৬ বছৰ ৰিজাৰ্ভ বেংকৰ গভৰ্নৰৰ দায়িত্ব পালনৰ পাছত অৱসৰ লৈছে শক্তিকান্ত দাসে৷ কেন্দ্ৰীয় চৰকাৰৰ ৰাজহ সচিব সঞ্জয় মলহোত্ৰক ৰিজাৰ্ভ বেংকৰ পৰবৰ্তী গভৰ্নৰ হিচাপে ইতিমধ্যেই নিয়োগ কৰা হৈছে৷ কিন্তু RBIৰ গভৰ্নৰৰ মাহিলী দৰমহা কিমান?
তথ্য জনাৰ অধিকাৰ আইনত ৰিজাৰ্ভ বেংকৰ প্ৰাক্তন গভৰ্নৰৰ দৰমহা জানিবলৈ এক আবেদন কৰিছিল সংবাদমাধ্যম মানি কণ্ট্ৰলে৷ সেই আবেদনৰ উত্তৰত ৰিজাৰ্ভ বেংকে জনাই যে শক্তিকান্ত দাসে বিগত অৰ্থবৰ্ষত মাহিলী আঢ়ৈ লাখ টকাকৈ পাৰিশ্ৰমিক পাইছিল৷ ইয়াৰোপৰি ৰিজাৰ্ভ বেংকৰ গভৰ্নৰে মুম্বাইৰ মালাবাৰ হিলছত এটা বাংলো পাই যাৰ আনুমানিক বজাৰমূল্য প্ৰায় ৪৫০ কোটি টকা৷ মানি কন্ট্ৰলৰ ৰিপৰ্ট অনুসৰি শক্তিকান্ত দাসৰ সহকাৰী অধিকাৰীসকলৰ দৰমহা সম্পৰ্কেও জানিব পাৰিছিল৷ সেই উত্তৰত কোৱা হৈছে যে চাৰিজন ডেপুটি গভৰ্নৰ এম ডি পাত্ৰ, এম ৰাজেশ্বৰ ৰাও, এম কে জৈন আৰু টি ৰবিশংকৰে বিগত অৰ্থবৰ্ষত প্ৰতি মাহে পাৰিশ্ৰমিক হিচাপে পাইছিল ২লাখ ২৫ হাজাৰ টকা৷ প্ৰতিমাহে ২লাখ ১৬ হাজাৰ টকা পাৰিশ্ৰমিক পাইছিল অনিলকুমাৰ শৰ্মা, শিৰীষচন্দ্ৰ মুৰ্মু, ওমপ্ৰকাশ মল আৰু মৃদুলকুমাৰ সাগৰৰ দৰে এগজিকিউটিভ কৰ্তাসকলেও৷
বিগত অৰ্থ বৰ্ষত বাৰ্ষিক ২৭ লাখ টকা পাৰিশ্ৰমিক পাইছিল ষ্টেট বেংক অফ ইণ্ডিয়াৰ চেয়াৰমেন দীনেশ খাৰাৰে৷ মহাৰ্ঘ্য ভাট্টা হিচাপে তেওঁ সেই সময়কালত পাইছিল ৭লাখ ৪২ হাজাৰ ৫০০ টকা৷ বেংক অফ বৰোদাৰ মেনেজিং ডাইৰেক্টৰ আৰু চিফ এগজিকিউটিভ অফিচাৰ সঞ্জীৱ চাড্ডাই ২০২২-২৩ অৰ্থবৰ্ষত পাইছিল ৩৮.১৯ লাখ টকা পাৰিশ্ৰমিক৷ ইয়াৰোপৰি ২লাখ ২৭ হাজাৰ টকা পাইছিল আনুষঙ্গিক হিচাপে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ