১৪ বছৰ বয়সতে মডেল, পাছলৈ জনপ্ৰিয় অভিনেত্ৰী, ছলমান-ৰনবীৰৰ সৈতে সম্পৰ্ক
বলীউডৰ ইতিহাসত অভিনেত্ৰী হোৱাৰ পূৰ্বে প্ৰায় সকলোৱে মডেল হিচাপে নাম গঢ়ে। তেনেই এগৰাকী অভিনেত্ৰীয়ে মাথো ১৪ বছৰ বয়সতে মডেল হিচাপে সফলতা অৰ্জন কৰে। যি পাছলৈ ভাৰতৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী হৈ পৰে। বলীউডক দিয়ে বহু কেইখন জনপ্ৰিয় ছবিয়ো।
ডাঙৰ ডাঙৰ ছুপাৰষ্টাৰৰ সৈতে প্ৰেমৰ সম্পৰ্কতো নাম সাঙোৰ খায়। ছলমান খান, ৰনবীৰ কাপুৰ আছিল এটা সময়ত প্ৰেমিক। বৰ্তমানে আন এগৰাকী বলীউড ছুপাৰষ্টাৰৰ পত্নী। সেই মডেল তথা অভিনেত্ৰীগৰাকীয়ে হৈছে- কেটৰিনা কাইফ।
কেটৰিনা কাইফৰ বলীউডত এক সুন্দৰ যাত্ৰা। বিদেশত জন্মগ্ৰহণ কৰা এইগৰাকী সুন্দৰীয়া অতি কম বয়সতে ভাৰতলৈ আহে। প্ৰথমে মডেলিং জগত, তাৰ পিছত বলীউড ব্যস্ত হৈ পৰে।
কেটৰিনাই মাত্ৰ ১৪ বছৰ বয়সৰ পৰাই মডেলিং কেৰিয়াৰ আৰম্ভ কৰিছিল। ১৯৮৩ চনৰ ১৬ জুলাইত ব্ৰিটিছ হংকঙত জন্মগ্ৰহণ কৰা কেটৰিনা কেতিয়াও স্কুললৈ যোৱা নাছিল। কাৰণ ১৮খন ভিন্ন দেশত কটাবলগা হৈছিল শৈশৱ। যাৰ বাবে কোনোদিনে বিদ্যালয়ৰ মুখ নেদেখিলে কেটৰিনাই।
১৪ বছৰ বয়সত হাৱাইত অনুষ্ঠিত এক সৌন্দৰ্য্য প্ৰতিযোগিতাত খিতাপ দখল কৰাৰ পৰাই আৰম্ভ গৈছিল কেটৰিনাৰ মডেলিং কেৰিয়াৰ।
কেটৰিনাই বহু বছৰ ধৰি মডেলিং কৰিছিল, পিছত ভাৰতলৈ আহি মডেলিঙৰ লগতে সৌন্দৰ্যৰ বাবে চিনেমাত কাম কৰাৰ সুযোগ লাভ কৰে। ২০০৩ চনৰ ‘বুম’ ছবিৰ পৰা আৰম্ভ হৈছিল কেটৰিনাৰ অভিনয় কেৰিয়াৰ, কিন্তু ছবিখন ফ্লপ হৈছিল।
অৱশ্যে অতি সোনকালেই বলীউডত নাম উজলাবলৈ সক্ষম হৈছি কেটৰিনাই। ছালমান খানৰ জৰিয়তে বলীউডত বহু কেইখন ছবি লাভ কৰাৰ লগতে জনপ্ৰিয়তা লাভ কৰিছিল।
ছলমান খান আৰু ৰণবীৰ কাপুৰৰ পিছত ২০১৯ চনত কেটৰিনাৰ জীৱনত প্ৰৱেশ কৰে জনপ্ৰিয় অভিনেতা বিকি কৌশলে। দুয়ো প্ৰায় দুবছৰ ধৰি ডেটিং কৰি, পিছত ২০২১ চনত ৰাজস্থানত ৰজাঘৰীয়া শৈলীত বিবাহপাশত আবদ্ধ হয়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ