অসম লাইভ২৪ঃ ৰাজ্যত সুৰাৰ বিপনী বৃদ্ধিৰ বিষয়টোক লৈ চৰকাৰৰ সিদ্ধান্তক সমৰ্থন জনাইছে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে। বহু চিন্তা চৰ্চা কৰিহে চৰকাৰে সুৰাৰ দোকান দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা বুলি মন্তব্য কৰিছে বিজেপি দলৰ বিধায়কজনে।
কেৱল ৰাজহ সংগ্ৰহৰ বাবেই চৰকাৰে এই সিদ্ধান্ত ল’ব বিচৰা নাই বুলিও মন্তব্য কৰিছে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়েও। চৰকাৰৰ ওচৰত টকাৰ অভাৱ নাই বুলি মন্তব্য কৰি মৰিয়নীৰ বিধায়কগৰাকীয়ে কয় যে, যাতে মানুহে ব্লেকত সুৰা ক্ৰয় কৰি খাব নালাগে, তাৰ বাবেহে সুৰাৰ দোকান দিব বিচৰা হৈছে। যি সমূহ অঞ্চলত সুৰাৰ দোকান নাই, সেই ঠাইসমূহত ব্লেকত সুৰা বিক্ৰী হয় বুলিও মন্তব্য কৰি বিধায়কজনে কয় যে, তেনে স্থানত চৰকাৰে নতুনকৈ সুৰাৰ দোকান দিয়াৰ সিদ্ধান্ত লৈছে। সুৰা খাবই যেতিয়া, ৰাজহ দি খাওক বুলিও মন্তব্য কৰে ৰূপজ্যোতি কুৰ্মীয়ে।
উল্লেখ্য যে, ৰাজ্যত ৫০০ খন নতুনকৈ সুৰাৰ দোকান খোলাৰ বাবে চৰকাৰে অনুজ্ঞাপত্ৰ প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ পিছতে ইয়াক লৈ সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।
সুৰাৰ দোকান বহুৱাই চৰকাৰে ৰাজহ সংগ্ৰহৰ কৌশল ৰচনা কৰিছে বুলিও অভিযোগ উত্থাপন কৰিছে বিৰোধীয়ে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ


















