অসম লাইভ ২৪ঃ ভাৰতৰ ধৰ্মভিত্তিক জনবিন্যাস সলনিক লৈ উদ্বিগ্ন হৈছে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ প্ৰধান মোহন ভাগৱত। আফ্ৰিকা, ছুডান, দক্ষিণ পূব এছিয়াৰ পূব তিমুৰ আৰু ইউৰোপৰ কছোভাৰ উদাহৰণ দি দেশৰ ভৱিষ্যতক লৈ বহুকেইটা গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে আৰএছএছ প্ৰধান মোহন ভাগৱতে। ধৰ্মৰ ভিত্তিত জনসংখ্যাৰ নিয়ন্ত্ৰণৰ বিষয়টোক লৈও ভাগৱতে কয় যে দেশ ভাঙিবলৈ এইবোৰ উপকৰণেই যথেষ্ট।
বুধবাৰে নাগপুৰত সংঘই আয়োজন কৰা দশেৰাৰ লগতে ৯৭ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ অনুষ্ঠানত আৰ এছ এছ প্ৰধানগৰাকীয়ে কৰা মন্তব্যই এতিয়া দেশজুৰি চৰ্চা লাভ কৰিছে। দশেৰা মহোৎসৱত ভাগৱতে কয়, ‘ভাৰতত জনসংখ্যা নিয়ন্ত্ৰণৰ বাবে চৰকাৰী নীতিৰ আৱশ্যক। ধৰ্মভিত্তিৰ জনবিন্যাসক লৈ এতিয়াই প্ৰয়োজনীয় পদক্ষেপ নল’লে ভৱিষ্যতে দেশ ভাঙি যাব। জনসংখ্যা নিয়ন্ত্ৰণৰ লগতে ধৰ্ম ভিত্তিক জনসংখ্যাৰ ভাৰসাম্য ৰক্ষাও এটা গুৰুত্বপূৰ্ণ বিষয়। এই বিষয়টোক উপেক্ষা কৰাটো দেশৰ বাবেই ভয়ংকৰ।’
আৰ এছ এছে আয়োজন কৰা বিজয়া দশমী উৎসৱত প্ৰথমবাৰৰ বাবে এগৰাকী মহিলাক মুখ্য অতিথি হিচাপে আমন্ত্ৰণ জনোৱা হৈছে। প্ৰথমবাৰৰ বাবে মহিলা অতিথি হিচাপে আমন্ত্ৰিত পদ্মশ্ৰী সন্তোষ যাদৱ দুবাৰকৈ মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা একমাত্ৰ মহিলা। অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে উপস্থিত থকা পৰ্বতাৰোহী সন্তোষ যাদৱে তেওঁৰ ভাষণতো কৰিছে কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য। সন্তোষ যাদবে তেওঁৰ ভাষণত কয়, ‘মই সমগ্ৰ বিশ্বৰ মানৱসমাজক আহি সংঘৰ কাৰ্যকলাপ চাবলৈ অনুৰোধ কৰিব বিচাৰিম। সংঘৰ এই সভাত উপস্থিত থাকি মই সংঘৰ সমাজহিতৈষী কামসমূহৰ বিষয়ে জানিব পাৰিছো। সংঘৰ কাৰ্যকলাপ সঁচায়ে প্ৰশংসনীয় আৰু অনুপ্ৰেৰণাদায়ক।’
আনহাতে অনুষ্ঠানটোতেই স্বয়ংসেৱকসকলক সম্বোধন কৰি আৰ এছ এছ প্ৰধানগৰাকীয়ে কয়, ‘শক্তিয়েই শান্তিৰ আধাৰ। আমি মহিলাসকলক জগত জননী বুলি গণ্য কৰোঁ, কিন্তু তেওঁলোকক ঘৰৰ চাৰিবেৰতেই বন্দী কৰি ৰাখোঁ। এইয়া সলনি কৰিবৰ হ’ল। আমি আমাৰ পৰিয়ালৰ পৰাই মাতৃ শক্তি জাগ্ৰত কৰাৰ কাম আৰম্ভ কৰিব লাগিব।’
ইপিনে দেশৰ ভৱিষ্যতক লৈও চিন্তিত আৰ এছ এছ প্রধানগৰাকীয়ে কয় যে, ধৰ্মৰ ওপৰত ভিত্তি কৰিয়েই ছুডান আৰু দক্ষিণ ছুডান বিভক্ত হ’ল। চার্বিয়া ভাঙি কছোভা আৰু ইণ্ডোনেছিয়াৰ পৰা পূব তিমোৰৰ দৰে একোখন নতুন দেশ গঠন হ’ল। ইছলামিক ৰাষ্ট্ৰ ছুডানত অ-মুছলমান জনজাতিপ্ৰধান অঞ্চলক সামৰি ২০১১ চনত গঠিত হৈছিল দক্ষিণ ছুডান। ২০০৮ চনত খ্ৰীষ্টানপ্ৰধান চাৰ্ভিয়াৰ পৰা বিচ্ছিন্ন হয় মুছলিম প্ৰধান কছোভা। ২০০২ চনত ইছলামিকপ্ৰধান দেশ ইণ্ডেনেছিয়াৰ পৰা পৃথক হৈ নতুন ৰাষ্ট্ৰ হিচাপে আত্মপ্ৰকাশ কৰে পুব তিমোৰে।
উল্লেখ্য যে আৰ এছ এছ প্ৰধান মোহন ভাগৱতে তেওঁৰ মন্তব্যত যদিও কোনো ধৰ্মৰ নাম উল্লেখ কৰা নাই তথাপিও আওপকীয়াকৈ মুছলমান আৰু খ্ৰীষ্টান ধৰ্মালম্বী লোকৰ জনসংখ্যা বৃদ্ধিক লৈ উদ্বেগ প্ৰকাশ কৰিছে। ভাষণত ভাগৱতে ২০১৫ চনত অখিল ভাৰতীয় কাৰ্যকৰী মণ্ডলত গৃহীত এটি প্ৰস্তাৱৰ কথাও প্ৰকাশ কৰি কয় যে, ২০১১ চনত হোৱা লোকপিয়লৰ পৰিসংখ্যা অনুসৰি ভাৰতত হিন্দু ধৰ্মালম্বী লোকৰ সংখ্যা ৮৮শতাংশৰ পৰা কমি গৈ ৮৩.৩ শতাংশ হৈছেগৈ। ইয়াৰ বিপৰীতে মুছলমান সম্প্ৰদায়ৰ লোকৰ সংখ্যা ৯.৮ শতাংশৰ পৰা ১৪.২৩ শতাংশলৈ বৃদ্ধি হৈছে।
২০২২ বৰ্ষত আৰ এছ এছৰ ৯৭ সংখ্যক প্ৰতিষ্ঠা দিৱসতো ভাগৱতে এই বিষয়টো উত্থাপন কৰি কয়, ‘আমাৰ দেশত ২০০১ৰ পৰা ২০১১ চনৰ ভিতৰত হিন্দু ধৰ্মালম্বী লোকৰ সংখ্যা ৮১.৩ শতাংশৰ পৰা ৬৭ শতাংশলৈ কমি আহিছে। ইফালে আমাৰ দেশতেই খ্ৰীষ্টান ধৰ্মালম্বী লোকৰ সংখ্যা ১৩ শতাংশলৈ বৃদ্ধি পাইছে। ইফালে উত্তৰ-পূবৰ মণিপুৰত হিন্দু লোকৰ সংখ্যা ৮০ শতাংশৰ পৰা ৫০ শতাংশলৈ হ্ৰাস হৈছে।’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ