বাদ আমাক খুবেই প্ৰয়োজন৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ