অসম লাইভ ২৪ঃ কৰোণাই সলনি কৰিলে সমাজ ব্যৱস্থা। কৰোণাই সলনি কৰিলে আৰ্থিক ব্যৱস্থা। কৰোণাই সলনি কৰিলে যাতায়াত আৰু চলন-ফুৰনৰ ব্যৱস্থা। অৰ্থাৎ কৰোণাৰ কাৰণে প্ৰায় সম্পূৰ্ণ সলনি হ’ল আমাৰ পাৰিপাৰ্শ্বিক সমাজ ব্যৱস্থা। কিন্তু অসমৰ একাংশ লোকক কৰোণা, SOPৰ কোনো কঠোৰতায়ো নোম এডালো চিঙিব নোৱাৰিলে।
বৰঞ্চ তেওঁলোকৰ সক্ৰিয়তা কৰোণা কালত পূৰ্বতকৈ বৃদ্ধি পালে। আৰু সেই বিশেষ ব্যক্তি সকল হ’ল আমাৰ ৰাজ্যৰ সুৰাপায়ীসকল। কোভিড পৰিস্থিতিত সমাজৰ নিয়ম সলনি হ’ল কিন্তু সুৰাপায়ীসকলৰ কোনো নিয়ম সলনি নহ’ল। তেওঁলোক পূৰ্বতে যেনে থাকিল কৰোণা কালতো তেওঁলোকৰ নিজৰ স্থিতি সেই একেই থাকিল। কাৰণ অসমৰ একাংশ সচেতন ৰাইজক আচৰিত কৰি তুলিছে এটা বিশেষ তথ্যই। সেই তথ্য হৈছে মাঘ বিহু আৰু ৩১ ডিচেম্বৰত ৰাজ্যত বিক্ৰি হোৱা সুৰাৰ হিচাপে।
তথ্য অনুসৰি অভিলেখ সৃষ্টি কৰি কেৱল উৰুকাৰ দিনটোতে গুৱাহাটী মহানগৰত সুৰাৰ বিক্ৰি হৈছিল ২.৭৫ কোটি টকা। আৰু মাত্ৰ এটা দিনত বিক্ৰি হোৱা এই ধনৰ পৰিমাণ নিতান্তই আমাৰ ৰাজ্যখনৰ আৰ্থিক দিশটোৰ সৱল কৰাৰ বাবে খুবেই এক আশাব্যঞ্জক খৱৰ । কিন্তু ইয়াৰ বিপৰীতে অসমৰ সমাজ জীৱনৰ বাবে এই খৱৰ অত্যন্ত দুখজনক খৱৰ। কিয়নো সুৰা বিক্ৰিৰ লগে লগে ৰাজ্যত পূৰ্বতকৈ বৃদ্ধি হৈছে সুৰাসেৱন কৰা লোকৰ সংখ্যা।
যি খৱৰে ৰাজ্যখনৰ এটা অতি ভয়াৱহ দিশ এটাক উন্মোচিত কৰিছে। ইয়াৰ পূৰ্বেও ৩১ ডিচেম্বৰ দিনটোত কেৱল মহানগৰত বিক্ৰি হৈছিল অভিলেখ সংখ্যক সুৰা। যাৰ মুঠ ধনৰ পৰিমাণ আছিল প্ৰায় ৬ কোটি টকা। আৰু সুৰা বিক্ৰি কৰি গঢ়া এই অভিলেখ নিশ্চয় কৈ আমাৰ সমাজৰ বাবে এক ইতিবাচ দিশ কেতিয়াও হ’ব নোৱাৰে। এয়া ৰাজ্যবাসীৰ বাবে চিন্তাৰ কাৰণ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ