১৩ জানুৱাৰী ২০২৫ পুহৰ পূৰ্ণিমা তিথিৰ পৰা আৰম্ভ হ’ব মহাকুম্ভ৷ প্ৰতি ১২ বছৰৰ পাছে পাছে তীৰ্থৰাজ প্ৰয়াগৰাজত কুম্ভমেলা আয়োজিত হয়৷ কুম্ভমেলাৰ অন্যতম আকৰ্ষণ হৈছে নগা সন্ন্যাসীসকল৷ কুম্ভমেলাতেই সাধাৰণ মানুহে এই নগা সন্ন্যাসীসকলৰ দৰ্শন পায়৷ সমগ্ৰ শৰীৰত ভষ্ম সানি চুলিত জঁটা বন্ধা সন্ন্যাসীসকল অন্য সময়ত সাধাৰণতে দেখা নাযায়৷ বছৰৰ বেছিভাগ সময়ত নগা সাধুসকলে গভীৰ বননি বা পাহাৰৰ গুহাত সাধনাত মগ্ন হৈ থাকে৷
নগা সন্ন্যাসী মানে নগ্ন৷ এওঁলোকক লৈ সাধাৰণ মানুহৰ সেয়ে বহু কৌতুহল থাকে৷ নগা সন্ন্যাসীসকলক লৈ এই সকলো প্ৰশ্ন সাধাৰণ মানুহৰ মূৰত থাকে যে এওঁলোকে শীততো কেনেকৈ পোছাক নিপিন্ধাকৈ থাকিব পাৰে?
নগা সন্ন্যাসী প্ৰকৃততে কি?
নগা সন্ন্যাসী সহজে হ’ব নোৱাৰি৷ নগা সাধু হ’বলৈ হ’লে ১২ বছৰৰ কঠোৰ সাধনাৰ প্ৰয়োজন৷ নগা সন্ন্যাসী হোৱাৰ সাধনাত যেতিয়া তেওঁলোক ব্ৰতি হৈ থাকে তেতিয়া তেওঁলোকে কৌপীন পৰিধান কৰি থাকে৷ কুম্ভ মেলাত স্নান কৰাৰ সময়ত এই কৌপীন বিসৰ্জন দিয়ে নগা সন্ন্যাসীসকলে৷ বহুতৰে মতে এই নগা সন্ন্যাসীসকলে যি কঠোৰ সাধনা কৰে সেই সাধনা দেশৰ সেনাবাহিনীৰ অনুশীলনতকৈয়ো কঠিন হয়৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ