অসম লাইভ২৪ঃ বিগত কেইটামান দিনধৰি দেশত ধাৰাবাহিকভাৱে সংঘটিত হৈছে এটাৰ পাছক আনটো দুৰ্ঘটনা। এইবাৰ ট্ৰাকৰ সৈতে মুখামুখি সংঘৰ্ষ হৈছে অভিনেত্ৰী ৰুবিনা দিলাকৰ বাহনৰ। বেয়াকৈ ভাঙি পৰিছে বিগ বছ ১৪ বিজয়ী অভিনেত্ৰী ৰুবিনাৰ বাহনখন। এই দুৰ্ঘটনাত অভিনেত্ৰী ৰুবিনাই মূৰ আৰু কঁকালত বেয়াকৈ আঘাত পোৱাৰ কথাও টুইটযোগে প্ৰকাশ কৰিছে। ৰুবিনাৰ স্বামী অভিনৱ শুক্লাই টুইটযোগে দিছে এই খবৰটো। দুৰ্ঘটনাত পতিত হোৱাৰ লগে লগেই ৰুবিনাক হাস্পতালত ভৰ্তি কৰোৱা হয়। বৰ্তমান শাৰীৰিক অৱস্থা কেনে সেই সন্দৰ্ভত নিজেই এটা টুইট কৰিছে অভিনেত্ৰী ৰুবিনাই।
টুইটত অভিনেত্ৰী ৰুবিনাই লিখিছে, ‘ঘটনাটো ইমানেই আকস্মিকভাৱে হ’ল যে মই একো ধৰিবই নোৱাৰিলো। মূৰ আৰু কঁকালত আঘাত পাইছো। সকলো পৰীক্ষা নিৰীক্ষা ইতিমধ্যে হৈ গৈছে। বৰ্তমান মোৰ স্বাস্থ্য ভালেই আছে। ট্ৰাক চালকৰ বিৰুদ্ধে মই আইনী ব্যৱস্থাও লৈছো। সকলোকে কওঁ ৰাস্তাত ঘূৰা ফুৰা কৰি থাকোতে সাৱধানে চলিব। নিজৰ সুৰক্ষাৰ বাবেই আইন মানি চলিব।’
ইফালে ৰুবিনাৰ স্বামী অভিনৱ শুক্লাইয়ো টুইটত লিখিছে, ‘আমাৰ সৈতে যি হৈছে সেয়া কাৰোৰে সৈতেই নহওক। বৰ্তমান ৰুবিনা ভালে আছে।’ দুৰ্ঘটনাৰ পাছত মুম্বাই আৰক্ষীৰ ওচৰত এখন আৱেদনো কৰিছে তাৰকা দম্পত্তিয়ে। কেইটামান দিন পূৰ্বে মুম্বাই-পুনে হাইৱেত এই দুৰ্ঘটনা হৈছিল ৰুবিনাৰ। সৰু পৰ্দাৰ জনপ্ৰিয় অভিনেত্ৰী ৰুবিনাই এই দুৰ্ঘটনাত বৰ বেছি আঘাত পোৱা নাই।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ