অসম লাইভ২৪ঃ সম্প্ৰতি এনিমেলৰ সাফল্যৰ পাছত ক্লাউড নাইনত ৰণবীৰ কাপুৰ। এনিমেলৰ সাফল্য যেনেকৈ উপভোগ কৰিছে তেনেকৈ সমালোচিতও হৈছে। ‘ৱেক আপ ছিড, ৰাজনীতি, ৰকষ্টাৰ, তামাছাৰ দৰে ছবিৰে বলীউডত বিশেষ স্থান দখল কৰিবলৈ সক্ষম হৈছে ৰণবীৰে। এনিমেলৰ পাছতেই ৰণবীৰৰ পৰা প্ৰত্যাশাও বাঢ়িছে দৰ্শকৰ।
এইবাৰ নতুন ছবি ৰামায়ণৰ বাবে প্ৰস্তুতি চলাইছে অভিনেতা ৰণবীৰে। ছবিখনত ৰামৰ চৰিত্ৰত দেখা যাব ৰণবীৰক। ৰামৰ চৰিত্ৰত অভিনয় কৰিবৰ বাবেই ৰণবীৰে মানি চলিছে কেইবাটাও নিয়ম। মদ, মাংস সকলো বাদ দিছে ৰণবীৰে। এইবাৰ ৰামৰ দৰে বনবাসলৈ নগ’লেও দেশ এৰিব লাগিব ৰণবীৰে। নিজৰ খাদ্য তালিকাৰ পৰা মদ, মাংস সকলো বাদ দিয়াৰ কথাও নিজেই জনাইছে অভিনেতা ৰণবীৰে।
ৰামচন্দ্ৰৰ চৰিত্ৰত অভিনয় কৰিবৰ বাবে নিজৰ ভাৱমূৰ্তিক সলনি কৰাৰ প্ৰতিজ্ঞা নিজেই কৰিছে ৰণবীৰে। ইয়াৰোপৰি অভিনেতা ৰণবীৰৰ যুক্তি, নিজৰ মনক শুদ্ধ কৰিহে তেওঁ এই চৰিত্ৰটো ৰূপায়ণ কৰিব। ৰামৰ চৰিত্ৰত নিজকে সম্পূৰ্ণৰূপে সমৰ্পন কৰিবলৈ সাঁজু হৈছে ৰণবীৰে। চলিত বছৰৰ মাৰ্চ মাহৰ পৰা আৰম্ভ হ’ব নীতিশ তিৱাৰী পৰিচালিত ৰামায়ণ ছবিৰ শ্বুটিং। মুম্বাই আৰু লণ্ডনত মিলি মুঠ ১২০ দিন শ্বুটিং চলিব। যাৰ সিংহভাগেই শ্বুটিং হ’ব মুম্বাইত। তাৰপাছতেই লণ্ডনলৈ ৰাওনা হ’ব টীমটো। সেই সময়ত ৰণবীৰেই অকল নহয়, তেওঁৰ সৈতে থাকিব দক্ষিণী তাৰকা যশো। ছবিত ৰাৱণৰ চৰিত্ৰত দেখা যাব যশক। ৰামায়ণৰ শ্বুটিং আৰম্ভ হোৱাৰ পূৰ্বে পত্নী আলিয়াৰ সৈতে অৱসৰ বিনোদনৰ বাবে যাত্ৰা কৰিছে ৰণবীৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ