ভাৰতীয় দলত কেতিয়া স্থান পাব বৈভৱে, ৰবি শাস্ত্ৰীয়ে দিলে ইংগিত
১৪ বছৰীয়া বৈভৱ গুণগান ক্ৰিকেট জগতত এতিয়া সকলোফালে। অনুৰাগীৰ মনতো এটাই প্ৰশ্ন ভাৰতীয় জাতীয় দলত কেতিয়া স্থান পাব বৈভৱে। ইংলেণ্ডৰ বিৰুদ্ধে চলি থকা ১৯ অনুৰ্ধ খেলত ভাৰতৰ হৈ মাত্ৰ ৫২টা বলত শতক অৰ্জন কৰি বিশেষ ভাৱে চৰ্চিত বৈভৱ।
বৈভৱে ৭৮টা বলত ১৪৩ ৰানৰ ইনিংছ খেলে। এই ইনিংছত বৈভৱে ১০টা ছয় আৰু ১৩টা চাৰি কোবাই। বৈভৱৰ অগ্নিময় ইনিংছ দেখি ৰবি শাস্ত্ৰীয়ে ক্ৰিকেট কেৰিয়াৰৰ বিষয়ে ভৱিষ্যদ্বাণী কৰিছে, লগতে এই ১৪ বছৰীয়া বেটছমেনে কেতিয়া ভাৰতীয় দলত অভিষেক ঘটাব পাৰিব সেই বিষয়েও কৈছে।
বৈভৱৰ সন্দৰ্ভত প্ৰাক্তন মুখ্য প্ৰশিক্ষক ৰবি শাস্ত্ৰীয়ে কয় যে, অহা কেইবছৰমানৰ ভিতৰত জাতীয় দলত স্থান লাভ কৰিবলৈ সূৰ্য্যবংশীয়ে প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত আয়ত্ত কৰাটোহে প্ৰয়োজন, তাৰ পিছত তেওঁ ভাৰতীয় জাতীয় দলৰ অংশ হ’ব।
উল্লেখ্য যে, আই পি এল ২০২৫ৰ পৰা লাইমলাইটলৈ আহিছিল বৈভৱ সূৰ্যবংশী। ৰাজস্থান ৰয়েলছৰ হৈ খেলি থকাৰ সময়তে টি-২০ৰ ইতিহাসত শতক অৰ্জন কৰা আটাইতকৈ কম বয়সীয়া খেলুৱৈ হিচাপে পৰিগণিত হৈছিল বৈভৱ। একে সময়তে আই পি এলৰ ইতিহাসত সৰ্বাধিক দ্ৰুত শতক অৰ্জন কৰা খেলুৱৈসকলৰ ভিতৰত ক্ৰীছ গেইলৰ পিছতে দ্বিতীয় স্থানত আছে বৈভৱৰ নাম।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ