ভাৰতীয় অলৰাউণ্ডাৰৰ নতুন ইনিংছ, বিজেপিত যোগদান ৰবীন্দ্ৰ জাদেজাৰ
ভাৰতীয় দলৰ তাৰকা অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজাই শেহতীয়াকৈ টি-২০ ইণ্টাৰনেশ্যনেলৰ পৰা অৱসৰ ঘোষণা কৰিছিল। এতিয়া তেওঁ নতুন ইনিংছ আৰম্ভ কৰিবলৈ ওলাইছে। ক্ৰিকেটৰ পথাৰৰ পৰা ৰাজনীতিত ভৰি দিছে খেলুৱৈগৰাকীয়ে।
আজি আনুষ্ঠানিকভাৱে ভাৰতীয় জনতা পাৰ্টিৰ সদস্য হৈ পৰে ৰবীন্দ্ৰ জাদেজা। জামনগৰৰ বিধায়ক তথা ৰবীন্দ্ৰ জাদেজাৰ পত্নী ৰিভাবা জাদেজাই এক্সৰ জৰিয়তে এই তথ্য সদৰি কৰে।
পত্নী ৰিভাবা জাদেজাৰ সৈতে কেইবাবাৰো প্ৰচাৰ চলোৱা দেখা গৈছিল ৰবীন্দ্ৰ জাদেজাক। বহুতো ৰোড শ্ব’টো দেখা গৈছিল ভাৰতীয় ক্ৰিকেটাৰগৰাকীক। এতিয়া বিজেপিত যোগদানৰ জৰিয়তে ৰাজনীতিত প্ৰৱেশ কৰে। অৱশ্যে ৰাজনীতিৰ সমানে ক্ৰিকেট কেৰিয়াৰো চলাই যাব ক্ৰিকেটাৰগৰাকীয়ে।
উল্লেখ্য যে, চলিত মাহতে অনুষ্ঠিত হ’বলগীয়া বাংলাদেশৰ বিৰুদ্ধে টেষ্ট শৃংখলাত খেলা দেখা যাব জাদেজাক। শেষবাৰৰ বাবে ২০২৪ চনৰ টি-২০ বিশ্বকাপত খেলিছিল জাদেজাই। বিশ্বকাপ জয়ৰ পাছতে জাদেজাই টি-২০ ফৰ্মেটক বিদায় জনাইছিল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ