অসম লাইভ২৪ঃ মেচৰ আৰম্ভণিত যদি ট্ৰেন্ট বোল্ট, তেন্তে শেষ হয় ৰিয়ান পৰাগেৰে। ট্ৰেণ্ট বোল্ট আৰু যজবেন্দ্ৰ চাহালক লৈ পৃথককৈ কোৱাৰ প্ৰয়োজন নাই। কাৰণ তেওঁলোকৰ আছে আন্তৰ্জাতিক মেচ খেলাৰ অভিজ্ঞতা। কিন্তু এইজন প্লেয়াৰক লৈ পৃথককৈ কোৱাৰ প্ৰয়োজনীয়তা আছে। তেওঁ আন কোনো নহয় ৰাষ্ট্ৰীয় আন্তৰাষ্ট্ৰীয় পৰ্যায়ত খেলেৰে পৰিচিত হৈ উঠা ৰিয়ান পৰাগ। ৰাজস্থান ৰয়েলছে বিগত সময়ছোৱাত তেওঁক দলত ৰখাৰ বাবেই ককৰ্থনাৰ সন্মুখীন হৈ আছিল। দীৰ্ঘদিনীয়া বিতৰ্কৰ উত্তৰ ৰিয়ানে বেট বলেৰেই অৱশেষত দিলে।
ৰিয়ান পৰাগ। ২২ বছৰীয়া এইগৰাকী তৰুণ এতিয়া ক্ৰিকেট বিশ্বৰ সকলোৰে নয়নৰ মণি। ২০০১ চনত জন্মলাভ কৰা এইগৰাকী ৰিয়ানৰ বাবেই আইপিএলত দুখনকৈ মেচ জয় কৰিবলৈ সক্ষম হৈছে ৰাজস্থান ৰয়েলছে। যি দলত জছ বাটলাৰ, যশস্বী জয়ছোৱাল, সঞ্জু ছেমছন, ছিমৰণ হেটমায়াৰ, ৰবিচন্দ্ৰন অশ্বিনৰ দৰে নামী-দামী প্লেয়াৰ আছে সেই নামী-দামী প্লেয়াৰৰ ভিৰ ঠেলি উজ্বলি উঠিছে ৰিয়ান।
১ এপ্ৰিলত মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে খেলা বিশেষ খেলত কঠিন পৰিস্থিতিৰ পৰা ৰাজস্থান ৰয়েলছক উদ্ধাৰ কৰা খেলুৱৈজনেই হৈছে ৰিয়ান পৰাগ। ৰিয়ানৰ ৫৪ৰানৰ ইনিংছে ৰাজস্থান ৰয়েলছক দিলে জয়ৰ সোৱাদ। ৰাজস্থান ৰয়েলছে মেচ হৰাৰ উপক্ৰম হওঁতেই দলটোৰ শেষ ভৰষা হৈ পৰিছিল ৰিয়ান। ৰিয়ানে কোটি কোটি ক্ৰিকেটপ্ৰেমী জনতাক নিৰাশ নকৰিলে। ৰাজস্থান ৰয়েলছক এই মেচ জিকোৱাত ত্ৰাতাৰ ভূমিকা গ্ৰহণ কৰিলে ৰিয়ানে।
কিন্তু আজিৰ এই উজ্বলি উঠা ৰিয়ানৰ পূৰ্বৰ সময় ইমানো মসৃণ নাছিল। এই ক্ৰিকেট যাত্ৰাত তেওঁ বিগত সময়ত সহিব লগা হৈছিল বহু ককৰ্থনা। IPLত তৰুণ ক্ৰিকেটাৰসকলৰ ভিতৰত সকলোতকৈ বেছি ট্ৰলো কৰা হৈছিল তেওঁক। ট্ৰলৰ কাৰণ হৈছে তেওঁৰ ফৰ্ম। ২০১৯ চনৰ পৰা তেওঁ IPL খেলিলেও বিগত খেলসমূহত তেওঁৰ সৰ্বোচ্চ ৰান আছিল মাত্ৰ ৫৬। ২০২৩ চনত ৰিয়ানে IPLত মুঠ ৰান কৰিছিল ৭৮। খেলত তেওঁৰ ফৰ্ম আৰু নিজা ব্যৱহাৰৰ বাবেই বিতৰ্কত সোমাই পৰিছিল ৰিয়ান। ৰিয়ানক কিয় দলত ৰখা হৈছে বুলিও প্ৰশ্নও উত্থাপিত হৈছিল। কিন্তু সময়ৰ টিকনি হেনো সদায়ে আগফালে। ৰিয়ানৰ সময় ঘূৰিছে। তেওঁ বল বেটেৰে সকলো ট্ৰলাৰকে উচিত জৱাবো দিছে। ৰিয়ানে যদি নিজৰ কেৰিয়াৰৰ কথা লিখিবলৈ আৰম্ভ কৰে তেন্তে তেওঁৰ বাবে ২০২৪ চন বিশেষ নিশ্চয়।
ঘৰুৱা ক্ৰিকেটত পাৰ্ফৰমেন্স দেখুৱাই আৰম্ভ হোৱা এই কামবেক যাত্ৰাৰ কাহিনী আজি বহুতেই চৰ্চা কৰিছে। ৰিয়ানে নিজৰ ফৰ্মত বাৰুকৈয়ে পৰিবৰ্তন আনিছে। এই খেলৰ পৰাই তেওঁ টি-২০ বিশ্বকাপত ভাৰতীয় দলত আসন লাভৰ বাবেও নিজকে প্ৰস্তুত কৰিছে। ইয়াৰ প্ৰমাণ বিৰাটৰ পাছতেই এইবাৰ ৰিয়ানৰ শিৰত জিলিকি উঠিছে অৰেঞ্জ কেপ। ১ এপ্ৰিলৰ মেচৰ পাছতেই ইনিংছৰ কথা ক’বলৈ গৈ ৰিয়ানে কয়, ‘একো সলনি হোৱা নাই। মই খেলক খেল হিচাপে লৈ খেলিছো। পূৰ্বে মই মেচত নমাৰ আগতে বৰকৈ চিন্তা কৰিছিলো। এতিয়া সকলোবোৰক সহজভাৱে লওঁ। বলৰ ফালে চাইছো কোবাইছো। এইবাৰ সকলো মেচ মই এনেকৈয়ে খেলিছো। জছ যেতিয়া আউট হৈছিল তেতিয়া মই বেট তুলি লওঁ। এয়াই সময় ভাৱিলো। শেষ ৩-৪ বছৰ ধৰি মই IPLত বেয়া পাৰ্ফৰমেন্স দিছো। ৰান ল’ব নোৱাৰি পেভিলিয়নমুখী হৈছিলো। কিন্তু নিজৰ খেলক আগুৱাই নিবলৈ মই কঠোৰ পৰিশ্ৰম কৰিছো বিভিন্ন পৰিস্থিতিৰ বাবে নিজকে মই প্ৰস্তুত কৰিছো।’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ