সোণাপুৰত শোকাৱহ দুৰ্ঘটনা, থিতাতে প্ৰাণ হেৰুৱালে ৩ জনে
পুৱাই গুৱাহাটীৰ কাষৰীয়া সোণাপুৰৰ যোগদলত শোকাৱহ পথ দুৰ্ঘটনা। ৰখাই থোৱা ট্ৰাকত খুন্দা তীব্ৰবেগী মহিন্দ্ৰা জিত’ বাহনৰ।
AS01PC5651 নম্বৰৰ ট্ৰাক খন ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত ৰখাই থোৱা অৱস্থাত AS21AC3309 নম্বৰৰ মহিন্দ্ৰা জিত’ বাহনখনে জাগীৰোডৰ পৰা গুৱাহাটী অভিমুখে গৈ থকা অৱস্থাত পিছফালৰ পৰা প্ৰচণ্ডযোৰে খুন্দা মাৰে।
যাৰ ফলত মহিন্দ্ৰা জিত’ বাহনখনৰ ভিতৰত থকা ৩জন লোকে ঘটনাস্থলীতে প্ৰাণ হেৰুৱায়।
ঘটনাৰ খবৰ পোৱা মাত্ৰকে ঘটনাস্থলীত সোণাপুৰ যান-বাহন আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।
বাতৰি লিখা পৰলৈকে নিহত লোক কেইগৰাকীৰ পৰিচয় উদ্ধাৰ হোৱা নাই।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ