ৰতন টাটাৰ প্ৰয়াণৰ পাছতো বাৰে বাৰে বহুতেই জানিব বিচাৰি আছে তেওঁৰ ব্যক্তিগত জীৱনৰ কথা৷ তেওঁৰ অপূৰ্ণ প্ৰেমৰ কথাও জানিবলৈ বহুজন আগ্ৰহী৷ লছ এঞ্জেলচত প্ৰেমত পৰিছিল বিশিষ্ট উদ্যোগী টাটা৷ কিন্তু ১৯৬২ চনত ইন্দো চায়না যুদ্ধ চলাৰ কাৰণে প্ৰেয়সীক ভাৰতলৈ পঠিয়াব নোখোজিলে পৰিয়ালে৷ ৰতন টাটা ভাৰতলৈ আহিল কিন্তু প্ৰেয়সী নাহিল৷ পূৰ্ণতা নাপালে সেই প্ৰেমে৷ কিন্তু যোগাযোগত বহু বছৰ ধৰি আছিল তেওঁলোক৷ বহু বছৰ পাছত দুয়োৰে পুনৰ দেখাও হৈছিল৷
খবৰ অনুসৰি ১৯৬০ চনত কেৰোলিন এমমনছৰ প্ৰেমত পৰিছিল ৰতন টাটা৷ কেৰোলিনে নিজে মাৰ্কিন স্থপতি ফ্ৰেডৰিক আৰ্লেৰ কন্যা৷ ফ্ৰেডৰিকৰ সৈতে ৰতন টাটাৰ পিতৃৰ যুগ্ম ব্যৱসায়ো আছিল৷ সফলভাৱে চলিছিল তেওঁলোকৰ সংস্থা জন্স এণ্ড এমছ৷ ৰতন যেতিয়া ১৯ বছৰীয়া চফল ডেকা৷ মাৰ্কিন যুক্তৰাষ্ট্ৰত পঢ়ি থকাৰ সময়তে তেওঁলোকৰ প্ৰেমৰ সম্পৰ্ক তৈয়াৰ হৈছিল৷ দুজনৰ প্ৰেমত বাধা হৈ আহিছিল সেই যুদ্ধ৷ ইন্দো-চাইনা যুদ্ধৰ কাৰণেই আধৰুৱা হৈ ৰয় দুয়োৰে প্ৰেম৷
থমাছ মেথিউ, ৰতন টাটাৰ জীৱনী ‘কেৰোলিনৰ জৱানী’ত লিখিছিল, ‘তেওঁক প্রথম দেখাতেই পছন্দ কৰিছিল ৰতন টাটাই৷ কিন্তু সেই সম্পৰ্ক দীৰ্ঘস্থায়ী নহ’ল৷ ১৯৬২ চনত ৰতন টাটাই তেওঁৰ অসুস্থ আইতাকক চাবলৈ ভাৰতলৈ আহে৷ কেৰোলিনেও বিচাৰিছিল তেওঁ এই দেশলৈ আহিব৷ কিন্তু যুদ্ধই সলাই দিলে জীৱন৷ কেৰোলিনে নিজেও তেওঁলোকৰ সম্পৰ্কক আৰু এটা সুযোগ দিব নোৱাৰি বাৰে বাৰে আফচোচো কৰিছিল৷ তাৰপাছতেই তেওঁ ৱেন জোনাছৰ সৈতে বিবাহপাশত আৱদ্ধ হয়৷ ২০০৬ চনত কেৰোলিনৰ স্বামী ৱেনৰ মৃত্যু হয়৷’
তাৰপিছত কেৰোলিন ভাৰতলৈ আহিছে৷ সূত্ৰৰ খবৰ অনুসৰি তেওঁ ভায়েকৰ এখন চিনেমা চাই টাটাৰ কথা মনত পেলাইছিল৷ গুগলত চাৰ্ছ কৰি চাইছিল ৰতন টাটাক৷ ৰতন টাটাই তেতিয়া টাটা সন্সৰ চেয়াৰমেন৷ ইমেইলত যোগাযোগ হৈছিল টাটাৰ সৈতে৷ তাৰপিছতেই তেওঁ ভাৰতলৈ আহে৷ মেথিউয়ে লিখিছে, ‘কেৰোটিনক লগ কৰিবলৈ ৰতন টাটা দিল্লীলৈ গৈছিল৷ দুয়ো একেলগে সময়ো কটাইছিল৷ তাৰপিছৰে পৰা মাজে মাজে দেশলৈ আহে কেৰোলিন৷ ২০১৭ চনত টাটাৰ ৮০সংখ্যক জন্মদিনতো আহিছিল কেৰোলিন৷ ২০২১ চনত টাটা যেতিয়া আমেৰিকালৈ গৈছিল তেতিয়াও দুয়োৱে সাক্ষাৎ কৰিছিল৷’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















