• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মহাকাশত নিজলৈ এটুকুৰা মাটি কিনি থোৱা লৰাজনৰ আজি ওপজা দিন, অনুপস্থিতিতো আয়োজন কৰা হৈছে সুশান্ত সিং ৰাজপুতৰ ওপজা দিনৰ…

মহাকাশত নিজলৈ এটুকুৰা মাটি কিনি থোৱা লৰাজনৰ আজি ওপজা দিন, অনুপস্থিতিতো আয়োজন কৰা হৈছে সুশান্ত সিং ৰাজপুতৰ ওপজা দিনৰ…

4 years ago
ব্যক্তিগত খণ্ডত চাকৰি কৰাসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ

ব্যক্তিগত খণ্ডত চাকৰি কৰাসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ

2 minutes ago
PCOD আৰু Ovarian Cysts ৰ সমস্যা কিয় বৃদ্ধি পাইছে?

PCOD আৰু Ovarian Cysts ৰ সমস্যা কিয় বৃদ্ধি পাইছে?

26 minutes ago
ভুলতো নকৰিব এইবোৰ কাম, হ’ব অৰ্থ নাশ!

ভুলতো নকৰিব এইবোৰ কাম, হ’ব অৰ্থ নাশ!

35 minutes ago
চিকিৎসালয়ত পাব বিনামূলীয়া চিকিৎসা, যদি হাতত আছে এইখন কাৰ্ড!

চিকিৎসালয়ত পাব বিনামূলীয়া চিকিৎসা, যদি হাতত আছে এইখন কাৰ্ড!

2 hours ago
ৰোমান্টিক দৃশ্যৰ শ্বুটিঙৰ সময়ত নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে নায়িকাই! তাৰ পিছত…

ৰোমান্টিক দৃশ্যৰ শ্বুটিঙৰ সময়ত নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে নায়িকাই! তাৰ পিছত…

2 hours ago
আকাশৰ পৰা পৰী হৈ উৰি আহি কইনা পৰিলগৈ বেলেগৰ বিয়াত, দৰাই আকাশী পৰী পাই পাতি থাউকতে পাতি থ’লে বিয়া

সলনি হ’ব ভাগ্য, যদি বিয়া পাতে এই ৰাশিৰ যুৱকৰ সৈতে!

3 hours ago
‘BF এ মোক উপহাৰ দিয়া বাবে লৈছিলো!’, সোণ বিক্ৰী কৰি সঁচাকৈ প্ৰেমিকাক উপহাৰ দিছিল নেকি য়শ আগৰৱালে?

‘BF এ মোক উপহাৰ দিয়া বাবে লৈছিলো!’, সোণ বিক্ৰী কৰি সঁচাকৈ প্ৰেমিকাক উপহাৰ দিছিল নেকি য়শ আগৰৱালে?

3 hours ago
১ ছেপ্টেম্বৰৰ পৰা সলনি হ’ব ৫টা ডাঙৰ নিয়ম, নকৰিব ভুল!

১ ছেপ্টেম্বৰৰ পৰা সলনি হ’ব ৫টা ডাঙৰ নিয়ম, নকৰিব ভুল!

5 hours ago
পি এম আৱাস যোজনাৰ অধীনত ঘৰ পোৱা নাই নেকি? এইদৰে কৰক আবেদন

পি এম আৱাস যোজনাৰ অধীনত ঘৰ পোৱা নাই নেকি? এইদৰে কৰক আবেদন

6 hours ago
কফি খালে বৃক্কত পাথৰ হয় নেকি? বিশেষজ্ঞই কি ক’লে জানো আহক…

কফি খালে বৃক্কত পাথৰ হয় নেকি? বিশেষজ্ঞই কি ক’লে জানো আহক…

8 hours ago
আজি কোন ৰাশিৰ জীৱনলৈ আহিব বৃহৎ পৰিৱৰ্তন?

আজি ভাগ্যৰ দুৱাৰ খোল খাব ৫ ৰাশিৰ! ধন-সম্পদৰ লগতে পাব সুখবৰ

9 hours ago
শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!

আজি ৩ ৰাশিৰ ভাগ্যই দেখুৱাব খেল! জানক কাৰ কেনে যাব দিনটো

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, August 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

মহাকাশত নিজলৈ এটুকুৰা মাটি কিনি থোৱা লৰাজনৰ আজি ওপজা দিন, অনুপস্থিতিতো আয়োজন কৰা হৈছে সুশান্ত সিং ৰাজপুতৰ ওপজা দিনৰ…

editor by editor
January 21, 2023
in চিনেমা, জীৱনশৈলী, ভাৰত
0
মহাকাশত নিজলৈ এটুকুৰা মাটি কিনি থোৱা লৰাজনৰ আজি ওপজা দিন, অনুপস্থিতিতো আয়োজন কৰা হৈছে সুশান্ত সিং ৰাজপুতৰ ওপজা দিনৰ…
0
SHARES
482
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ এদিন তেওঁ জী টিভিত ভুমুকি মাৰিছিল। দেশৰ প্ৰায়সংখ্যক লোকৰ ঘৰে ঘৰে হৈছিল তেওঁৰ চৰ্চা। মানৱে আজি এইটো কৰিলে, মানৱৰ আগন্তুক পদক্ষেপ কি হ’ব?ইত্যাদি ইত্যাদি। পূৰ্বে তেওঁ টেলিভিছনৰ পৰ্দাত ভুমুকি মাৰিছিল যদিও ‘পৱিত্ৰ ৰিস্তা’ ধাৰাবাহিকৰ জৰিয়তে সকলোৰে মনত সোমাই পৰিছিল। প্ৰকৃত নাম বহুতেই হয়তো সেই সময়ত জনা নাছিল। মুঠৰ ওপৰত মানৱ এটা যুগৰ নাৰীৰ ক্ৰাছ, সেই কথা বিনাদ্বিধাই ক’ব পাৰি। মানৱ চৰিত্ৰটোৰে সকলোৰে হৃদয়ত ঠাই লোৱা সুশান্ত সিং ৰাজপুতৰ আজি ওপজা দিন। সপোনপিপাসী সুশান্ত আজি আমাৰ মাজত নাই যদিও দেশজুৰি ওপজা দিনটোত চলিছে তেওঁৰ চৰ্চা।

দুৰদৰ্শনৰ ধাৰাবাহিকত অভিনয়ৰ জৰিয়তে কৰ্মজীৱনৰ পাতনি মেলিছিল সুশান্তে। তেওঁ পোন প্ৰথমে ষ্টাৰ প্লাছৰ ৰোমাণ্টিক ধাৰাবাহিক ‘কিচ দেশ মে হে মেৰা দিল’ত (২০০৮) অভিনয়ৰ সুযোগ লাভ কৰিছিল। তাৰপিছত তেওঁক জী টিভিৰ জনপ্ৰিয় ধাৰাবাহিক ‘পৱিত্ৰ ৰিস্তা’ (২০০৯-১১) ৰ মুখ্য চৰিত্ৰ ‘মানৱ’ৰ ৰূপত দেখা গৈছিল। ২০১৩ চনত ‘কাই প’ চে’ৰ জৰিয়তে তেওঁ বলীউডত প্ৰৱেশ কৰে। এই ছবিত কৰা অভিনয়ৰ বাবে তেওঁ ফিল্মফেয়াৰ বঁটাৰ শ্ৰেষ্ঠ নৱাগত শিল্পীৰ শিতানতো মনোনীত হৈছিল। তাৰপিছত তেওঁ ‘শুদ্ধ দেশী ৰোমাঞ্চ’ (২০১৩) আৰু ‘ডিটেক্টটিভ ব্যোমকেশ বক্সি’ (২০১৫) ছবিত অভিনয় কৰে। ২০১৪ চনত মুক্তি লাভ কৰা জনপ্ৰিয় ছবি ‘পিকে’ত সহযোগী চৰিত্ৰত অভিনয় কৰিছিল। এইসমূহৰ মাজতে তেওঁ চিনেমাপ্ৰেমীক উপহাৰ দিছিল এখন ব্লকব্লাষ্টাৰ চিনেমা ‘এম এছ ধোনী’।

১৯৮৬ চনৰ ২১ জানুৱাৰী তাৰিখে বিহাৰৰ ৰাজধানী পাটনাত সুশান্ত সিং ৰাজপুতৰ জন্ম হৈছিল। সুশান্তই শিক্ষা জীৱনৰ পাতনি মেলিছিল বিহাৰৰ পাটনাতেই। পাটনাৰ চেইণ্ট কাৰণেছ হাইস্কুল আৰু দিল্লীৰ কুলাচি হংসৰাজ মডেল স্কুলত শিক্ষা গ্ৰহণ কৰিছিল। ২০০৩ চনত দিল্লী কলেজ অফ ইঞ্জিনীয়াৰিঙৰ প্ৰৱেশ পৰীক্ষাত তেওঁ সপ্তম স্থান দখল কৰিছিল। তাৰপিছত তেওঁ দিল্লী কলেজ অফ ইঞ্জিনীয়াৰিঙত যান্ত্ৰিক অভিযান্ত্ৰিক বিভাগৰ স্নাতক শ্ৰেণীত নামভৰ্তি কৰে।

সুশান্তৰ কেৱল অভিনয় প্ৰতিভাই আছিল তেনে নহয়। ৰাষ্ট্ৰীয় পদাৰ্থ বিজ্ঞান অলিম্পিয়াডতো পদক অৰ্জন কৰিছিল সুশান্তই। ইয়াৰ লগতে তেওঁ ভাৰতীয় খনি বিদ্যালয়কে আদি কৰি ১১টা অভিযান্ত্ৰিক প্ৰৱেশ পৰীক্ষাত উত্তীৰ্ণ হৈছিল। কিন্তু থিয়েটাৰ আৰু নৃত্যৰ প্ৰতি আগ্ৰহী সুশান্ত সিং ৰাজপুতে কেইবাটাও বিষয়ত বেকলগ লগাৰ পিছত দিল্লী কলেজ অফ ইঞ্জিনীয়াৰিঙৰ পাঠ্যক্ৰম এৰি পেলায়। তেওঁ অভিযান্ত্ৰিক পাঠ্যক্ৰমৰ তিনিটা বছৰ সম্পূৰ্ণ কৰাৰ পিছত চূড়ান্ত বৰ্ষত পঢ়া এৰি অভিনয়ত মনোনিৱেশ কৰে।

সুশান্ত সিং ৰাজপুতে দিল্লী কলেজ অফ ইঞ্জিনীয়াৰিঙত পঢ়ি থাকোঁতে শ্বামক দাভাৰৰ নৃত্যশ্ৰেণীত যোগদান কৰিছিল। পৰিচালক বেৰী জনৰ নাটকৰ শ্ৰেণীত দেখি তেওঁ অভিনয়ৰ প্ৰতি আকৰ্ষিত হয় আৰু অভিনয় শ্ৰেণীতো যোগদান কৰে। যোগদানৰ কেইমাহমানৰ পিছতেই তেওঁ শ্বামক দাভাৰৰ মুখ্য নৃত্যদলত স্থান লাভ কৰে। ২০০৫ চনত তেওঁ ৫১তম ফিল্মফেয়াৰ বঁটা অনুষ্ঠানত বেকগ্ৰাউণ্ড নৃত্যশিল্পী হিচাপে চয়নিত হয়। ২০০৬ চনত অষ্ট্ৰেলিয়াত অনুষ্ঠিত কমনৱেলথ গেমছৰ উদ্বোধনী অনুষ্ঠানত তেওঁলোকৰ দলে সাংস্কৃতিক কাৰ্যসূচীত পৰিবেশন কৰিছিল। এইসময়ত তেওঁ অভিযান্ত্ৰিক শিক্ষা সম্পূৰ্ণকৈ বাদ দি নৃত্য আৰু অভিনয়ত মনোনিবেশ কৰে।তেওঁ হিন্দী চলচ্চিত্ৰত অভিনয়ৰ সুযোগৰ আশাত মুম্বাইলৈ আহে আৰু নাদিৰা বব্বৰৰ থিয়েটাৰ দল ‘একজোঁটে’ত যোগদান কৰে। তেওঁ প্ৰায় আঢ়ৈ বছৰ কাল একজোঁটে’ থিয়েটাৰ গোষ্ঠীৰ লগত জড়িত আছিল। এই সময়ত তেওঁ নেছলে কোম্পানীৰ মাঞ্চ চকলেটৰ বিজ্ঞাপনত কাম কৰাৰ সুযোগ লাভ কৰিছিল।২০০৮ চনত বালাজী টেলিফিল্মছৰ এটা দলে ‘একজোঁটে’ৰ নাটকত সুশান্ত সিং ৰাজপুতৰ অভিনয় প্ৰতিভাৰ উমান পায়। তেওঁলোকে সুশান্তক ষ্টাৰ প্লাছত প্ৰচাৰিত ‘কিচ দেশ মে হে মেৰা দিল’ ধাৰাবাহিকৰ প্ৰীত জুনেজাৰ চৰিত্ৰৰ বাবে অডিছন দিবলৈ নিমন্ত্ৰণ জনায়। ২০০৯ চনত তেওঁ জী টিভিত প্ৰচাৰিত ‘পৱিত্ৰ ৰিস্তা’ৰ মুখ্য চৰিত্ৰ মানৱ দেশমুখৰ চৰিত্ৰত অভিনয়ৰ সুযোগ লাভ কৰে।

বহু প্ৰতিভাৰ অধিকাৰী সুশান্তই ২০২০ চনৰ ১৪ জুন তাৰিখে মুম্বাইৰ বেন্দ্ৰাত অৱস্থিত তেওঁৰ নিজা এপাৰ্টমেণ্টত চিপজৰীলৈ থকা অৱস্থাত তেওঁৰ মৃতদেহ উদ্ধাৰ কৰা হয়। প্ৰাৰম্ভিক অনুসন্ধানত আৰক্ষীয়ে তেওঁ আত্মহত্যা কৰিছে বুলি জনায়। আৰক্ষী সূত্ৰই প্ৰকাশ কৰা অনুযায়ী কেইবামাহ জুৰি হতাশগ্ৰস্ততাত ভুগি আছিল সুশান্ত যাৰ বাবে জীৱনক এনেদৰে বিদায় দিয়ে সুশান্ত সিং ৰাজপুতে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ব্যক্তিগত খণ্ডত চাকৰি কৰাসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ
নিয়োগ

ব্যক্তিগত খণ্ডত চাকৰি কৰাসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ

August 26, 2026
PCOD আৰু Ovarian Cysts ৰ সমস্যা কিয় বৃদ্ধি পাইছে?
জীৱনশৈলী

PCOD আৰু Ovarian Cysts ৰ সমস্যা কিয় বৃদ্ধি পাইছে?

August 26, 2026
ভুলতো নকৰিব এইবোৰ কাম, হ’ব অৰ্থ নাশ!
জীৱনশৈলী

ভুলতো নকৰিব এইবোৰ কাম, হ’ব অৰ্থ নাশ!

August 26, 2026
ৰোমান্টিক দৃশ্যৰ শ্বুটিঙৰ সময়ত নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে নায়িকাই! তাৰ পিছত…
বিনোদন

ৰোমান্টিক দৃশ্যৰ শ্বুটিঙৰ সময়ত নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে নায়িকাই! তাৰ পিছত…

August 26, 2026
Next Post
কলিজা আইতাৰ স্বাস্থ্য কেনে? স্বাস্থ্যৰ শেহতীয়া আপডেট কি দিলে বৃদ্ধাশ্ৰম কৰ্তৃপক্ষই…

কলিজা আইতাৰ স্বাস্থ্য কেনে? স্বাস্থ্যৰ শেহতীয়া আপডেট কি দিলে বৃদ্ধাশ্ৰম কৰ্তৃপক্ষই...

প্ৰধানমন্ত্ৰীক বিহিলে ১০,০০০ টকাৰ জৰিমনা, আৰক্ষীয়ে কিয় বিহিলে জৰিমনা? সবিশেষ…

প্ৰধানমন্ত্ৰীক বিহিলে ১০,০০০ টকাৰ জৰিমনা, আৰক্ষীয়ে কিয় বিহিলে জৰিমনা? সবিশেষ...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.