অসম লাইভ২৪ঃ মঙলবাৰে বিয়লি ৰণবীৰ সিঙে তেওঁৰ ইনষ্টাগ্ৰামৰ পৰা বিবাহৰ সকলো ফটো ডিলিট কৰিছে৷ ৰণবীৰৰ ইনষ্টাগ্ৰাম প্ৰফাইলৰ পৰা দীপিকাৰ ফটো ডিলিটক লৈ এতিয়া গৰম বলীউড৷ অন্তঃসত্ত্বা দীপিকাৰ সৈতে ৰণবীৰৰ সম্পৰ্ক শেষ হ’ল নেকি? দীপবীৰ অনুৰাগীয়ে কৰিছে এটাৰ পাছত আনটো পোষ্ট৷ ফেব্ৰুৱাৰী মাহত দীপিকা-ৰণবীৰ দুয়োৱে যৌথভাৱে পৰিয়াললৈ নতুন সদস্যৰ আগমণৰ কথা নিজেই জনাইছিল৷ তাৰপাছতেই এইবাৰ ৰণবীৰৰ একাউণ্টৰ পৰা দীপিকাৰ সকলো ফটো ডিলিটক কেন্দ্ৰ কৰি আৰম্ভ হৈছে চৰ্চা৷
একাংশ অনুৰাগীয়ে কৈছে, ৰণবীৰৰ ইনষ্টা একাউণ্ট হেক হৈছে! ২৪ ঘণ্টাৰ পাছত শেহতীয়াকৈ ৰণবীৰৰ ইনষ্টা টিমে জনাইছে সবিশেষ তথ্য৷ ৰণবীৰে তেওঁৰ বিবাহৰ সকলো ফটো কিয় ডিলিট কৰিছে? ৰিপাব্লিক ৱাৰ্ল্ডৰ তৰফৰ পৰা জনোৱা অনুসৰি ৰণবীৰ সিঙৰ টিমৰ সৈতে যোগাযোগ কৰি পোৱা তথ্যমতে, ৰণবীৰৰ ২০২৩ চন পৰ্যন্ত সকলো ফটো, কনটেন্ট তেওঁ আৰ্কাইভত ৰখাৰ ব্যৱস্থা কৰিছে৷ এই তথ্য লাভ কৰাৰ পাছতহে স্বাস্তিৰ নিশ্বাস পেলাইছে ভক্তই৷
অৱশ্যে দীপিকাৰ একাউণ্টত বিবাহৰ সমূহ ফটোৱেই আছে৷ ২০১৮ চনৰ ১৪ নৱেম্বৰত দীপিকাৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল ৰণবীৰ৷ বিবাহৰ ছয় বছৰ পাছত আগন্তুক ছেপ্টেম্বৰ সিং পৰিয়াললৈ আহিব নতুন সদস্য৷ এই মুহূৰ্তত বেবিমুন এনজয় কৰাত ব্যস্ত দীপিকা পাডুকন৷ মেট গালাতো এইবাৰ দীপিকাই অংশগ্ৰহণ কৰা নাই৷ শিশুৰ কাপোৰ, অন্য সা সৰঞ্জামৰ ছবি কোলাজ কৰি পৰিয়াললৈ নতুন অতিথি অহাৰ সুখবৰ শ্বেয়াৰ কৰিছিল ৰণবীৰ আৰু দীপিকা পাডুকনে৷ মাজত আৰু মাত্ৰ চাৰি মাহ৷ ছেপ্টেম্বৰতেই দুয়োৰে কোলালৈ আহিব প্ৰথম সন্তান৷ জীৱনত সকলোতকৈ সুন্দৰ মুহূৰ্তটোক উপভোগ কৰাত ব্যস্ত দীপিকা৷ এই ভালখবৰৰ মাজতেই আছে দীপিকাৰ আন এক ভাল খবৰো৷ আগন্তুক ১৫ আগষ্টত মুক্তি লাভ কৰিছে সিংহম এগেইনে৷ য’ত লেডি সিংহমৰ ভূমিকাত দেখা যাব বলীউডৰ মস্তানী দীপিকা পাডুকনক৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ