কেন্দ্ৰীয় কেবিনেটৰ সুখবৰ, অষ্টম দৰমহা আয়োগ গঠনত অনুমোদন
কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা আহিছে এক অতিকে সুখবৰ। বৃদ্ধি পাব দৰমহা আৰু পেঞ্চন। অষ্টম বেতন আয়োগত অনুমোদন জনালে প্ৰধানমন্ত্ৰীয়ে।
এই সিদ্ধান্তৰ দ্বাৰা কেন্দ্ৰীয় চৰকাৰৰ ৪৯.১৮ লাখ চৰকাৰী কৰ্মচাৰী উপকৃত হ’ব আৰু ইয়াৰ সমান্তৰালকৈ ৬৪.৮৯ লাখ পেঞ্চনাৰেও ইয়াৰ সুবিধা লাভ কৰিব। চৰকাৰী কৰ্মচাৰীয়ে দৰমহা বৃদ্ধি, দৰমহাৰ লগতে অন্যান্য ভাট্টা আৰু মৌলিক দৰমহা বৃদ্ধিৰ দৰে সুবিধা লাভ কৰিব।
উল্লেখ্য যে, প্ৰতি ১০ বছৰৰ মূৰে মূৰে ভাৰত চৰকাৰে নতুনকৈ দৰমহা আয়োগ গঠন কৰে। তাৰেই পৰিপ্ৰেক্ষিতত এই অষ্টম দৰমহা আয়োগ।
কৰ্মচাৰীসকলে এতিয়া সপ্তম দৰমহা আয়োগৰ অধীনত ন্যূনতম বেছিক দৰমহা ১৮,০০০ টকা লাভ কৰে। ষষ্ঠ বেতন আয়োগতকৈ সপ্তম বেতন আয়োগত ৭০০০ টকা বৃদ্ধি হৈছিল। এতিয়া সপ্তম বেতন আয়োগৰ পৰা অষ্টম বেতন আয়োগ গঠন হ’লে ১৮,০০০ টকা ন্যূনতম বেছিক দৰমহা ২.৮৬ৰ ফিটমেণ্ট ফেক্টৰৰ পিছত ৫১,৪৮০ টকালৈ বৃদ্ধি পাব পাৰে।
৬ষ্ঠ দৰমহা আয়োগৰ পৰা ৭ম দৰমহা আয়োগলৈ স্থানান্তৰিত হোৱাৰ সময়ত চৰকাৰে ফিটমেণ্ট ফ্যাক্টৰ মাত্ৰ ২.৫৭হে ৰাখিছিল। এই ফিটমেণ্ট ফেক্টৰৰ সহায়ত কেন্দ্ৰীয় কৰ্মচাৰীৰ নূন্যতম দৰমহা ৭০০০ টকাৰ পৰা ১৮ হাজাৰ টকালৈ বৃদ্ধি কৰা হয়। ইয়াৰ উপৰিও নূন্যতম পেঞ্চন ৩৫০০ টকাৰ পৰা ৯০০০ টকালৈ বৃদ্ধি পালে। শ্ৰমিক কৰ্মচাৰীৰ সৰ্বোচ্চ দৰমহা ২.৫০ লাখ টকালৈ নামি আহিছিল আৰু পেঞ্চনাৰসকলৰ সৰ্বোচ্চ পেঞ্চনো ১.২৫ লাখ টকালৈ বৃদ্ধি পাইছিল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ