২৮ ডিচেম্বৰ ২০২৪ শনিবাৰে চন্দ্ৰই দিনজুৰি বৃশ্চিক ৰাশিত বিৰাজ কৰিব৷ বৈদিক পঞ্জিকা অনুসৰি কাইলৈ পুহৰ কৃষ্ণা ত্ৰয়োদশী তিথি৷ কাইলৈ নিশা ৩ বাজি ৩২ মিনিট পৰ্যন্ত ত্ৰয়োদশী তিথি থাকিব৷ তাৰপাছতেই পুহৰ কৃষ্ণা চতুৰ্দশী তিথি আৰম্ভ হ’ব৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ শূল যোগ আৰু গণ্ড যোগৰ প্ৰভাৱ থাকিব৷ কাইলৈ থাকিব প্ৰথমে অনুৰাধা নক্ষত্ৰ আৰু পাছত জ্যেষ্ঠা নক্ষত্ৰৰ প্ৰভাৱ৷ এই সকলো যোগৰ প্ৰভাৱত কাইলৈ দিনটো বিশেষ মাহাত্ম্যপূৰ্ণ হ’ব৷ হিন্দুধৰ্মত শনিবাৰ হৈছে গ্ৰহৰাজৰ বাবে নিৰ্দিষ্ট দিন৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ কোন কোন ৰাশিৰ জাতকৰ জীৱনত প্ৰচুৰ সুখ সাফল্য আহিব? জানি থওক ভাগ্যবান ৰাশিৰ তালিকাত কোন কোন আছে?
মেষ ৰাশি
২৮ ডিচেম্বৰত জীৱনত সকলো সুখ সৌভাগ্য লাভ কৰিব মেষ ৰাশিৰ জাতকৰ৷ কাইলৈ আপোনাৰ সাহস আৰু ধৈৰ্য্য দুইটাই বৃদ্ধি পাব৷ শত্ৰুৱে কাইলৈ গ্ৰহৰাজৰ কৃপাত মেষ ৰাশিৰ জাতকৰ সন্মুখত পৰাজিত হ’ব৷ সামাজিক জনসেৱামূলক কামত কাইলৈ বেছিকৈ যোগ দিব আপুনি৷ যিয়ে চাকৰিৰ চেষ্টা কৰি আছে তেওঁলোকে কাইলৈ কোনো ডাঙৰ কোম্পানীৰ পৰা চাকৰিৰ প্ৰস্তাৱ পাব পাৰে৷ পৰিয়ালত সুখ থাকিব৷
সিংহ ৰাশি
কাইলৈ দিনটো ৰাশি পৰিবৰ্তন যোগৰ শুভ প্ৰভাৱত সৌভাগ্যময় হ’ব সিংহ ৰাশিৰ জাতকৰ বাবে৷ কাইলৈ আপুনি নিজৰ সকলো কাম সাফল্যৰ সৈতে সম্পন্ন হ’ব৷ শত্ৰুৱে আপোনাৰ কামত বাধাৰ সৃষ্টি কৰাৰ চেষ্টা কৰিলেও ব্যৰ্থ হ’ব৷ আপুনি নিজৰ বুদ্ধি আৰু দক্ষতা দি কৰ্মক্ষেত্ৰৰ কঠিন পৰিস্থিতিৰ মোকাবিলা কৰিব পাৰে৷ আইনী জটিলতা দূৰ হ’ব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ