ভাৰত এখন হিন্দু প্ৰধান ৰাষ্ট্ৰ৷ কিন্তু হিন্দু ধৰ্মৰ শাখা, প্ৰশাখা, ঠালঠেঙুলি বহু৷ উদাহৰণ স্বৰূপে, মই এজন হিন্দু৷ কিন্তু, মই যিটো ধৰ্মীয় পৰম্পৰাত ডাঙৰ দীঘল হৈছোঁ তাত, মূৰ্তি বা পূজা-পাতল নিষেধ, কেৱল হৰি নামহে সাৰ৷ অথচ মোৰ শ্ৰীমতী কিন্তু পূজা-পাতলতো বিশ্বাসী৷ সি যি নহওক বাৰু; হিন্দু ধৰ্মত বিশ্বাসী যিকোনো এটা ঠালে ভাৰতত এটা ৰাম মন্দিৰ সাজিব বিচাৰিছে৷ যিসকলে সাজিব বিচাৰিছে, তেওঁলোকে ধন-বিত যোগাৰ কৰি সাজক, তাত আমাৰ আপত্তি কৰিবলগীয়া কি আছে? আমাৰ আপত্তি কৰিবলগীয়া একো নাছিল, যদিহে আজি অযোধ্যাত সাজিবলগীয়া মন্দিৰটোৰ ঠাইখিনি বিতৰ্কিত নহ’লহেঁতেন৷ তাত থকা পাঁচশ বছৰীয়া বাবৰি মচজিদটো ১৯৯২ৰ ৬ ডিচেম্বৰৰ দিনা এচাম উন্মাদ লোকে নাভাঙিলেহেঁতেন৷ বাবৰি মচজিদটো সজাৰ আগতে তাত কি আছিল, সেই কথা কোনেও আজিলৈ নিশ্চিতকৈ ঠাৱৰ কৰিব পৰা নাই৷ তাত ৰামৰ জন্ম হৈছিল বোলা কথাটো বৰ গোলমলীয়া৷ ৰাম এক ঐতিহাসিক চৰিত্ৰনে? যদি ৰাম ঐতিহাসিক চৰিত্ৰ, তেওঁ ভগৱান হ’বই নোৱাৰে৷ কিয়নো ভগৱানৰ কোনো জন্ম নাই, নাই কোনো মৃত্যু৷ ভগৱানৰ ধাৰণাটো কি ? ভগৱান সৰ্বজ্ঞানী, সৰ্বশক্তিশালী আৰু সৰ্ববিদ্যমান (omniscient ,omnipotent, omnipresent) যদি ৰাম ঐতিহাসিক চৰিত্ৰ নহয়, ভগৱানহে তেন্তে তেওঁৰ কোনো জন্মভূমি থাকিব নোৱাৰে৷ আমি জানো, আখ্যানৰ ঐতিহাসিক ব্যাখ্যা হয়, কিন্তু সেই ব্যাখ্যা লোক অধ্যয়ন, নৃতাত্তিক, বা সমাজতাত্তিকহে৷ আখ্যানৰ পৰা বাস্তৱ হুবহু সৰি নপৰে৷ আখ্যানে আমাৰ সংস্কৃতিহে চহকী কৰে আৰু এইদৰে যদি আমি ইতিহাসৰ পুনৰনিৰ্মাণ কৰো৷ আমাৰ অবিৰত কাম হ’ব ধ্বংস কৰা আৰু নিৰ্মাণ কৰা৷ কিন্তু তাত আৰু ইতিহাস বুলি একো নাথাকিব৷
কল্যাণ সিঙৰ দিনত বাবৰি মচজিদ ভাঙি পেলোৱা হ’ল৷ এতিয়া, মোদীৰ ৰাজত্বত চৰকাৰ অনুগামী উচ্চতম ন্যায়লয়ে অযোধ্যাৰ বিবদামান ঠাইত ৰাম মন্দিৰ সাজিবলৈ অনুমতি প্ৰদান কৰিলে৷ একালৰ চৰকাৰ অনুগামী মুখ্য ন্যায়াধীশে এই ৰায়ৰ প্ৰতিদানো পালে৷ কিন্তু সেই ৰায়দানতো আইনৰ শাসনৰ প্ৰতি ধনিষ্ঠামান আস্থা দেখুৱাই তেওঁলোকে বাবৰি মচজিদ ধ্বংসক গৰিহণা দিবলৈ বাধ্য হ’ল৷ ৰাষ্ট্ৰ আৰু ন্যায়পালিকাই যেতিয়া ঐকবদ্ধহৈ কাম কৰে৷ তেওঁলোকে উচিতক অনুচিত কৰিব পাৰে,অনুচিতক উচিত কৰিব পাৰে৷ তাৰ বিৰোধিতা কৰা মানুহক জেলত ভাৰব পাৰে৷ যি নহওক, সেই পৰ্ব সিমানতে শেষ হ’ল৷ দুখ বেজাৰে মুছলমানসকলেও তাকে মানি ল’লে৷ আমিও ভাবিলো যি হ’ল হ’ল আৰু সাম্প্ৰদায়িক ৰাজনীতিৰ উৎস এটাৰ সমাপ্তি হ’ল৷
কিন্তু, এতিয়া কি হৈছে? কল্যাণ সিঙে ভাঙিবলৈ দিলে, মোদীৰ মদতপুষ্ট হৈ গগৈ মুখ্য ন্যায়াধীশে পাতিবলৈ অনুমতি দিলে৷ এতিয়া ক’ৰোনা কালত আন বন কাটি কৰি আদিত্যনাথে মন্দিৰৰ আধাৰশিলা স্থাপন কৰিলে৷ মই টিভি নাচাওঁ ,কিন্তু মোক কোনো কোনোৱে কৈছে৷ আৰু মই খবৰৰ কাগজত দেখিছো৷ আমাৰ অসমীয়া কাগজবোৰৰ প্ৰায় আটাইকেইখনেই বেছ তালীয়া৷ সুবিধাবাদ আৰু চৰকাৰ তোষণত তেওঁলোক আগৰণুৱা৷ বাকী হিন্দু মুলুকৰ খবৰ কাগজৰ কথা নকলোৱেইবা৷ অ’ খবৰৰ কথা কৈছো৷ এইকেইদিন হেনো পাঁচখন ৰাফেল আৰু অযোধ্যাৰ ৰাম মন্দিৰ নিৰ্মাণৰ খবৰে টিভি আৰু খবৰৰ কাগজত খলকনি লগাই আছে৷ চৰিওফালে ৰজনজনাই আছে৷ এৰা হয়তো৷ ক’ৰোনা আক্ৰন্তত দেশে অভিলেখ কৰিবলৈ গৈ আছে, প্ৰধানমন্ত্ৰীৰ মাত এষাৰ নাই৷ দেশৰ অৰ্থনীতি উছন হ’ল, কৰ্ম সংস্থানৰ অভাৱত মানুহে হা হা কা কা কৰি ফুৰিছে৷ ৰাজ্যসমূহক জিএছটিৰ পইচা দিবলৈ কেন্দ্ৰৰ হাতত ধন নাই, দেশৰ অৰ্থাব্যৱস্থা থৰক বৰক৷ এটাৰ পিছত এটাকৈ ৰাজহুৱা খণ্ডৰ বিক্ৰী চলি আছে, ৰেল গ’ল, তেল গ’ল, পানী গ’ল৷ কামৰ কামটো কি? বোলে অযোধ্যাত ৰাম মন্দিৰ এটা হৈছে! বাহ, বাহ! দেশ ৰসাতলে গৈছে যাবলৈ দিয়ক, অযোধ্যাৰ ৰাম মন্দিৰকলৈ যিমান পাৰা সিমান প্ৰচাৰ চলাওক, যাতে সংখ্যাগৰিষ্ঠ হিন্দু ভোট আপোনালোকৰ দখলত ৰাখিব পাৰে৷ ধৰ্মৰ কথা কৈ মানুহক ঘৃণা কৰে! কওকচোন কোনখন ধৰ্মৰ কিতাপে মানুহক ঘৃণা কৰিবলৈ শিকায়?
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ