বিশ্বৰ একমাত্ৰ খেলুৱৈ হিচাপে এক অনন্য ইতিহাস ৰচিবলৈ সাজু ৰাছিদ খান
বিশ্বৰ প্ৰায় সকলো টি-২০ লীগত অংশগ্ৰহণ কৰা ৰাছিদ খানে বৰ্তমান দক্ষিণ আফ্ৰিকাত আয়োজিত টি-২০ লীগত অংশগ্ৰহণ কৰি আছে। এই লীগখন কেৱল দক্ষিণ আফ্ৰিকাতে নহয়, সমগ্ৰ বিশ্বতে জনপ্ৰিয়। ইয়াৰ কাৰণ হৈছে সমগ্ৰ বিশ্বৰ পৰা অংশগ্ৰহণ কৰা তাৰকা খেলুৱৈসকল।
এই প্ৰতিযোগিতাত ৰাছিদ খানে নিজৰ নামত এটা ডাঙৰ কৃতিত্ব পঞ্জীয়ন কৰিবলৈ ওলাইছে। যদিহে ৰাছিদে এই ৰেকৰ্ড নিজৰ নামত কৰিব পাৰে, তেন্তে তেওঁ পৃথিৱীৰ একমাত্ৰ খেলুৱৈ হৈ পৰিব এনে ৰেকৰ্ড কৰাৰ ক্ষেত্ৰত।
আজিকালি বিশ্বত আধিপত্য বিস্তাৰ কৰিছে টি-২০ লীগে। এনে পৰিস্থিতিত অনুৰাগীৰ দৃষ্টি সদায় ৰান কৰা আৰু ধাৰাবাহিক উইকেট লোৱা বলাৰৰ ওপৰত থাকে।
তেনে ক্ষেত্ৰত টি-২০ত সৰ্বাধিক উইকেট দখল কৰা বিশ্বৰ প্ৰথমজন খেলুৱৈ হিচাপে পৰিগণিত হ’বলৈ বাকী আছে মাত্ৰ ৭ উইকেট। বৰ্তমানে ৱেষ্ট ইণ্ডিজৰ প্ৰাক্তন খেলুৱৈ ড্ৱেইন ব্ৰাভো টি-২০ত সৰ্বাধিক উইকেট লোৱাৰ ক্ষেত্ৰত প্ৰথম স্থানত আছে, যিয়ে ৫৮২ খন টি-২০ মেচত নিজৰ নামত ৬৩১ টা উইকেট দখল কৰিছে।
আনহাতে এই তালিকাত দ্বিতীয়ত আছে আফগানিস্তানৰ ৰাছিদ খান। এতিয়ালৈকে ৰাছিদে মাথো ৪৫৫খন টি-২০ মেচতে ৬২৫টা উইকেট দখল কৰিছে। দক্ষিণ আফ্ৰিকাত খেলি থকা টি-২০ লীগত যদি ৰাছিদে ৭টা উইকেট লয়, তেন্তে ৰাছিদ হৈ পৰিব বিশ্বৰ প্ৰথম খেলুৱৈ যিয়ে ৬২৫ উইকেটৰ ঘৰ পাৰ কৰিব।
এই তালিকাৰ তৃতীয়ত আছে ৱেষ্ট ইণ্ডিজৰ প্ৰাক্তন স্পিন বলাৰ সুনীল নাৰিন, যিয়ে ৫২৮খন টি-২০ মেচ খেলি ৫৭০ বেটছমেনক আউট কৰিছে।
বৰ্তমান সময়ত ৰাছিদ খান বিশ্বৰ শ্ৰেষ্ঠ স্পিন বলাৰ। এই সোঁহতীয়া বলাৰজনে বিশ্বত নিজৰ দক্ষতা প্ৰমাণ কৰিবলৈ সক্ষম হৈছে। বৰ্তমান এই খেলুৱৈগৰাকীয়ে এছ এ টি-২০ লীগত এম আই কেপ টাউনৰ অধিনায়কত্ব কৰি আছে। এছ এ টি-২০ লীগত ৰাছিদে এতিয়ালৈকে খেলা ৪খন মেচত ৩টা উইকেট দখল কৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ