BCCIৰ কঠোৰ সিদ্ধান্ত, ক্ৰিকেটাৰে লগত নিব নোৱাৰে পৰিয়াল !
শেহতীয়াকৈ টিম ইণ্ডিয়াৰ দুৰ্বল প্ৰদৰ্শনৰ পিছত ভাৰতত ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে কঠোৰ সিদ্ধান্ত গ্ৰহণৰ কথা চিন্তা চৰ্চা কৰিছে। অষ্ট্ৰেলিয়াত অনুষ্ঠিত বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীত ১-৩ গ’লত পৰাস্ত হোৱাৰ লগে লগে ভাৰতে ২০২৫ চনৰ বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলতো স্থান হেৰুৱায়।
ইয়াৰ পূৰ্বে ভাৰতে নিউজিলেণ্ডৰ বিৰুদ্ধে টেষ্ট শৃংখলাত ০-৩ গ’লত পৰাস্ত হৈছিল, তাৰ পিছত ব’ৰ্ডে পুনৰ খেলুৱৈ আৰু দল পৰিচালনাৰ বাবে পুৰণি নিয়ম কঠোৰভাৱে কাৰ্যকৰী কৰাৰ বাবে সিদ্ধান্ত লৈছে
প্ৰকাশিত এক প্ৰতিবেদনত কোৱা হৈছে যে বিচিচিআইয়ে পুৰণি নিয়ম পুনৰ কাৰ্যকৰী কৰিব পাৰে, যাৰ অধীনত খেলুৱৈৰ পৰিয়াল আৰু পত্নীয়ে সমগ্ৰ ভ্ৰমণৰ সময়ছোৱাত তেওঁলোকৰ লগত যাব নোৱাৰিব।
বিচিচিআইৰ এগৰাকী জ্যেষ্ঠ বিষয়াই কয় যে ব’ৰ্ডৰ মতে খেলুৱৈসকলৰ পৰিয়াল যদি তেওঁলোকৰ লগত থাকে তেন্তে তেওঁলোকৰ প্ৰদৰ্শনত প্ৰভাৱ পৰিব পাৰে।
নতুন নিয়ম অনুসৰি
দীঘলীয়া ভ্ৰমণঃ ৪৫ দিন বা তাতকৈ অধিক সময়ৰ ভ্ৰমণত খেলুৱৈয়ে মাত্ৰ ১৪ দিনৰ বাবেহে নিজৰ পৰিয়ালক লগত লৈ যাব পাৰিব।
চুটি ভ্ৰমণ: চুটি ভ্ৰমণৰ বাবে এই সীমা ৭ দিনলৈ হ্ৰাস কৰা হৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















