জ্যোতিষশাস্ত্ৰৰ এক ডাঙৰ অংশ জুৰি আছে সংখ্যাতত্ত্ব৷ জ্যোতিষীৰ দাবী, কোনো মানুহৰ চৰিত্ৰ কি হ’ব, কেনে স্বভাৱৰ হ’ব, বিভিন্ন পৰিস্থিতিত তেওঁলোকৰ আচৰণ কেনে হয় সকলোবোৰ জন্মৰ তাৰিখৰ পৰাই জানিব পাৰি৷ সংখ্যতত্ত্ব অনুসৰি মানুহৰ জন্ম তাৰিখ অনুসৰি নিৰ্ধাৰম কৰা হয় মূল্যাংক৷ সেই মূল্যাংকৰ পৰাই ব্যক্তিৰ চৰিত্ৰ জনাটো সম্ভৱ৷ যেনেকৈ আপোনাৰ আশে পাশে কোনোবা দুমুখীয়া সাপ আছে নেকি সেই কথাও সংখ্যাতত্ত্বৰ পৰাই জানিব পাৰি৷
সংখ্যাতত্ত্ব অনুসৰি যিসমূহ ব্যক্তিৰ মূল্যাংক ৪ তেওঁলোকৰ অধিপতি হৈছে ৰাহু৷ ছায়া গ্ৰহ ৰাহুক হঠাৎ ঘটি যোৱা দুৰ্ঘটনা, বিভ্ৰম ইত্যাদিৰ কাৰণ বুলি ধাৰণা কৰা হয়৷ ৰাহুৰ প্রভাৱ শুভ হ’লে জাতক ধনী আৰু খ্যাতিমান হয়৷ কিন্তু তেওঁলোকক সামান্য বিপৰ্যয়েও ধ্বংসৰ মুখত ঠেলি দিব পাৰে৷
মূল্যাংক ৪ কাৰ কাৰ হয়?
- যিসকলৰ জন্মতাৰিখ ৪, ১৩, ২২, বা ৩১ তেওঁলোকৰ মূল্যাংক ৪ হয়৷ প্ৰকৃততে মূল্যাংক নিৰ্ধাৰণ কৰা হয় জন্ম তাৰিখৰ যোগফলৰ পৰা৷ ধৰা হ’ল যাৰ জন্ম কোনো মাহৰ ২৮ তাৰিখ হয় তেওঁৰ মূল্যাংক হ’ব ২+৮= ১০, ১+০= ১ মনত ৰাখিব মূল্যাংক সকলো সময়ত হয় ১ৰ পৰা ৯ ৰ ভিতৰত৷
- সংখ্যাতত্ত্বই কৈছে, ৰাহুৰ প্ৰভাৱত ৪ মূল্যাংকৰ ব্যক্তি হয় পৰিশ্ৰমী, জেদি আৰু যুক্তিবাদী প্ৰকৃতিৰ৷ এই ধৰণৰ ব্যক্তিয়ে ৰাজনীতিৰ জগতত নাম আৰু খ্যাতি অৰ্জন কৰিব পাৰে৷
- অন্যহাতে ৰাহুৰ অশুভ প্ৰভাৱ হ’লে সহজেই বেয়া অভ্যাসৰ চিকাৰ হৈ পৰে ৪ মূল্যাংকৰ ব্যক্তি৷ বেয়া সংগৰ প্ৰভাৱত জীৱনৰ দিশা হেৰুৱাই পেলায়৷ ইয়াৰোপৰি এওঁলোকৰ মাজত প্ৰতাৰণাৰ মনোভাৱে দেখা দিয়ে৷
- ৰাহুৰ অশুভ প্ৰভাৱ হ’লে এই ধৰণৰ ব্যক্তিয়ে কাকোৱেই দ্বিধা বোধ নকৰে৷ নিজৰ আপোনজনকো প্ৰতাৰণা কৰিবলৈ পিছপৰি নাহে৷ এওঁলোকৰ ওপৰত চকু বন্ধ কৰি ভৰসা কৰা ঠিক নহয়৷
- তেওঁলোকৰ মূল সমস্যা হৈছে, তেওঁলোকে বেছিভাগ সময় বিভ্ৰান্তিৰ মাজত থাকে৷ বহু সময়ত একঘেয়ামীও হৈ পৰে৷ কেতিয়াবা কেতিয়াবা অযৌক্তিকভাৱে নিজৰ মতক প্ৰতিষ্ঠা কৰিব খোজে৷
- ভাগ্যৰ সহায় থাকিলে মূল্যাংক ৪ৰ জাতকে বহু সময়ত হঠাৎ ধনী হৈ উঠিব পাৰে৷ আকৌ নিজৰ কুঅভ্যাস নিয়ন্ত্ৰণ নকৰিলে মুহূৰ্তৰ মাজতেই সকলো ধন সম্পদ হেৰুৱাই নিঃস্ব হৈয়ো পৰিব পাৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















