নিশা গুৱাহাটী মহানগৰীত ভয়ংকৰ পথ দুৰ্ঘটনা। এই দুৰ্ঘটনাত থিতাতে প্ৰাণ হেৰুৱালে এহাল যুক-যুৱতীয়ে। যুৱতীগৰাকীয়ে ৰেপিড’ বুক কৰি গন্তব্যস্থানলৈ বুলি গৈছিল ৰেপিড’ বাইকত।
সেই ৰেপিড’ বাইক চালক যুৱকৰ সৈতে প্ৰাণ হেৰুৱালে যুৱতীগৰাকীয়ে। নিশা চুপাৰ মাৰ্কেটৰ উৰণ সেতুত সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনাটো।
নিহত ৰেপিড’ চালকজন ৰঞ্জিত ৰাজবংশী বুলি জানিব পৰা গৈছে। ২৪ বছৰীয়া ৰঞ্জিত ৰাজবংশীৰ বাইকত আছিল যুৱতী আৰোহী।
ৰেপিড চলাই জীৱন নিৰ্বাহ কৰিছিল ৰঞ্জিতে। দুৰ্ঘটনাগ্ৰস্ত বাইকখনৰ নম্বৰ হৈছে AS01 BU 7601
আনহাতে বৰ্তমানলৈ যুৱতীগৰাকীৰ পৰিচয় জানিব পৰা হোৱা নাই। ঘটনাস্থলীতে ৰঞ্জিতৰ মৃত্যু হোৱাৰ লগতে গুৰুতৰভাৱে আহত হৈছিল যুৱতীগৰাকী।
আহত যুৱতীগৰাকীক তৎকালীনভাৱে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হৈছিল যদিও হাস্পতাললৈ লৈ যোৱাৰ পথতে মৃত্যু হয় যুৱতীগৰাকীৰো।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ