বজাৰলৈ আহি আছে নতুন ১০ টকীয়া আৰু ৫০০ টকীয়া নোট৷ এই নোট বজাৰলৈ আহিলে পূৰণি নোটসমূহৰ কি হ’ব? শুকুৰবাৰে আৰ বি আইয়ে ঘোষণা কৰিছে যে অচিৰেই বজাৰত উপলব্ধ হব ১০ টকীয়া আৰু ৫০০ টকীয়া নোট৷ এই নতুন নোটত থাকিব বৰ্তমানৰ গভৰ্নৰ সঞ্জয় মলহোত্ৰাৰ নামৰ ছহী৷
যিসকলে পুৰণি নোট বাতিল হব বুলি চিন্তাত পৰিছে তেওঁলোকে জানি থোৱা প্ৰয়োজন যে ইয়াৰ বাবে চিন্তাৰ কোনো কাৰণ নাই৷ নতুন নোট আহিলেও পুৰণি নোটসমূহ বাহাল ৰাখিব আৰ বি আইয়ে৷ তেওঁলোকে বিজ্ঞাপ্তিত জনাইছে যে পুৰণি এই নোটসমূহৰো সমস্ত পুৰণি বৈশিষ্ট্যই থাকিব৷ কেৱল মাত্ৰ নতুন আৰবিআইৰ গভৰ্নৰৰ ছহী থাকিব৷
আৰ বি আইয়ে জনাই দিছে যে গভৰ্নৰৰ ছহী কৰা সমস্ত পুৰণি ১০ টকা আৰু ৫০০ টকাৰ নোট বৈধ থাকিব৷ অন্য কোনো পৰিবৰ্তন নহয়৷ ইয়াৰ পূৰ্বেও আৰ বি আইয়ে ঘোষণা কৰিছিল নতুন গভৰ্নৰৰ ছহী কৰা ১০০ আৰু ২০০ টকাৰ নোট আহিব৷ এইবাৰ নতুন ১০ টকা আৰু ৫০০ টকাৰ নোট দ্ৰুততৰভাৱে আহিব৷
সঞ্জয় মলহোত্ৰা আৰ বি আইৰ ২৬তম গভৰ্নৰ হিচাপে দায়িত্ব লৈছে ২০২৪ চনৰ ডিচেম্বৰ মাহত৷ তেওঁ পূৰ্বে দায়িত্বত আছিল শক্তিকান্ত দাস৷ তেওঁৰ কামৰ ম্যাদ শেষ হোৱাৰ পাছত এই দায়িত্ব লয় সঞ্জয় মলহোত্ৰাই৷ অৱশ্যে নোট সলনিক লৈ আৰ বিআইৰ বুলি কেইবাবাৰো ভুৱা খবৰ প্ৰকাশিত হৈছে৷ সেয়ে সতৰ্ক হৈ থাকিবলৈ আহ্বান জনাইছে আৰ বি আইয়ে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ