অসম লাইভ ২৪ঃ
নতুন ৰেচন কাৰ্ডৰ বাবে ২৫ জানুৱাৰীৰ ভিতৰত কৰক আৱেদন
অন্যথা আপুনি নাপাব নতুন ৰেচন কাৰ্ড
জিলাই জিলাই চলি আছে আৱেদনৰ প্ৰক্ৰিয়া
নতুন ৰেচন কাৰ্ডৰ বাবে কেনেদৰে কৰিব আৱেদন?
গাওঁ পঞ্চায়ত নাইবা পৌৰসভাৰ কাৰ্যালয়ত শীঘ্ৰেই কৰক আৱেদন
আৱেদন কৰিব পাৰিব আৰ্থিকভাৱে দূৰ্বল, ভূমিহীন, গৃহহীন, কৰ্কট ৰোগী, HIV পজিটিভ
বিশেষভাৱে সক্ষম, বৃদ্ধাশ্ৰমৰ বাসিন্দা, পিতৃ-মাতৃহীন লৰাছোৱালী বাবেও আছে সুবিধা
ঘৰুৱা সহায়ক সহায়িকা, চাহ শ্ৰমিক, যৌন কৰ্মী, লিংগ পৰিৱৰ্তন কৰা ব্যক্তিলৈয়ো অগ্ৰাধিকাৰ
পৰিয়ালৰ বাৰ্ষিক আয় হ’ব লাগিব ২.৫ লাখৰ তলত
নতুন ৰেচন কাৰ্ডৰ বাবে দিব লাগিব কি কি তথ্য?
মূল হিতাধীকাৰীসকলৰ বেংক একাউণ্টৰ নম্বৰ,
পৰিয়ালৰ প্ৰতিজন সদস্যৰ আধাৰ কাৰ্ডৰ কপি
বিশেষভাৱে সক্ষমতাৰ প্ৰমাণপত্ৰ
আৱেদনকাৰীৰ ফটোৰ লগতে পৰিয়ালৰ সকলো সদস্যৰ পাছপৰ্ট ফটো
জটিল ৰোগত আক্ৰান্ত হোৱাৰ প্ৰমাণপত্ৰ
পৰিয়ালৰ বাৰ্ষিক আয়ৰ প্ৰমাণপত্ৰ
গাওঁ প্ৰধান, পঞ্চায়তৰ সভাপতি, পৌৰসভাৰ প্ৰমাণপত্ৰ
জন্মৰ প্ৰমাণপত্ৰ দি ২৫ জানুৱাৰীৰ ভিতৰত কৰিব লাগিব আৱেদন
এই আঁচনিত আছে বিনামূলীয়া ৰেচনৰ লগতে ৫ লাখ টকাৰ চিকিৎসা ব্যয়
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ