নিশা ঢকুৱাখনাত অতিকে ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে প্ৰাণ হেৰুৱালে ৩ যুৱকে
ৰাজ্যত নিশা অতিকে ভয়ংকৰ পথ দুৰ্ঘটনা, ঘটনাস্থলীতে প্ৰাণ হেৰুৱাই ৩ গৰাকী যুৱকে। গোগামুখ-ঢকুৱাখনা সংযোগী ২২নং ৰাজ্যিক ঘাইপথত সংঘটিত হৈছে এই ভয়ংকৰ পথ দূৰ্ঘটনাটো।
ঘটনা সন্দৰ্ভত জানিব পৰা অনুসৰি, ঘিলামৰা আৰক্ষী থানাৰ অন্তৰ্গত ঘটাপৰাত তীব্ৰ বেগত থকা মালবাহী ট্ৰাক এখনে মহতিয়াই নিয়ে তিনি বাইক আৰোহীক।
খবৰ লাভ কৰাৰ লগে লগে ঘটনাস্থলীত ঢকুৱাখনা আৰক্ষী উপস্থিত হৈ ট্ৰাকৰ তলৰ পৰা তিনি বাইক আৰোহীকে উদ্ধাৰ কৰি ঢকুৱাখনা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও চিকিৎসালয়তে তিনিজনৰ মৃত্যু হয়।
আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি, একেখন বাইকতে আহিছিল নিহত তিনিজন যুৱক। মৃত যুৱককেইজন ক্ৰমে সৌৰভ জ্যোতি চমুৱা(১৮) ঢকুৱাখনা, স্বপ্নদীপ গগৈ(১৮) ঘিলামৰা, সেমী শইকীয়া(২৭) ঘিলামৰা।
ঘিলামৰা থানাৰ অন্তৰ্গত ঘটাপৰাত হোৱা সেই ভয়ংকৰ পথ দূৰ্ঘটনাত মৃত তিনিওজন যুৱকৰ শৰীৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে লখিমপুৰ মেডিকেল কলেজলৈ প্ৰেৰণ ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















