• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰতন টাটাৰ পাছত এতিয়া কোনে দায়িত্ব ল’ব টাটা গ্ৰুপৰ

ৰতন টাটাৰ পাছত এতিয়া কোনে দায়িত্ব ল’ব টাটা গ্ৰুপৰ

2 years ago
প্ৰেমিকৰ উন্নত ভৱিষ্যতৰ বাবে প্ৰেমিকাই লুটিলে বেংক

প্ৰেমিকৰ উন্নত ভৱিষ্যতৰ বাবে প্ৰেমিকাই লুটিলে বেংক

4 minutes ago
মোদীক লৈ কি ভৱিষ্যদ্বাণী কৰিছিল ধীৰুভাই আম্বানীয়ে?

মোদীক লৈ কি ভৱিষ্যদ্বাণী কৰিছিল ধীৰুভাই আম্বানীয়ে?

1 hour ago
এই ৫ ৰাশিৰ জীৱনত আহিব পাৰে ডাঙৰ পৰিৱৰ্তন

এই ৫ ৰাশিৰ জীৱনত আহিব পাৰে ডাঙৰ পৰিৱৰ্তন

2 hours ago
জুবিন দাৰ সংগীত জীৱনৰ প্ৰাৰম্ভিক সময়ৰ কাহিনী, যোৰহাটৰ সেই বিশেষ ঘৰটো…

জুবিন দাৰ সংগীত জীৱনৰ প্ৰাৰম্ভিক সময়ৰ কাহিনী, যোৰহাটৰ সেই বিশেষ ঘৰটো…

3 hours ago
নিমিষতে কেনেকৈ পাব ৫০ হাজাৰ টকাৰ Loan?

নিমিষতে কেনেকৈ পাব ৫০ হাজাৰ টকাৰ Loan?

4 hours ago
পুৱা, দুপৰীয়া আৰু ৰাতিৰ আহাৰত কি কি খায় মোদীয়ে?

পুৱা, দুপৰীয়া আৰু ৰাতিৰ আহাৰত কি কি খায় মোদীয়ে?

4 hours ago
এই ৰাশিৰ লোকৰ বাবে আজি বিশেষ দিন

এই ৰাশিৰ লোকৰ বাবে আজি বিশেষ দিন

5 hours ago
কেতিয়া নিজকে জয়মতী বুলি ভাবিছিল কণ্ঠশিল্পী ববিতা শৰ্মাই?

কেতিয়া নিজকে জয়মতী বুলি ভাবিছিল কণ্ঠশিল্পী ববিতা শৰ্মাই?

14 hours ago
খাকী পোছাকত লাগিল দাগ! ব্যৱসায়ীক অপহৰণ কৰি ১৪ লাখ টকা লুটাৰ অভিযোগ

খাকী পোছাকত লাগিল দাগ! ব্যৱসায়ীক অপহৰণ কৰি ১৪ লাখ টকা লুটাৰ অভিযোগ

15 hours ago
কন্যা সংক্ৰান্তিঃ জীৱনত সমৃদ্ধিৰ বাবে কৰক এইকেইটা কাম

কন্যা সংক্ৰান্তিঃ জীৱনত সমৃদ্ধিৰ বাবে কৰক এইকেইটা কাম

16 hours ago
ভয়ংকৰ ঘটনা! ছাত্ৰী হোষ্টেলৰ বাথৰুমত গোপন কেমেৰা

ভয়ংকৰ ঘটনা! ছাত্ৰী হোষ্টেলৰ বাথৰুমত গোপন কেমেৰা

16 hours ago
বজাৰত চলি আছে ৭০ কোটি টকাৰ ২০টকীয়া নকল মুদ্ৰা!

বজাৰত চলি আছে ৭০ কোটি টকাৰ ২০টকীয়া নকল মুদ্ৰা!

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, September 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ৰতন টাটাৰ পাছত এতিয়া কোনে দায়িত্ব ল’ব টাটা গ্ৰুপৰ

editor by editor
October 10, 2024
in জীৱনশৈলী, বিবিধ, বিশ্ব, ভাৰত, ৰাজনীতি, লেখা
0
ৰতন টাটাৰ পাছত এতিয়া কোনে দায়িত্ব ল’ব টাটা গ্ৰুপৰ
0
SHARES
336
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ৰতন টাটাৰ পাছত এতিয়া কোনে দায়িত্ব ল’ব টাটা গ্ৰুপৰ

আজি ৰতন টাটাৰ দেহাৱসানৰ পাছত শোকস্তব্ধ হৈ পৰিছে সমগ্ৰ দেশৰ লগতে বিশ্বৰো ভিন্ন প্ৰান্তৰ লোক। ভাৰতে সঁচাকৈয়ে হেৰুৱালে এগৰাকী অমূল্য ৰত্ন। পাছে এতিয়া এটা প্ৰশ্ন উত্থাপন হৈছে- ৰতন টাটাৰ পাছত এতিয়া কোনে দায়িত্ব লব টাট গ্ৰুপৰ।

দেশৰ লগতে বিশ্বৰ অন্যতম বৃহৎ উদ্যোগপতি ৰতন টাটাৰ মুম্বাইৰ এখন চিকিৎসালয়ত মৃত্যু হয়। যোৱা কেইদিনমানৰ পৰা তেওঁ চিকিৎসালয়ত ভৰ্তি হৈ আছিল। ৰতন টাটাই এৰি থৈ গৈছে এক বৃহৎ পৰিমাণৰ সম্পত্তি, বৰ্তমানে টাটা গ্ৰুপৰ মুঠ সম্পত্তিৰ পৰিমাণ প্ৰায় ১৬৫ বিলিয়ন মাৰ্কিন ডলাৰ। ৰতন টাটাৰ মৃত্যুৰ পিছত এতিয়া আলোচনা হৈছে তেওঁৰ উত্তৰাধিকাৰ হিচাপে কোনে কাৰ্যভাৰ চম্ভালিব।

ৰতন টাটাই তেওঁৰ উত্তৰাধিকাৰী নিযুক্তি দিয়া নাছিল এনে পৰিস্থিতিত তেওঁৰ ট্ৰাষ্ট ট্ৰাষ্টীৰ মাজৰ পৰা এজন অধ্যক্ষ নিৰ্বাচিত হ’ব। টাটা গ্ৰুপৰ মূল দুটা ট্ৰাষ্ট আছে – ছাৰ দোৰাবজী টাটা ট্ৰাষ্ট আৰু ছাৰ ৰতন টাটা ট্ৰাষ্ট। এই দুয়োটা ট্ৰাষ্টে যৌথভাৱে টাটা গ্ৰুপৰ মূল কোম্পানী টাটা ছন্সত প্ৰায় ৫২ শতাংশ অংশীদাৰিত্ব লাভ কৰিছে। এই গোটটোৱে বিমান পৰিবহণৰ পৰা আৰম্ভ কৰি এফএমচিচিলৈকে পৰ্টফলিঅ’ চম্ভালে।

দুয়োটা ট্ৰাষ্টতে মুঠ ১৩ জন ট্ৰাষ্টী আছে। এইসকল লোক দুয়োটা ট্ৰাষ্টতে ট্ৰাষ্টী। ইয়াৰ ভিতৰত আছে প্ৰাক্তন প্ৰতিৰক্ষা সচিব বিজয় সিং, অটোমোবাইল খণ্ডৰ প্ৰবীণ ভেনু শ্ৰীনিবাসন, ৰতন টাটাৰ সম্পৰ্কীয় ভাতৃ আৰু ট্ৰেণ্টৰ অধ্যক্ষ নোৱেল টাটা, ব্যৱসায়ী মেহলী মিষ্ট্ৰী আৰু অধিবক্তা ডাৰিয়াছ খাম্বাটাৰ নাম।

এই ট্ৰাষ্টসমূহত অন্তৰ্ভুক্ত আন কেইজন হৈছে ছাৰ দোৰাবজী টাটা ট্ৰাষ্টৰ ট্ৰাষ্টী চিটি ইণ্ডিয়াৰ প্ৰাক্তন চিইঅ’ পৰমিত ঝাবেৰী আৰু ৰতন টাটাৰ কনিষ্ঠ ভাতৃ জিমি টাটা আৰু জাহাংগীৰ হাস্পতালৰ চিইঅ’ জাহাংগীৰ এইচ চি জাহাংগীৰ ছাৰ ৰতন টাটা ট্ৰাষ্টৰ ট্ৰাষ্টী।

টাটা ট্ৰাষ্টৰ মুৰব্বী নিৰ্বাচিত হয় ট্ৰাষ্টীৰ মাজৰ সংখ্যাগৰিষ্ঠ ভোটৰ ভিত্তিত। এই দুয়োটা ট্ৰাষ্টৰ ভাইচ চেয়াৰমেন বিজয় সিং আৰু ভেনু শ্ৰীনিবাস। কিন্তু তেওঁলোকৰ যিকোনো এজনক মুখ্য নিৰ্বাচিত হোৱাৰ সম্ভাৱনা তুলনামূলকভাৱে কম। টাটা ট্ৰাষ্টৰ মুৰব্বী হিচাপে নিযুক্তি পোৱাৰ সম্ভাৱনা বেছি ৬৭ বছৰীয়া নোৱেল টাটা। নোৱেলৰ নিযুক্তিত পাৰ্চী সমাজো সুখী হ’ব। ৰতন টাটা পাৰ্চী আছিল। ইয়াৰ দ্বাৰা এজন পাৰ্চী এই সংগঠনৰ নেতৃত্বও নিশ্চিত হ’ব। এই ট্ৰাষ্টে ২০২৩ বিত্তীয় বৰ্ষত ৪৭০ কোটিতকৈ অধিক ধন আগবঢ়াইছিল।

টাটা ট্ৰাষ্টৰ দায়িত্ব কেৱল পাৰ্চীসকলেহে লোৱাটোও এক ঐতিহাসিক সত্য। কিন্তু কিছুমানৰ নামত টাটা নাছিল আৰু ট্ৰাষ্টৰ প্ৰতিষ্ঠাপক পৰিয়ালৰ সৈতে তেওঁলোকৰ কোনো প্ৰত্যক্ষ সম্পৰ্ক নাছিল। এই ট্ৰাষ্টসমূহৰ মুৰব্বী হিচাপে নোৱেল টাটা নিৰ্বাচিত হ’লে তেওঁ ছাৰ ড’ৰাবজী টাটা ট্ৰাষ্টৰ ১১ সংখ্যক অধ্যক্ষ আৰু ছাৰ ৰতন টাটা ট্ৰাষ্টৰ ষষ্ঠ অধ্যক্ষ হ’ব। চাৰি দশকৰো অধিক সময় ধৰি টাটা গ্ৰুপৰ সৈতে জড়িত নোৱেল। তেওঁ ট্ৰেণ্ট, টাইটান আৰু টাটা ষ্টীলকে ধৰি ছটা ডাঙৰ কোম্পানীৰ ব’ৰ্ডত আছে। ২০১৯ চনত ছাৰ ৰতন টাটা ট্ৰাষ্টৰ ট্ৰাষ্টী হিচাপে নিযুক্তি লাভ কৰে। ২০২২ চনত ছাৰ দোৰাবজী টাটা ট্ৰাষ্টৰ ব’ৰ্ডত অন্তৰ্ভুক্ত হয়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: ratan tataRatan Tata LeaderTata Goup LeaderTATA group
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

প্ৰেমিকৰ উন্নত ভৱিষ্যতৰ বাবে প্ৰেমিকাই লুটিলে বেংক
অপৰাধ

প্ৰেমিকৰ উন্নত ভৱিষ্যতৰ বাবে প্ৰেমিকাই লুটিলে বেংক

September 17, 2026
মোদীক লৈ কি ভৱিষ্যদ্বাণী কৰিছিল ধীৰুভাই আম্বানীয়ে?
ভাৰত

মোদীক লৈ কি ভৱিষ্যদ্বাণী কৰিছিল ধীৰুভাই আম্বানীয়ে?

September 17, 2026
এই ৫ ৰাশিৰ জীৱনত আহিব পাৰে ডাঙৰ পৰিৱৰ্তন
জীৱনশৈলী

এই ৫ ৰাশিৰ জীৱনত আহিব পাৰে ডাঙৰ পৰিৱৰ্তন

September 17, 2026
জুবিন দাৰ সংগীত জীৱনৰ প্ৰাৰম্ভিক সময়ৰ কাহিনী, যোৰহাটৰ সেই বিশেষ ঘৰটো…
বিনোদন

জুবিন দাৰ সংগীত জীৱনৰ প্ৰাৰম্ভিক সময়ৰ কাহিনী, যোৰহাটৰ সেই বিশেষ ঘৰটো…

September 17, 2026
Next Post
মহাসপ্তমীতেই নবপত্ৰিকা স্নান! জানক গণেশৰ কাষতে থকা কলগছেৰে সজা ঢাকি থোৱা বিশেষ প্ৰতিমা প্ৰকৃততে কোন?

মহাসপ্তমীতেই নবপত্ৰিকা স্নান! জানক গণেশৰ কাষতে থকা কলগছেৰে সজা ঢাকি থোৱা বিশেষ প্ৰতিমা প্ৰকৃততে কোন?

অহা ২০ দিনলৈ ৩ ৰাশিৰ লোকৰ লাভেই লাভ, বুধ ট্ৰেনজিটৰ ফলত বিশেষ সৌভাগ্য

অহা ২০ দিনলৈ ৩ ৰাশিৰ লোকৰ লাভেই লাভ, বুধ ট্ৰেনজিটৰ ফলত বিশেষ সৌভাগ্য

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.