বৈদিক জ্যোতিষত ৰাহুক ছায়া গ্ৰহ বুলি কোৱা হয়৷ এই গ্ৰহই সকলো সময়তে বক্ৰী চলনত গোচৰ কৰে৷ ৰাহুৱে এটা এটা ৰাশিত ১৮ মাহ অৱস্থান কৰে৷ বৰ্তমান ৰাহু আছে মীন ৰাশিত৷ আগন্তুক ১৮ মে’ৰ সন্ধিয়া ৭বাজি ৩৫ মিনিটত ৰাহুৱে মীন এৰি কুম্ভ ৰাশিত গোচৰ কৰিব৷ জানি থওক ৰাহুৰ গোচৰৰ প্ৰভাৱত ভাগ্য খুলিব কোন কোন ৰাশিৰ জাতকৰ৷
মেষ ৰাশি
ৰাহুৰ গোচৰত লাভজনক ফল পাব মেষ ৰাশিৰ জাতকেষ বৰ্তমান শনিৰ চাৰে সাতি দশা চলি আছে মেষ ৰাশিত৷ এই অৱস্থাত ৰাহুৰ গোচৰে স্বাস্তিৰ বাতাবৰণ তৈয়াৰ কৰিব মেষৰ জীৱনত৷ কেৰিয়াৰত উন্নতি কৰাৰ একাধিক সুযোগ পাব৷ আৰ্থিকভাৱেও লাভৱান হব মেষ ৰাশিৰ জাতক৷ বিদেশ যাত্ৰা কৰিব পাৰে৷ সাংসৰিক জীৱনত সুখ থাকিব৷
মিথুন ৰাশি
ৰাহুৰ গোচৰত বিশেষভাৱে লাভৱান হব মিথুন ৰাশিৰ জাতক৷ এই সময়ত আপুনি নিজৰ লোকচান হোৱা কাম আকৌ সম্পূৰ্ণ কৰিব পাৰিব৷ নতুন বাহন ক্ৰয়ৰ যোগ আছে৷ ৰাহুৰ প্ৰভাৱত উপাৰ্জন বাঢ়িব মিথুন ৰাশিৰ জাতকৰ৷ সাফল্য আহিব আৰু বেছি পৰিশ্ৰম কৰিব লাগিব আপুনি৷ কৰ্মক্ষেত্ৰত আপোনাৰ প্ৰভাৱ প্ৰতিপত্তি বাঢ়িব৷
কৰ্কট ৰাশি
১৮ মে’ৰ পৰা জীৱনত শুভ পৰিবৰ্তন আহিব কৰ্কট ৰাশিৰ জাতকৰ জীৱনত৷ আপুনি নিজৰ সকলো কাম সফলভাৱে সম্পন্ন কৰিব পাৰিব৷ কাৰ্যালয়ৰ ঊৰ্ধতন কৰ্তৃপক্ষৰ সমৰ্থন আপুনি লাভ কৰিব৷ আত্মীয়ৰ সৈতে সম্পৰ্কৰ অবনতি ঘটিব পাৰে৷ কোনো ডাঙৰ চেলেঞ্জো আপোনাৰ সন্মুখলৈ আহিব পাৰে৷
ধনু ৰাশি
ৰাহুৰ গোচৰৰ প্ৰভাৱত ভাল সময় আহিব ধনু ৰাশিৰ জাতকৰ জীৱনত৷ এই সময়ত সাহস আৰু আত্মবিশ্বাস তুংগত থাকিব ধনু ৰাশিৰ জাতকৰ৷ পৰিয়ালৰ সৈতে তীৰ্থযাত্ৰালৈ যাব পাৰে৷ সকলো কামতেই প্ৰচুৰ এনাৰ্জি থাকিব৷ বিদেশ যাত্ৰাৰ যোগ আছে৷ কেৰিয়াৰত উন্নতিৰ শীৰ্ষ স্থানত উপনীত হব ধনু ৰাশিৰ জাতক৷ পাৰ্টনাৰৰ সৈতে সম্পৰ্ক মধুৰ হব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ