শিল্পপতি ৰতন টাটাৰ প্ৰয়াণত শোকস্তব্ধ দেশ। মুম্বাইৰ নেৰিমেন পয়েন্টৰ নেশ্ব্যনেল চেণ্টাৰ ফৰ পাৰফৰ্মিং আৰ্টছত বৃহস্পতিবাৰে পুৱা ১০ বাজি ৩০ মিনিটত ৰতন টাটাৰ শেষ নিশ্বাস ত্যাগ কৰাৰ খবৰ ৰাজহুৱা কৰা হৈছে। বিয়লি ৪বজাত তেওঁৰ শেষকৃত্য সম্পন্ন হব। সাধাৰণ মানুহে নেশ্ব্যনেল চেণ্টাৰ ফৰ পাৰফৰ্মিং আৰ্টছত তেওঁক শেষ শ্ৰদ্ধা জনাব পাৰিব। বিয়লি মহাৰাষ্ট্ৰৰ ওৰলিত তেওঁৰ শেষকৃত্য সম্পন্ন হব।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী এছিয়ান ইণ্ডিয়া আৰু ইষ্ট ইণ্ডিয়া সন্মিলনত যোগ দিবলৈ লাওচলৈ ৰাওনা হোৱাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা প্ৰতিনিধি হিচাপে তেওঁৰ শেষকৃত্য অনুষ্ঠানত উপস্থিত থাকিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। টাটা ট্ৰাষ্টৰ পৰা দিয়া এক বিবৃত্তিত জনোৱা হৈছে যে সাধাৰণ ৰাইজে শেষবাৰৰ বাবে ৰতন টাটাক চাবলৈ হলে নেশ্ব্যনেল চেণ্টাৰ ফৰ পাৰফৰ্মিং আৰ্টছৰ ৩নং গেটেৰে প্ৰৱেশ কৰিব পাৰিব। পাৰ্কিংৰ ব্যৱস্থা অৱশ্যে সেই স্থানত দিয়া হোৱা নাই। ইতিমধ্যেই ৰতন টাটাক শেষবাৰৰ বাবে চাবলৈ লোকে লোকাৰণ্য হৈ পৰিছে নেশ্ব্যনেল চেণ্টাৰ ফৰ পাৰফৰ্মিং আৰ্টছ। সেই স্থানত কোনো খেলিমেলি যাতে নহয় তাৰবাবে মোতায়েন কৰা হৈছে আৰক্ষীৰ লোক।
মহাৰাষ্ট্ৰ চৰকাৰৰ তৰফৰ পৰা জনোৱা অনুসৰি পূৰ্ণ ৰাষ্ট্ৰীয় মৰ্যাদাৰে তেওঁৰ শেষকৃত্য সম্পন্ন হব। বৃহস্পতিবাৰে ৰাজ্যৰ সমস্ত চৰকাৰী দপ্তৰত জাতীয় পতাকা অৰ্ধনমিত থাকিব। এই দিনটো মহাৰাষ্ট্ৰত শোক দিৱস হিচাপে পালন কৰা হব। মহাৰাষ্ট্ৰ চৰকাৰৰ সমস্ত কাৰ্যসূচি বাতিল কৰা হৈছে।
উল্লেখ্য যে বিগত সোমবাৰে তেওঁক হাস্পতালত ভৰ্তি কৰোৱা হৈছিল। বয়সজনিত কাৰণত ৰুটিন চেকআপৰ বাবে তেওঁক হাস্পতাললৈ লৈ যোৱা হৈছিল। তাতেই চিকিৎসকে তেওঁক ভৰ্তি কৰোৱাৰ পৰামৰ্শ দিয়ে। ধীৰে ধীৰে তেওঁৰ শাৰীৰিক অৱস্থাৰ অৱনতি ঘটে। বুধবাৰে তেওঁক ইনটেনচিভ কেয়াৰত ৰখা হৈছিল। বুধবাৰে নিশাই হাস্পতালত মৃত্য হৈছে কিংবদন্তি উদ্যোগীগৰাকীৰ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ