অসম লাইভ২৪ঃ ঘটনাটো মধ্যপ্ৰদেশৰ ছিন্দোৱাৰা জিলাত। এখন থানাত আৰক্ষীয়ে প্ৰচুৰ পৰিমানে মদ বাজেয়াপ্ত কৰিছিল আৰক্ষীয়ে। ইয়াৰপাছতেই বাজেয়াপ্ত হোৱা মদ থানাতেই প্লাষ্টিকৰ বটলসহিতেই থৈ দিয়া হয়। এই বাজেয়াপ্ত কৰা মদ থানাত ৰখাৰ সময়তেই ঘটিল বিশেষ ঘটনা। আৰক্ষীয়ে দেখা পাই যে, আনি থোৱা ৬০ বটল মদ ইতিমধ্যেই খালী হৈ পৰিছে। থানাৰ পৰা বাজেয়াপ্ত মদ হেৰুওৱাৰ অভিযোগত এজনক গ্ৰেপ্তাৰো কৰিছে আৰক্ষীয়ে। কিন্তু এই অভিযুক্ত কোনো মানুহ নহয়। এন্দুৰৰ বিৰুদ্ধেই এই অভিযোগ তুলিছে আৰক্ষীয়ে। কেৱল সেয়াই নহয়, এই অপৰাধত আৰক্ষীয়ে এটা এন্দুৰক গ্ৰেপ্তাৰো কৰিছে। এই ঘটনা মধ্যপ্ৰদেশৰ।
গ্ৰেপ্তাৰৰ পাছতেই এন্দুৰক আদালতত পেছো কৰিছে আৰক্ষীয়ে। আৰক্ষীৰ এই কাণ্ডত হতবাক হৈছে বিচাৰপতিও। এই ঘটনা পোহৰলৈ আহোঁতেই মধ্যপ্ৰদেশত আৰম্ভ হৈছে চৰ্চা।
ঘটনাটো মধ্যপ্ৰদেশৰ ছিন্দোয়াৰা জিলাৰ। ছিন্দোৱাৰা আৰক্ষীয়ে প্ৰচুৰ পৰিমানে মদ বাজেয়াপ্ত কৰিছিল। ইয়াৰপাছতেই বাজেয়াপ্ত কৰা মদ প্লাষ্টিকেৰে পেক কৰি থানাৰ সামগ্ৰী ৰখা স্থানত থোৱা হৈছিল। সেই বাজেয়াপ্ত কৰা মদ আদালতত পেছ কৰাৰ কথা আহোতেই ঘটিল অঘটন। আৰক্ষীয়ে দেখা পায় যে ৬০ বটল মদ ইতিমধ্যেই খালী হৈ পৰিছে। আৰক্ষীয়ে খালী বটলসমূহ নিৰীক্ষণ কৰোতে দেখা পায় যে আটাইকেইটা বটলেই ফুটা হৈ আছে।
আদালতক আৰক্ষীয়ে দিয়া যুক্তিমতে বাজেয়াপ্ত মদ মজুত ৰখা হৈছিল এটা পূৰণা ভৱনত। তাতেই এন্দুৰৰ উৎপাত পূৰ্বৰে পৰাই আছিল। ইয়াৰ পূৰ্বেও থানাৰ বহু গুৰুত্বপূৰ্ণ নথি নষ্ট কৰিছে এন্দুৰে। নিজৰ যুক্তিৰ স্বপক্ষে আৰক্ষীয়ে এটা এন্দুৰো ধৰি লৈ গৈছিল। এন্দুৰটোকেই প্ৰমাণ হিচাপে আদালতত পেছ কৰা হয়। এই মদৰ পাৰ্টীত কিমান এন্দুৰ আছিল সেই কথা অৱশ্যে জনোৱা নাই মধ্যপ্ৰদেশ আৰক্ষীয়ে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ