ভয়ংকৰ সংকট, ৰাছিয়াত ভূমিকম্পৰ পাছতে ১২ দেশত ছুনামীৰ আশংকা
আজি পুৱা এক প্ৰচণ্ড ভূমিকম্পই জোকাৰি যায় ৰাছিয়া। এতিয়া সেই ভূমিকম্পৰ ফলত অশনি সংকট নামি আহিছে ১২ খনকৈ দেশত। কাৰণ এই প্ৰবল ভূমিকম্পটোৰ ফলত বিশ্বৰ ১২খনকৈ দেশত এতিয়া ছুনামীৰ আশংকাই দেখা দিছে। সতৰ্কবাণী জাৰি কৰা হৈছে দেশকেইখনত। ইতিমধ্যে কেইবাফুট উচ্চতালৈ উঠিছে সাগৰৰ ঢৌ।
আজি ৩০ জুলাই বুধবাৰে ৰাছিয়াৰ কামচাটকাত সংঘটিত হয় বিশ্বৰ ষষ্ঠ বৃহত্তম ভূমিকম্প। ভাৰতীয় সময় অনুসৰি পুৱা ৪:৫৪ বজাত ৮.৮ প্ৰাবল্যৰ ভূমিকম্প অনুভূত হয়। ভূমিকম্প ইমানেই প্ৰবল আছিল যে এতিয়া ১২ খনকৈ দেশত ছুনামীৰ ভাবুকি।
প্ৰশান্ত মহাসাগৰত ৰাছিয়াৰ সংলগ্ন দেশসমূহত চুনামীৰ সতৰ্কবাণী জাৰি কৰা হৈছে। আমেৰিকাৰ পৰা জাপানলৈ এতিয়া সতৰ্কবাণী জাৰি কৰা হৈছে। আমেৰিকাৰ উপকূলীয় ৰাজ্যসমূহত ছুনামীৰ ভাবুকি বৃদ্ধি পাইছে। হাৱাইৰ উপকূলত ইতিমধ্যে ছুনামীৰ ঢৌৱে আঘাত কৰিবলৈ আৰম্ভ কৰিছে। বৰ্তমান ঢৌৰ উচ্চতা কিছু কম যদিও আহিবলগীয়া এটা ডাঙৰ বিপদৰ দিশে ই অগ্ৰসৰ হৈছে যাৰ বাবে হাৱাইৰ উপকূলীয় অঞ্চল খালী কৰা হৈছে।
ৰাছিয়া, জাপান, আমেৰিকা, কানাডা, ইকুৱেডৰ, পেৰু, মেক্সিকো, নিউজিলেণ্ড, চীন, ফিলিপাইনছ, টাইৱান, ইণ্ডোনেছিয়া আদি দেশত ছুনামীৰ আশংকা। দেখ কেইখনৰ উপকূলীয় অঞ্চলৰ পৰা ইতিমধ্যে নিৰাপদ স্থানলৈ মানুহ স্থানান্তৰ কৰা হৈছে।
এই ছুনামীৰ ফলত আমেৰিকাত ১০ কোটি লোকৰওপৰত প্ৰভাৱ পৰিব পাৰে। আমেৰিকাৰ ৯খন ৰাজ্যত চুনামী ভাবুকি। হাৱাইৰ জনসংখ্যা ১৫ লাখ আৰু আলাস্কাৰ জনসংখ্যা ৭.৫ লাখ। আমেৰিকাৰ আটাইতকৈ ডাঙৰ ৰাজ্য কেলিফৰ্ণিয়াতো চুনামী ঢৌৰ প্ৰভাৱ দেখা গৈছে।
কেলিফৰ্ণিয়াৰ মুঠ জনসংখ্যা ৩.৯ কোটি। একেদৰে ৱাশ্বিংটন, অৰেগন, টেক্সাছ, নিউ মেক্সিকো, এৰিজোনা আৰু লুইজিয়ানাতো চুনামীৰ ঢৌৰ ফলত সৃষ্টি হোৱা বিধ্বংসী পৰিস্থিতিৰ প্ৰতি আতংকিত হৈ পৰিছে জনতা।
জাপানৰ উপকূলীয় অঞ্চলত ছুনামীৰ ঢৌৱে আঘাত হানিছে। প্ৰশান্ত মহাসাগৰত ঢৌৰ উচ্চতা বৃদ্ধি পাইছে যাৰ বাবে জাপানৰ উপকূলীয় অঞ্চলসমূহ খালী কৰা হৈছে। ২০ লাখ লোককো নিৰাপদ স্থানলৈ স্থানান্তৰ কৰা হৈছে। জাপানৰ বতৰ বিজ্ঞান বিভাগে পূব উপকূলৰ দিশে ছুনামীৰ সতৰ্কবাণী জাৰি কৰিছে। হোকাইডোৰ পৰা কিয়’ছুলৈ সতৰ্কবাণী জাৰি কৰা হৈছে। মানুহক উপকূলীয় অঞ্চল খালী কৰি আঁতৰি থাকিবলৈ কোৱা হৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















