আজি শেষ নিশ্বাস ত্যাগ কৰিলে দেশৰ এগৰাকী লেখত লবলগীয়া উদ্যোগী ৰতন টাটাই। ব্যৱসায়ৰ সমান্তৰালকৈ সমাজৰ হিতৰ বাবেও কাম কৰি যোৱা উদ্যোগপতিগৰাকীৰ মৃত্যুৰ খবৰ শুনি সেমেকি উঠিছে কোটি অনুৰাগীয়ে দুচকু।
ব্যৱসায়িক দিশত অতিকৈ সফল ৰতন টাটাই কিছু পৃথক কায়দাৰে নিজৰ সকলো কাম সমাধান কৰে বাবেই তেওঁৰ মৃত্যুত আজি ভাগি পৰিছে কোটি কোটি অনুৰাগী। টাটাৰ ব্যৱসায়ৰ মূলমন্ত্ৰই আছিল মৌলিকতাইহে সফলতাৰ পথ মুকলি কৰে। যিয়ে আনক নকল কৰাৰ চেষ্টা কৰে, তেওঁ কিছু সময়ৰ বাবে সফল হয় যদিও সেই সফলতা দীৰ্ঘকালীন নহয়।
ৰতন টাটাৰ জন্ম হৈছিল দেশৰ ভিতৰতে আটাইতকৈ ধনী মুম্বাইৰ এটা পাৰ্চী পৰিয়ালত ১৯৩৭ চনৰ ২৮ ডিচেম্বৰত ৰতন টাটাৰ জন্ম হৈছিল। টাটা গ্ৰুপৰ প্ৰতিষ্ঠাপক জামছেদজী টাটা আছিল ৰতন টাটাৰ ককাক। ৰতন টাটাৰ শৈশৱ বৰ সুখৰ নাছিল। তেওঁ ডাঙৰ-দীঘল হ’ব লগা হৈছিল এটা ভগ্ন পৰিয়ালত। ১৯৪০ চনৰ মাজভাগত তেওঁৰ পিতৃ-মাতৃৰ বিবাহ বিচ্ছেদ ঘটে। তেতিয়া ৰতন টাটাৰ বয়স আছিল মাত্ৰ সাত বছৰ আৰু ভায়েক জিমীৰ বয়স আছিল পাঁচ বছৰ। আইতাক লেডী নাৱালবাঈৰ লগত থাকিয়েই শৈশৱ পাৰ কৰিছিল।
ৰতন টাটাই প্ৰায়ে কৈছিল, মানসিকতাই নিৰ্ধাৰণ কৰে আপুনি সফল হ’বনে অসফল। তেওঁ কৈছিল, কোনো এজন লোকক আনে নহয় তেওঁৰ মানসিকতাইহে নষ্ট কৰে। ৰটন টাটাই বিশ্বাস কৰিছিল যে জীৱনত কোনো বস্তুৱে লাভ কৰাটো অসম্ভৱ নহয়। এবাৰ তেওঁ কৈছিল, ‘‘মই তেনে কাম কৰি ভাল পাওঁ যিবোৰ মানুহে অসম্ভৱ বুলি ভাবে।’’
ৰতন টাটা টাটা চন্সৰ অন্তৱৰ্তীকালীন অধ্যক্ষ আছিল। তেওঁ ভাৰত আৰু বিদেশৰ সংস্থাসমূহত বিভিন্ন পদবীত সেৱা আগবঢ়াই আহিছে। টাটা প্ৰধানমন্ত্ৰীৰ ‘বাণিজ্য আৰু উদ্যোগ পৰিষদ’ আৰু ‘ৰাষ্ট্ৰীয় উৎপাদন প্ৰতিযোগিতা পৰিষদ’ৰ সদস্য। তদুপৰি তেওঁ প্ৰিট্জকাৰ আৰ্কিটেকচাৰ প্ৰাইজৰ জুৰী পেনেলত আছে যিটো বিশ্বৰ অন্যতম প্ৰিমিয়াৰ আৰ্কিটেকচাৰ প্ৰাইজ হিচাপে গণ্য কৰা হয়।
ৰতন টাটাই বিশ্বাস কৰে যে যদি আপুনি বেগত চাব বিচাৰে তেন্তে অকলে যাওক, কিন্তু যদি আপুনি বহুদূৰ যাব বিচাৰে তেন্তে একেলগে যাওক। টাটাই সদায় টীমৱৰ্কত গুৰুত্ব দিয়ে যিয়ে তেওঁক সফলতাৰ শীৰ্ষত প্ৰতিষ্ঠিত কৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ