ৰৈ ৰৈ বিনালে, জুবিন গাৰ্গৰ শেষৰখন চিনেমাৰ ট্ৰেইলাৰ মুকলি৷ ২৩ অক্টোবৰ বৃহস্পতিবাৰে বিয়লি ৬ বজাত মুকলি কৰা হৈছে ৰৈ ৰৈ বিনালেৰ ট্ৰেইলাৰ৷ জুবিন গাৰ্গে যেন জীৱিত কালতেই কৈ যাব খুজিছিল তেওঁৰ শেষ সময়ৰ কথাবোৰ৷ চিনেমাৰ ট্ৰেইলাৰৰ সৈতেও যুক্ত হৈ আছে জুবিনে সাগৰত সাঁতুৰিব খোজা কাহিনী৷
তাতো দেখুওৱা হৈছে জুবিন গাৰ্গে সাগৰত সাঁতুৰিব খুজিছে৷ তাতেই তেওঁ ঢলি পৰিছে, কথাবোৰ যেন জুবিনে জীৱিত কালতেই কৈ যাব খুজিছিল৷
জুবিন গাৰ্গে চিনেমাখনত কৈছে, ‘সময়, সময়ক মই আটাইতকৈ ভয় কৰো৷ আৰ্টিষ্টৰ এটাই পলিটিক্স, সদায়ে ৰাইজৰ লগত থাকে ৰজাৰ লগত নহয়৷’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















