অসম লাইভ ২৪ঃ ৰাজস্থানৰ কুম্ভকৰ্ণক লৈ ছ’চিয়েল মিডিয়াত চৰ্চা। মহাকাব্য ৰামায়ণৰ পৌৰাণিক চৰিত্ৰ কুম্ভকৰ্ণ নহয়, বাস্তৱ জীৱনত এগৰাকী কুম্ভকৰ্ণ। সাধাৰণতে বছৰটোৰ ৩০০ দিনেই শুই থকা এগৰাকী ব্যক্তি। ব্যক্তিগৰাকীৰ প্ৰকৃত নাম পোৰ্খৰাম। স্বাভাৱিকতে এগৰাকী সুস্থ ব্যক্তি দৈনিক ৬-৮ ঘণ্টা শোৱাৰ বিপৰীতে পোৰ্খৰাম শুৱে একেৰাহে ২৫ দিন পৰ্যন্ত। ৰাজস্থানৰ নাগপুৰ জিলাৰ এই ব্যক্তিগৰাকীক ‘কুম্ভকৰ্ণ’ আখ্যা দিয়ে গাওঁবাসীয়ে। প্ৰকৃততে ৪২ বছৰীয়া পোৰ্খৰাম axis hypersomnia নামৰ এটা দুৰাৰোগ্য ৰোগত আক্ৰান্ত। ২৩ বছৰ পূৰ্বে এই ৰোগত আক্ৰান্ত হৈছিল পোৰ্খৰাম। তেতিয়াৰ পৰাই ব্যক্তিৰ সাধাৰণ জীৱন ধাৰণৰ প্ৰণালীৰ পৰা কিছু পৃথক হয় পোৰ্খৰামৰ জীৱন। পৰিয়ালৰ লোকৰ সহযোগত টোপনিতেই সকলো কাম সম্পন্ন কৰে ব্যক্তিগৰাকীয়ে। এনেদৰেই ২৩বছৰ ধৰি এক ব্যতিক্ৰম ধৰণেৰে জীৱন অতিবাহিত কৰি আহিছে ব্যক্তিগৰাকীয়ে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ