নিম্ন আদালতে ১৪ দিন জে’ল দিছিল আল্লু অৰ্জূনক৷ কিন্তু তেলেংগানা উচ্চ ন্যায়ালয়ে তাৰকা অভিনেতা আল্লু অৰ্জুনক অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰে৷ অৰ্থাৎ ১৪ দিন চাঞ্চলগুডা কেন্দ্ৰীয় কাৰাগাৰত থাকিব নালাগে পুষ্পাৰ তাৰকা অভিনেতা আল্লু অৰ্জূনক৷
৪ ডিচেম্বৰত ‘পুষ্পা ২’ৰ প্ৰিমিয়াৰৰ সময়ত হায়দৰাবাদৰ সন্ধ্যা থিয়েটাৰত সংঘটিত হোৱা ভয়াবহ ঘটনাৰ সৈতে নাম সাঙোৰ খাই গ্ৰেপ্তাৰ হৈছিল অভিনেতা আল্লু। প্ৰিমিয়াৰলৈ আহি এগৰাকী মহিলাৰ অত্যধিক ভিৰৰ বাবে পদপিষ্ট হৈ মৃত্যু হৈছিল৷ একে সময়তে এটা শিশুও অচেতন হৈ পৰিছিল। তাৰপিছতেই অনুমতি নোহোৱাকৈ ইমান ডাঙৰ অনুষ্ঠান আয়োজন কৰাৰ বাবে বিপদত পৰিছিল অভিনেতা আল্লুও৷
আজি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পাছতেই নিম্ন আদালতে তেওঁক ১৪ দিন ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছিল৷ তাৰপিছতেই আল্লু অৰ্জুনৰ গোচৰৰ শুনানি অনুষ্ঠিত হয় তেলেংগানা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ জুৱ্বদী শ্ৰীদেৱীৰ আদালতত। ইয়াৰ পিছতেই বহু তৰ্ক-বিতৰ্কৰ অন্তত আদালতে তেওঁক অন্তৱৰ্তীকালীন জামিন মঞ্জুৰ কৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ